ETV Bharat / state

কোনে নাপাব অসম চৰকাৰৰ অভিলাষী অৰুণোদয় আঁচনিৰ ধন : যোগ্যতাৰ চৰ্তসমূহ কি কি

বহু চৰকাৰী চাকৰিয়ালৰ পত্নী বা নিকটাত্মীয়ই অৰুণোদয়ৰ সুবিধা লৈ থকাত কঠোৰ হৈছে বিত্ত বিভাগ ।

ORUNODOI SCHEME
অৰুণোদয় আঁচনি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 21, 2024 at 5:46 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্যৰ লাখ লাখ লোকৰ বাবে অসম চৰকাৰৰ এখন অতি গুৰুত্বপূৰ্ণ আৰু অভিলাষী আঁচনি হৈছে 'অৰুণোদয় আঁচনি'। এই আঁচনিখনৰ যোগেদি ৰাজ্যৰ লাখ লাখ লোকে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰি আহিছে । চৰকাৰে এই আঁচনিখনৰ পৰিসৰ আৰু বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । কিন্তু এই লক্ষ্যৰ বিপৰীতে এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব বহুলোক । বহুলোকে এতিয়াৰে পৰা আৱেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে । ৰাজ্য চৰকাৰৰ নতুন গাইড লাইনৰ বাবে বহুলোকে নাপাব অৰুণোদয়ৰ ধন । প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিবলৈ গাঁৱৰ লগতে নগৰৰ মহিলাসকলেও গাঁওসভাত শাৰী পাতি ফটো উঠিছে যদিও বিত্ত বিভাগৰ নিৰ্দেশনাই বহুতৰে আশা পূৰণ নকৰিব ।

অৰুণোদয়ৰ ধনৰ অংক :

লক্ষণীয় বিষয় যে বিধৱা, দুখীয়া, স্বামী গৃহত নথকা, বিচ্ছেদিত মহিলাই অৰুণোদয় আঁচনি লাভ কৰে । ৰেচন কাৰ্ডৰ লগত অৰুণোদয় লাভ কৰা মহিলাৰ নাম সংযোগকৰণ কৰি গাঁওসভাৰ জৰিয়তে হিতাধিকাৰীৰ যোগ্যতা পৰীক্ষণৰ কাম বর্তমানে চলি আছে । বিজেপি নেতৃত্বাধীন চৰকাৰৰ জনপ্ৰিয় এই আঁচনিখনৰ অধীনত সমাজৰ দুৰ্বল শ্ৰেণীৰ পৰিয়ালৰ মহিলাই ঔষধ ক্রয়ৰ বাবত ৪০০ টকাকৈ, মাহজাতীয় শস্য ক্রয় কৰিবলৈ ২০০ টকাকৈ, চেনি কিনিবলৈ ৮০ টকাকৈ, ফল-মূলৰ বাবে ১৫০ টকাকৈ, আন অত্যাৱশ্যকীয় সামগ্রী ক্রয় কৰিবলৈ ২৫০ টকাকৈ মুঠ ১২৫০ টকা প্ৰতিমাহে ১০ তাৰিখে লাভ কৰি আহিছে । কিন্তু বহু চৰকাৰী চাকৰিয়ালৰ পত্নী বা নিকটাত্মীয়ই অৰুণোদয়ৰ সুবিধা লৈ থকাৰ তথ্য চৰকাৰে লাভ কৰাৰ পাছত বিত্ত বিভাগ কঠোৰ হৈছে ।

অৰুণোদয়ৰ নিয়মাৱলীকলৈ কঠোৰ বিত্ত বিভাগ :

অৰুণোদয়ৰ নিয়মাৱলী অনুসৰি বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক, কনিষ্ঠ মহাবিদ্যালয়, হাইস্কুল, উচ্চপ্রাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল, ঠিকাভিত্তিক বা অস্থায়ীকৈ কাম কৰি থকা শিক্ষক, কৰ্মচাৰীসকলে অৰুণোদয়ৰ সুবিধা নাপাব । আনহাতে, যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ বা ঠিকাভিত্তিক কৰ্মচাৰী, অংগনৱাড়ী কর্মী, মধ্যাহ্ন ভোজন কর্মী, আশাকর্মী, আশা তত্ত্বাৱধায়ক, গাঁওপ্রধানেও এই সুবিধা নাপাব । বিত্ত বিভাগে জাৰি কৰা জাননী অনুসৰি চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে উল্লিখিত শ্ৰেণীৰ অন্তৰ্গত বহু হিতাধিকাৰী বা তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে এতিয়াও এই আঁচনিৰ অধীনত সুবিধা গ্ৰহণ কৰি আছে, যিটো আঁচনিৰ নিৰ্দেশনাৰ ব্যাপক উলংঘন কৰা হৈছে । সেয়েহে বিত্ত বিভাগে যিকোনো চৰকাৰী কৰ্মচাৰী বা তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যই অৰুণোদয়ৰ সুবিধা লৈ আছে তেওঁলোকক অহা ২৪ ডিচেম্বৰৰ পূৰ্বে অৰুণোদয় আঁচনি বাধ্যতামূলকভাৱে এৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । অন্যথা তেওঁলোকৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিত্ত বিভাগে নির্দেশটোত উল্লেখ কৰিছে ।

অৰুণোদয় আঁচনিৰ বাবে যোগ্য কোন ?

১. বিধবা, অবিবাহিত, ৪৫ বছৰৰ উপৰৰ মহিলা, বিবাহ বিচ্ছেদিতা, নির্যাতিত মহিলা ।
২. তৃতীয় লিংগৰ ব্যক্তি ।
৩. দিব্যাংগ ।
৪. চৰকাৰী পঞ্জীয়নকৃত অনুষ্ঠান বা বৃদ্ধাশ্রমত থকা মহিলা ।
৫. মহিলা সদস্যৰ দ্বাৰা পৰিচালিত পৰিয়াল, য'ত উপাৰ্জনকাৰী সদস্যসকল হয় দিব্যাংগ বা বয়সস্থ
হয় (৬০ বছৰ উৰ্দ্ধৰ)।
৬. পৰিয়ালৰ মহিলা য'ত কোনো সদস্যই এইচ আই ভি, থেলাছেমিয়া, হেমোফেলিয়া, চেৰিব্ৰেল পালছী, কুষ্ঠ ৰোগী আৰু আৰ্টিজম পেঁকট্রাম ব্যাধিত ভোগা লোক অথবা খর্বকায় ব্যক্তি আছে ।
৭. আশ্রয়হীন তথা অভাৱগ্রস্ত মহিলা ।
৮. ভিক্ষা কৰি জীৱনযাপন কৰা মহিলা ।
৯. অন্তদয়া অন্ন যোজনাৰ হিতাধিকাৰী মহিলা ।
১০. পৰিয়ালৰ মহিলা, য'ত পৰিয়ালৰ মুঠ বার্ষিক আয় ২ লাখ টকাতকৈ কম ।

অৰুণোদয় আঁচনিৰ বাবে অযোগ্য :

১. সাংসদ, বিধায়ক, মুখ্য কার্যবাহী সদস্য, কার্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মূখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কার্যবাহী সদস্য ।
২. পঞ্চায়ত, পৌৰসভা, স্বায়ত্বশাসিত পৰিষদ (ষষ্ট অনুসুচীৰ অন্তৰ্গত)।
৩. চিকিৎসক, অভিযন্তা, অর্কিটেক, চাটার্ড একাউন্টেন্ট, বেংকৰ বিষয়া, অধিবক্তা ।
৪. বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চ মাধ্যমিক, কনিষ্ট মহাবিদ্যালয়, উচ্চ বিদ্যালয়, উচ্চ-প্রাথমিক, নিম্ন-প্রাথমিকৰ ঠিকাভিত্তিক বা নিয়মীয়া শিক্ষক ।
৫. যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ বা ঠিকাভিত্তিক কৰ্মচাৰী (অংগনবাড়ী, মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী, আশা-কৰ্মী, আশা-তত্বাৱধায়ক, গাঁও প্ৰধান)।
৬. চৰকাৰী ঠিকাদাৰ আৰু যোগানকাৰী, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, বাণিজ্য অনুজ্ঞাপত্ৰধাৰী যিসকলে আয়ক দিয়ে ।
৭. ব্যৱসায়ী, উদ্যোগী আৰু দোকানী যিসকলে আয়কৰ দিয়ে ।
৮. সৰু আৰু প্ৰান্তীয় শ্ৰেণীৰ বাহিৰেও অন্য মাটিধাৰী ।
৯. মটৰচালিত চাৰিচকীয়া বাহনৰ মালিক ।
১০. ৰাজ্য চৰকাৰৰ অন্য আঁচনিৰ অধীনত সম-সংখ্যক নগদ সুবিধা প্রাপ্ত হিতাধিকাৰী ।
১১. 'অসম খাদ্য সুৰক্ষা নিয়ম', 'ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ২০১৩'ৰ গোট তথা সংমিশ্রিত পৰিয়াল, আয়ৰ সীমা যদি পৰিয়ালটোয়ে অতিক্ৰম কৰে ।

লগতে পঢ়ক:লক্ষ্য় নির্বাচন: আৰম্ভ হৈছে অৰুণোদয় হিতাধিকাৰীৰ ৰাজনীতি - ORUNODOI SCHEME

চৰকাৰৰ নাৰীকেন্দ্ৰিক আঁচনিৰ চমকৰ ৰহস্য: ৬৯ টা সমষ্টিতে মহিলা ভোটাৰৰ সংখ্যা বেছি - GOVERNMENT SCHEMES IN ASSAM