ETV Bharat / state

'২৬ৰ নিৰ্বাচন বাজপেয়ী ভৱনৰ পৰা কোনে চলাব ? নাম ওলাইছে কেবাজনৰো

কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ! উজনিৰ নে নামনিৰ ?

state bjp president
কোন হ'ব বিজেপিৰ ৰাজ্যিক সভাপতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 4, 2024 at 5:54 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ! বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত এতিয়া তাকে লৈ চৰ্চা । ইংৰাজী নৱবৰ্ষত সলনি হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি । ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানুৱাৰী মাহৰ প্ৰথম ভাগতে ৰাজ্যিক বিজেপিৰ নতুন সভাপতি তথা কমিটী গঠন হ'ব বুলি ঘোষণা কৰি থৈছে । মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই এতিয়া আৰম্ভ হৈছে নানা জল্পনা-কল্পনা । কোন হ'ব পৰৱৰ্তী সভাপতি ! ২০২৬ চনত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ নিৰ্বাচন আৰু ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । লগতে অনুষ্ঠিত হ'ব কেইবাখনো স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন । তাৰ পূৰ্বে জানুৱাৰীত কোনে ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰিব তাকে লৈ বাজপেয়ী ভৱনত চলিছে সৰৱ চৰ্চা ।

চৰ্চাত আছে কেইবাজনো:

state bjp president
চৰ্চিত দিলীপ শইকীয়া, ৰামেশ্বৰ তেলী, পল্লৱলোচন দাস (ETV Bharat Assam)

ৰাজ্যিক বিজেপিৰ নতুন সভাপতি কোন হ'ব তাক লৈ চৰ্চা চলি থকাৰ লগতে কেইবাগৰাকীৰ নাম চৰ্চালৈ আহিছে । ইয়াৰ ভিতৰত সাংসদ দিলীপ শ‍ইকীয়া, ৰাজ্যিক বিজেপিৰ বৰ্তমানৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস, ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাস, মন্ত্ৰী যোগেন মহন, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকে ধৰি কেইবাজনৰো নাম চৰ্চিত হৈছে । আনহাতে বৰ্তমানৰ সভাপতি ভৱেশ কলিতাই সভাপতিৰ দায়িত্ব এৰি মন্ত্ৰী হোৱাৰ বাবে মন মেলিছে । বাজপেয়ী ভৱনত চলি থকা চৰ্চা অনুসৰি বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গেৰুৱা দলটোৰ শীৰ্ষ নেতৃত্বই উজনি অসমৰ এজন নেতাক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে । কিয়নো বিজেপিৰ ভোটবেংক হিচাপে বিবেচিত উজনি অসমৰ বহুকেইটা বিধানসভা সমষ্টিত বিজেপিয়ে লোকসভাৰ নিৰ্বাচনত কম ভোট লাভ কৰিছিল । যোৰহাট লোকসভা সমষ্টিতে বিজেপি বেয়াকৈ পৰাজিত হৈছিল । সেয়েহে ভোটবেংক সুৰক্ষাৰ স্বাৰ্থত দলটোৱে উজনিৰ কোনো এজন নেতাক সভাপতিৰ দায়িত্ব দিব পাৰে বুলি চৰ্চিত হৈছে ।

হ'ব পাৰে চাহ জনগোষ্ঠীৰ নেতা:

state bjp president
জয়ন্ত দাস, যোগেন মহন, ৰণজিৎ দাসৰ নামো চৰ্চাত (ETV Bharat Assam)

ইফালে বিজেপিৰ মূল ভোটাৰ হিচাপে চিহ্নিত চাহ জনগোষ্ঠীৰ ভোটবেংক সুৰক্ষিত কৰাৰ কথাও চিন্তা কৰিছে গেৰুৱা দলটোৰ শীৰ্ষ নেতৃত্বই । যাৰ বাবে চাহ জনগোষ্ঠীৰ কোনো এজন নেতাৰো ভাল দিন আহিব পাৰে । এইক্ষেত্ৰত প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ নামটো বিশেষভাৱে চৰ্চালৈ আহিছে ।

চৰ্চাত আছে উজনিৰ নেতা:

আনহাতে যুৱ মৰ্চাৰ সভাপতি হিচাপে আৰু তাৰ পাছত ৰাজ্যিক বিজেপিৰ বিভিন্ন পদত সফলতাৰে দায়িত্ব পালন কৰা সাংসদ দিলীপ শ‍ইকীয়াইও সভাপতি হোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে । ইতিমধ্যে শ‍ইকীয়াই দিল্লীত দলৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰাৰ কথাও জানিব পৰা গৈছে । আনহাতে শেহতীয়াকৈ উজনি অসমৰ প্ৰধান জনগোষ্ঠী হিচাপে বিবেচিত আহোমসকলৰ বহুকেইটা দল-সংগঠনে বিজেপিবিৰোধী স্থিতি গ্ৰহণ কৰা বিষয়টো গুৰুত্ব সহকাৰে লৈছে দলৰ শীৰ্ষ নেতৃত্বই । যাৰ বাবে ভোটৰ অংকত এজন আহোম জনগোষ্ঠীৰ নেতাকো সভাপতিৰ দায়িত্ব অপৰ্ণ কৰাৰ সম্ভাৱনা আছে ।

জানুৱাৰীত সলনি হ'ব সভাপতি:

লক্ষণীয় বিষয় যে সম্প্ৰতি ৰাজ্যজুৰি বিজেপিৰ নতুন কমিটীসমূহ গঠনৰ প্ৰক্ৰিয়া পর্যায়ক্ৰমে আগবাঢ়িছে । প্ৰথম অৱস্থাত গেৰুৱা দলটোৱে ৬৩ লাখতকৈ অধিক প্ৰাথমিক সদস্য অন্তর্ভুক্ত কৰিলে । আনহাতে ২০ হাজাৰ বুথ নতুনকৈ গঠন কৰাৰ পাছত ৫ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ মণ্ডল, জিলা সমিতিসমূহ নতুনকৈ গঠন কৰিব বিজেপিয়ে । ইয়াৰ পাছতে জানুৱাৰী মাহত ৰাজ্যিক সভাপতি নিৰ্বাচন কৰা হ'ব । এনে পৰিস্থিতিত কাৰ নেতৃত্বত অনাগত পঞ্চায়ত আৰু বিধানসভাৰ নিৰ্বাচনত বিজেপি অৱতীৰ্ণ হ'ব তাক লৈ দলটোৰ ভিতৰচ'ৰাত ব্যাপক চৰ্চা আৰম্ভ হৈছে ।

লদতে পঢ়ক: জানুৱাৰীত বিজেপিৰ নতুন ৰাজ্যিক সভাপতি নিৰ্বাচিত হ'ব : মুখ্যমন্ত্ৰী