গুৱাহাটী : এজন অভিযুক্তক কেতিয়া হেণ্ডকাফ লগাব পাৰে আৰক্ষীয়ে ? মন গ’লেই আৰক্ষীয়ে অভিযুক্তৰ হাতত হাতকেৰেয়া লগাই ঘূৰাই লৈ ফুৰিব পাৰেনে ? যিটো আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে কৰিলে ।
শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই ঘূৰাই ফুৰালে আৰক্ষীয়ে ৷ তেওঁক হেণ্ডকাফ লগোৱাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিন্তু আইনে কি কয় ? আৰক্ষীয়ে কেতিয়া হেণ্ডকাফ ব্যৱহাৰ কৰিব পাৰে ?
বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো শংকৰজ্যোতিক হেণ্ডকাফ লগোৱা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈছে । এই ঘটনাত আৰক্ষীৰ সপক্ষে গৃহ মন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ মন্তব্য ৷ শংকৰজ্যোতিক হত্যাৰ গোচৰৰ অভিযুক্ত হিচাপে হেণ্ডকাফ লগোৱা হৈছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে ৷
মুখ্যমন্ত্ৰীৰ মন্তব্য, “তেখেতৰ বিৰুদ্ধে ৩০৭ ধাৰাত এটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিল । হত্যা কৰা বা হত্যাৰ প্ৰচেষ্টাৰ অভিযোগত অভিযুক্তৰ ক্ষেত্ৰত আৰক্ষীয়ে হেণ্ডকাফ লগোৱাটো আৰক্ষীৰ দায়িত্ব । তেখেত যিহেতু এগৰাকী ছাত্ৰ নেতা আছিল, তেখেত ক’তো পলাই চোৱাৰ সম্ভাৱনা নাই ৷ সেয়ে মই নিজে ডিব্ৰুগড়ৰ এছ পিক কৈছোঁ যে তেখেতক যাতে হেণ্ডকাফ নলগায় । কিন্তু এটেম্প টু মাৰ্ডাৰ কেছৰ আছামী হ’লে হেণ্ডকাফ লগালে তাত কোনো ভুল নহয় ।”
কেৱল শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত লগোৱাৰ দৰে প্ৰকৃততে আৰক্ষীয়ে হেণ্ডকাফ লগাব পাৰে নে ? কি কয় দিশৰ আইন ব্যৱস্থাই ? মুখ্যমন্ত্ৰীয়ে আৰক্ষীক কৰা সমৰ্থন কিমান যুক্তিসন্মত ?
এই প্ৰসংগত ৰাজ্যৰ এগৰাকী আগশাৰীৰ আইনজীৱী তথা মানৱাধিকাৰ কৰ্মী শান্তনু বৰঠাকুৰে কয়, "হেণ্ডকাফ লগোৱা বিষয়টোত বিভিন্ন সময়ত বিতৰ্ক হৈ আহিছে । অসমতো হৈছে । ধৰি লোৱা হয় যে এই হেণ্ডকাফ লগোৱাটো এজন অভিয়ুক্তৰ মৰ্যাদাৰ পৰিপন্থী ৷ সেয়ে সাধাৰণতে হাণ্ডকাফ লগোৱাটো উচ্চতম ন্যায়ালয়ে, আমাৰ উচ্চ ন্যায়ালয়েও ৰায় দিছে ৷"
তেওঁ কয়, "আমাৰ উচ্চ ন্যায়ালয়ৰো এটা বিখ্যাত কেছ আছে ৷ প্ৰয়াত অধিবক্তা নিলয় দত্তদেৱে তেখেতক হেণ্ডকাফ লগোৱা ক্ষেত্ৰত, য’ত কোৱা হৈছে যে এইটো অনুচ্ছেদ ২১ৰ উলংঘন । সেই কাৰণে হেণ্ডকাফ লগোৱাৰ ব্যৱস্থা আচলতে আমাৰ পুৰণা চি আৰ পি চিতো কোনো বিধান নাছিল ।”
উল্লেখযোগ্য যে ভাৰতীয় সংবিধানৰ ২১ অনুচ্ছেদত জীৱনৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতাৰ নিশ্চয়তা দিয়া হৈছে । ইয়াত কোৱা হৈছে যে "আইনৰ দ্বাৰা স্থাপন কৰা পদ্ধতিৰ বাহিৰে কোনো ব্যক্তিক নিজৰ জীৱন বা ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰা নহ'ব।"
অৰ্থাৎ ৰাষ্ট্ৰই কোনো ব্যক্তিৰ জীৱন বা স্বাধীনতা স্বেচ্ছাচাৰীভাৱে কাঢ়ি নিব নোৱাৰে, বৰঞ্চ কেৱল আইনগতভাৱে প্ৰতিষ্ঠিত পদ্ধতিৰেহে পাৰে ৷
আইনমতে কেতিয়া হেণ্ডকাফ লগাব পাৰে আৰক্ষীয়ে ?
এই প্ৰসংগত বিশিষ্ট আইনজীৱী শান্তনু বৰঠাকুৰে কয়, “কিন্তু সাধাৰণতে দেখা যায় যে যিবিলাক ভয়ংকৰ অপৰাধ কৰাৰ ক্ষেত্ৰত, যিবিলাকে সদায় বাৰে বাৰে অপৰাধ কৰি থাকে, যিবিলাকে পলাই যোৱাৰ ইতিহাস আছে— তেনেকুৱা লোকৰ ক্ষেত্ৰত হেণ্ডকাফ লগোৱাৰ কথা কোৱা হৈছিল । যদিহে তেনেকুৱা ধৰণৰ কথা নাথাকে তেন্তে এই হেণ্ডকাফ লগাই মানুহ এজনক লৈ যোৱা ব্যৱস্থাটো আমাৰ উচ্চ ন্যায়ালয়েও তীব্ৰ ভাষাৰে মানুহৰ মৰ্যাদাৰ পৰিপন্থী বুলি কৈছে ৷”
নতুন ভাৰতীয় ন্যায় সংহিতাত হেণ্ডকাফ লগোৱা প্ৰসংগত কি উল্লেখ আছে ? এই বিষয়েও আইনজীৱী শান্তনু বৰঠাকুৰে কয়, “এতিয়া ঘটনাটো হ’ল যে নতুন যিখন বি এন এছ আছে, তাত ছেকচন ৪৩ত এই কথাটো কোৱা আছে । আগতে চি আৰ পি চিত নাছিল ৷ এতিয়া বি এন এছৰ ছেকচন ৪৩ৰ ৩ত এইটো অনা হৈছে । ইয়াত কোৱা হৈছে যে কেনেকুৱা ধৰণৰ অপৰাধীৰ ক্ষেত্ৰত হেণ্ডকাফ লগাব পাৰিব ! সেইটো হ’ল— পুৰণা ইতিহাস থকা কোনোবা যদি অপৰাধী হয়, যদি কোনোবা অপৰাধী পলাই যোৱাৰ ইতিহাস আছে, সন্ত্ৰাসবাদী বা যি ড্ৰাগছৰ সৈতে জড়িত গোচৰত অভিযুক্ত হয়, এনেবোৰ ক্ষেত্ৰত বি এন এছে হেণ্ডকাফ লগোৱাৰ এটা বিধান দিছে । ইয়াৰ বাদে আন ক্ষেত্ৰত এয়া প্ৰযোজ্য হ’লে মই ভাবোঁ ই অভিযুক্ত নাগৰিকৰ বা মানুহৰ মৰ্যাদা তথা মৌলিক অধিকাৰ যিটো ২১ নং অনুচ্ছেদে দিছে তাৰ পৰিপন্থী হ’ব ।”
শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা ঘটনাটোৰ আঁৰত আৰক্ষীক উচ্চ ক্ষমতা প্ৰদানৰ প্ৰভাৱৰ কথাও উল্লেখ কৰে আইনজীৱীগৰাকীয়ে । বৰঠাকুৰৰ মন্তব্য, “আমি ভাবোঁ যে শেহতীয়াকৈ শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত যিটো ব্যৱহাৰ কৰা হ’ল সঠিক কথা হোৱা নাই । কাৰণ এইটো কোন ব্যক্তিৰ ক্ষেত্ৰত কৰিছে সেইটো ডাঙৰ কথা নহয় । তেওঁৰ বিৰুদ্ধে যিটো অভিযোগ আছিল, তেওঁৰ বিৰুদ্ধে যিটো পুৰণা ইতিহাস সেইটো এনেকুৱা নহয় যে তেওঁৰ বিৰুদ্ধে হেণ্ডকাফ লগাই লৈ যোৱাটো উচিত আছিল ৷ এইটো আৰক্ষীৰ ভুল হৈছে । এইটোত আৰক্ষীৰ হাইহেণ্ডনেছৰ প্ৰতিফলন ঘটিছে ।”
আৰক্ষীৰ এনেধৰণৰ ভুলবিলাকৰ মূল কাৰণ কি ? অধিবক্তাগৰাকীৰ মতে, “আৰক্ষীৰ দ্বাৰা যিবিলাক আতিশয্যা হয়, যিবিলাকক কোনো ধৰণৰ দায়বদ্ধ নকৰাকৈ বাচি যাবলৈ দিয়া হৈছে, তাৰ ফলতেই এনে ধৰণৰ ঘটনা সঘনে বৃদ্ধি পাবলৈ ধৰিছে । সেই কাৰণে দেখা যায় থানাত মানুহক আতিশয্যা চলোৱা ঘটনা ঘটিছে, এনকাউণ্টাৰ ঘটিছে । সামগ্ৰিকভাৱে আৰক্ষীৰ মাজত যিদৰে 'হাইহেণ্ডেডনেছ' বৃদ্ধি পাইছে তাৰ চৰিত্ৰ এই হেণ্ডকাফ লগোৱা ঘটনাৰ মাজত প্ৰকাশ পাইছে ৷”