ETV Bharat / state

আঘাতপ্ৰাপ্ত বন্য জন্তুৰ কান্দোন; কেনেকৈ কৰা হয় ইহঁতৰ চিকিৎসা ?

কাজিৰঙাত উদ্ধাৰ হোৱা গঁড় নাইবা অন্য জীৱ-জন্তুবোৰৰ কিছু নজনা কথা আজি জানো আহক...

Who treat injured or diseased animals in Kaziranga
বন্য জন্তু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 11, 2025 at 1:26 PM IST

4 Min Read
Choose ETV Bharat

কাজিৰঙা : বিভিন্ন সময়ত গঁড়, হাতী, ভালুক নাইবা আন জীৱ-জন্তুৰ পোৱালি উদ্ধাৰ হোৱাৰ বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱা দেখা যায় ৷ কেৱল এই বন্য জীৱ-জন্তুবোৰৰ পোৱালিয়েই নহয়, আঘাতপ্ৰাপ্ত কিম্বা অন্য কাৰণবশত বহু প্ৰাপ্তবয়স্ক জীৱ-জন্তু উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰা দেখা যায় ৷

কেতিয়াবা নিশ্চয় আপোনাৰ মনত প্ৰশ্ন উদয় হয়, কাজিৰঙাত উদ্ধাৰ হোৱা গঁড়বোৰ ক’লৈ নিয়া হয় ? বহুতে নাজানে যে কাজিৰঙাৰ গঁড়েই হওক অথবা আন জন্তুৱেই হওক যদি আহত হয় সেয়া ক’ত মুকলি কৰা হয় ? আনহাতে এই বন্যপ্ৰাণীসমূহৰ চিকিৎসা ক’ত কৰা হয়, চিকিৎসা ব্যয় কোনে বহন কৰে এই সন্দৰ্ভত পশু চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰীয়ে কি কয় শুনো আহক...

কেনেকৈ কৰা হয় আঘাতপ্ৰাপ্ত বন্য জন্তুৰ চিকিৎসা ? (ETV Bharat Assam)

‘‘Center for Wildlife Rehabilitation and Conservation ইংৰাজীত আৰু অসমীয়াত বন্যপ্ৰাণীৰ পুনৰ সংস্থাপন কেন্দ্ৰ হিচাপে খ্যাত আমাৰ এয়া ২৫ সংখ্যক বছৰ ৷ ২০০০ চনৰ পৰা এখন মোবাইল এম্বুলেঞ্চৰ (mobile ambulance) সহায়ত আমি বানপানী বা আন দুৰ্যোগৰ সময়ত উদ্ধাৰ হোৱা জীৱ-জন্তুক চিকিৎসাৰ বাবে এয়া আৰম্ভ কৰিছিলো ৷’’ পশু চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰীয়ে কয় ৷

‘‘তাৰ পাছত ২০০১ চনৰ পৰা আমি চেন্টাৰটো নিৰ্মাণৰ কাম আৰম্ভ কৰিলো । ২০০২ চনত তাক অনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ যোৱা ২৪ টা বছৰ আমি প্ৰায় ৯৫০০ জন্তু ইয়াত চিকিৎসা কৰি তাৰে ভিতৰত ৫৭০০ পুনৰ বনত মুকলি কৰি দিছো ।’’ পশু চিকিৎসকগৰাকীয়ে কয় ৷

তেওঁ কয়, ‘‘এই চেন্টাৰটোৰ উদ্দেশ্য বিভিন্ন কাৰণত সেয়া মানৱসৃষ্টই হওক বা প্ৰাকৃতিক কাৰণতেই হওক আঘাতপ্ৰাপ্ত জন্তুক আমাৰ ইয়াত আনি আমি চিকিৎসা কৰো ৷ বৰ্তমান আমাৰ ইয়াত ১১ টা হাতীৰ পোৱালি আছে ৷ হাতীৰ পোৱালিৰ গোটেই কেইটা মাউৰা, মাক লগত নাই ৷ তাৰে ভিতৰত চাৰিটা হাতী ডাঙৰ প্ৰায় ৪ বছৰ হৈছে, বাকী কেইটাৰ বয়স প্ৰায় ডেৰ-দুবছৰ ৷’’

লগতে পঢ়ক : কেনেকৈ কেমেৰাত বন্দী কৰিছিল বাঘৰ অন্তৰংগ দৃশ্য ?

লগতে পঢ়ক : কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাৰ চিকাৰ

‘‘আমাৰ ইয়াত গঁড় আছে ৷ ৩ টা গঁড়ৰ ভিতৰত ডাঙৰ দুটা প্ৰায় ৪ বছৰ, বনত মুকলি কৰিব পৰা হৈছেগৈ ৷ সৰু গঁড়টো যোৱা বছৰ বানপানীত উদ্ধাৰ হৈছিল, তাৰ বয়স ডেৰ বছৰ মান হৈছে ৷ কেইদিনমানৰ আগতে এটা হ’গ হৰিণ (hog deer), সৰু বান্দৰৰ পোৱালি আৰু আজি এটা ব্লেক ক্ৰাউন নাইট হেৰণ (black crowned night heron) অনা হৈছে ।’’ তেওঁ কয় ৷

পশু চিকিৎসকগৰাকীয়ে লগতে কয়, ‘‘আমাৰ ইয়াত সাধাৰণতে দুই প্ৰকাৰ জন্তু আহে - এটা হ’ল প্ৰাপ্তবয়স্ক জন্তু আৰু আনটো হ’ল একেবাৰে মাউৰা সৰু পোৱালি ৷ যেনে আমাৰ ইয়াত এটা ভালুকৰ পোৱালি যোৱা ডিচেম্বৰৰ ২৬ তাৰিখে যোৰহাটৰ দিচৈ সংৰক্ষিত বনাঞ্চলৰ (Desoi Reserve Forest) পৰা অনা হৈছিল । মাউৰা জন্তু বিলাকক তুলি তালি যেতিয়ালকে তেওঁলোক প্ৰায় প্ৰাপ্তবয়স্ক নহয় তেতিয়ালৈকে ইয়াত ৰখা হয় ৷ আনহাতে যিবিলাক জন্তু সাধাৰণ কাৰণত ইয়ালৈ অনা হয় সেইবিলাকক আমি এক সপ্তাহৰ ভিতৰত বা তাৰ আগতেও আমি মুকলি কৰি দিওঁ ৷’’

ডাঃ ভাস্কৰ চৌধুৰীয়ে কয়, ‘‘যিবিলাক জন্তু খুব কম সময়ৰ বাবে মানুহৰ সংস্পৰ্শত থাকিলেও একো অঘটন নহয় । কিন্তু যিবিলাক মাউৰা জন্তু আছে সেইবিলাক আমাৰ ইয়াত ৩বছৰলৈকে থাকে, মানুহে লালন পালন কৰে তেনে জন্তুৰ মনত মানুহৰ প্ৰতি এটা ভয় কম হোৱা দেখা যায় ৷’’

ডাঃ চৌধুৰীয়ে আৰু কয়, ‘‘আমাৰ চেন্টাৰটো কোনো দৰ্শনাৰ্থীৰ বাবে মুকলি নহয় ৷ অৰ্থাৎ যিমান পাৰো মানুহৰ কম সংস্পৰ্শত জন্তুবোৰক ডাঙৰ কৰিবলৈ চেষ্টা কৰো, যাতে পুনৰ যেতিয়া মুকলি কৰা হয় তেতিয়া সেই জন্তুটোৰ মনত পূৰ্বৰ দৰে মানুহৰ প্ৰতি ভয় ভাব থাকে ।’’

লগতে পঢ়ক : বিল খনন কৰি নতুন মাত্ৰা প্ৰদানৰ প্ৰয়াস কাজিৰঙা পৰ্যটনক

লগতে পঢ়ক : পাঁচ মাহতে কাজিৰঙা দৰ্শন আঢ়ৈ লাখৰো অধিক পৰ্যটকৰ