মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই... ! কথাৰেও-কামেৰেও জুবিন জুবিনেই
জুবিন গাৰ্গৰ মুখাগ্নি কৰা কোন এই যুৱক ? যাক লৈ মুখ্যমন্ত্রীয়েও ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া ।

Published : September 23, 2025 at 8:44 PM IST
গুৱাহাটী: "মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা..." ৰীল লাইফৰ দৰে বাস্তৱ জীৱনতো যেন মুক্ত আছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ । বহুতৰে দৰে মুখাৰ আঁৰত আন এখন মুখ লুকুৱাই ৰখা নাছিল প্ৰাণৰ শিল্পীগৰাকীয়ে । ইয়াৰ প্ৰমাণ তেওঁ দি থৈ গ'ল অন্তিম শয়নতো । দেখিলে বিশ্ববাসীয়ে ।
পঞ্চভূতত বিলীন হৈ গ'ল অসমবাসীৰ অতিকৈ আদৰৰ-মৰমৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ । আজি সকলোকে কন্দুৱাই গুচি গ'ল অজানা দেশলৈ । সোণাপুৰৰ কমাৰকুছি গাঁৱৰ হাতীমূৰা টিলাত অন্তিম আশ্ৰয় ল'লে শিল্পীগৰাকীয়ে ।

অগণিত লোকৰ অশ্ৰু শ্ৰদ্ধাঞ্জলিৰ মাজেৰে অগ্নিদেৱতাৰ কোলাত শুই গুচি গ'ল জোনবাইৰ দেশলৈ । শিল্পীগৰাকীক মুখাগ্নি কৰে ভগ্নী পামী বৰঠাকুৰৰ লগতে আন তিনিজনে । তেওঁলোক হৈছে জুবিন গাৰ্গৰ অতিকৈ মৰমৰ ৰাহুল গৌতম শৰ্মা, অৰুণ গাৰ্গ আৰু ৰিতু প্ৰয়াগ গাৰ্গ ।

মুখাগ্নি কৰাসকলৰ ভিতৰত বিশেষভাৱে চৰ্চালৈ আহিছে এটা নাম । সেই নামটো হৈছে অৰুণ গাৰ্গ । কোন এই অৰুণ গাৰ্গ । জুবিন গাৰ্গৰ ঘৰত সুদীৰ্ঘ দিন ধৰি থকা অৰুণ গাৰ্গৰ আচল নাম হৈছে অৰুণ চাচনী । শিৱসাগৰৰ দৌলবাগানৰ এজন আদিবাসী চাহ জনগোষ্ঠীৰ ল'ৰা অৰুণ চাচনী । আগতে এখন বাছত কাম কৰিছিল আৰু তাৰ পাছত গুৱাহাটীলৈ আহি জুবিন গাৰ্গৰ পৰিয়ালত এজন কৰ্মচাৰী হিচাপে নিয়োজিত হৈছিল যদিও জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য হৈ পৰে ।

অৰুণ চাচনীয়ে জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গৰ লগত কাহিলীপাৰাৰ ঘৰখনতে আছিল । জুবিন গাৰ্গৰ মৰমৰ আছিল অৰুণ চাচনী । জুবিন গাৰ্গেই অৰুণ চাচনীৰ উপাধি সলনি কৰি 'গাৰ্গ' কৰিছিল । যাৰ ফলত অৰুণ চাচনী হৈ পৰিল অৰুণ গাৰ্গ । বিগত দুদিন ধৰি সৰুসজাইত জুবিন গাৰ্গক ৰখা গ্লাচৰ ক'ফিন দিনে ৰাতিয়ে মচি থকা যুৱকজনেই আছিল অৰুণ গাৰ্গ ।

আজি সেই অৰুণ গাৰ্গে আপোনৰো আপোন মানুহজনৰ মুখাগ্নি কৰে । জুবিন গাৰ্গ যে সাগৰৰ দৰে বিশাল মনৰ গৰাকী আছিল সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । তেওঁৰ কাম আৰু চিন্তা-চেতনাই সেই কথা প্ৰতিপন্ন কৰে । মুখাগ্নিৰ পাছতে চৰ্চালৈ অহা অৰুণ গাৰ্গক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কয়,"জুবিন গাৰ্গ কি আছিল, সেয়া প্ৰত্যেকেই অনুধাৱন কৰিব পাৰিছে ৷ জুবিন আছিল প্ৰকৃত শিল্পী, যিয়ে মাটি আৰু মানুহৰ কথা কৈছিল ৷ খাঁটি খোৱা, দুখীয়া-নিছলা সকলোৰে কথা চিন্তা কৰিছিল ৷ জানিব পাৰিলোঁ, আজি জুবিন গাৰ্গৰ মুখাগ্নি কৰাসকলৰ ভিতৰত আছিল এজন যুৱক ৷ সেই ল'ৰাটিক জুবিনে দান কৰিছিল এটি নতুন জীৱন, দান কৰিছিল জুবিনৰ উপাধিটোও ৷ আদিবাসী চাহ জনগোষ্ঠীৰ ল'ৰাটোৰ নাম আছিল অৰুণ চাচনী ৷ এতিয়া তেওঁৰ নাম অৰুণ গাৰ্গ ।"

তেওঁ লগতে লিখে, "এদিন জুবিনে ল'ৰাটিক লৈ আহিছিল গুৱাহাটীলৈ ৷ জুবিনৰ পৰিয়ালৰ এজন সদস্য হৈ পৰিছিল ৷ কাহিলিপাৰাত একেলগে ৰাখিছিল জুবিন পৰিয়ালে ৷ জুবিনে অৰুণক কিমান মৰম কৰিছিল সেই 'গাৰ্গ' উপাধিটো উপহাৰ হিচাপে প্ৰদান কৰোঁতেই পৰিস্ফুট হৈছিল ৷ তেওঁ জুবিনৰ এক হিয়াৰ টুকুৰা । আজি ল'ৰাজনে মুখাগ্নি কৰোঁতে তেওঁৰ ফালে চাই ৰৈছিলোঁ এপলক । এনেধৰণৰ কৰ্মৰ বাবেও বন্দিত হৈ থাকিব জুবিন, আমাৰ মৰমৰ জুবিন ।" সঁচাকৈয়ে জুবিন গাৰ্গ কায়িকভাৱে নাথাকিলেও প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত সদায়ে জীয়াই থাকিব ।

