ETV Bharat / state

কি পৰিস্থিতিত কলাগুৰুৱে ৰচনা কৰিছিল জীৱনৰ অন্তিমটো গীত ?

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ অন্তিম গীতটি ক'ত আৰু কেনেকৈ ৰচনা কৰিছিল ?

Kalaguru Bishnu Prasad Rabha
বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 19, 2025 at 9:19 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ অন্তিম গীতটিৰ বিষয়ে আপুনি বাৰু জানেনে ? গীতটি হয়তো বহুতৰে চিনাকি বা আপুনিও শুনিছে । কিন্তু গীতটিৰ ৰচনাৰ মুহূৰ্তৰ বিষয়ে বহুতে নাজানে । এই সন্দৰ্ভত গীতটিৰ ৰচনাৰ অন্তৰালৰ কথা বৰ্ণনা কৰিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাই ।

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ সাংস্কৃতিক জগতৰ ত্ৰিমূৰ্তিৰ ভিতৰত অন্যতম এজন । বিষ্ণুপ্ৰসাদ ৰাভা মানে কেইবাখনো দস্তাবেজৰ এখন বৃহৎ গ্ৰন্থ, যি পঢ়ি শেষ কৰিব নোৱাৰি । ৰাভাই জীৱনৰ অন্তিম শয়নলৈ গীত ৰচনা কৰি গৈছে । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ সকলো সময়তে বহুতো ঘাত-প্ৰতিঘাতৰ মাজেদি তেওঁৰ সাহিত্য, নাটক, খেল আৰু সংস্কৃতিৰ এক বৃহৎ সংখ্যক সৃষ্টি সমাজক দি গৈছে । জীৱনৰ শেষ সময়ত ৰচনা কৰা তেওঁৰ বিশেষ গীতটি হৈছে 'এয়ে মোৰ শেষ গান জীৱন নাটৰ শেষ ৰাগিনীৰ কল্যাণ খৰমান' । গীতটিৰ বিষয়ে কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই কয়, "গীতটি বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ মৃত্যুৰ দুদিন পূৰ্বে লিখিছিল আৰু তেওঁ হয়তো কোনোবা গায়কৰ বাবে অপেক্ষা কৰিছিল । মৃত্যুৰ পূৰ্বে গীতটি কমৰেড দধি মহন্তৰ হাতত তুলি দিছিল । দধি মহন্তই এই গীতটি গুৱাহাটী ক্লাৱৰ ওচৰত বিশিষ্ট শিল্পী খগেন মহন্তৰ হাতত দিছিল আৰু খগেন মহন্তই ১৯৬৯ চনৰ ২০ জুনত ৰেডিঅ'ত এই গীতটি পৰিৱেশন কৰিছিল ।"

বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ অন্তিম গীতটি সন্দৰ্ভত পুত্ৰৰ মন্তব্য (ETV Bharat)

উল্লেখ্য যে 'এয়ে মোৰ শেষ গান – এই গীতটি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অন্যতম গভীৰ আৰু হৃদয়স্পৰ্শী সৃষ্টিসমূহৰ ভিতৰত অন্যতম । গীতটিত জীৱনৰ অন্তিম মুহূর্ত, আত্মচিন্তা আৰু মানুহৰ কৰ্মৰ ওপৰত গভীৰ দৰ্শন ফুটাই তোলা হৈছে । গীতটি জীৱনৰ অন্তিম ক্ষণত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ তেওঁৰ চিকিৎসাধীন হৈ থকা কোঠাটোৰ ই এক বৃহৎ সৃষ্টি । এই গীতটিৰ জৰিয়তে কলাগুৰুয়ে যেন জীৱনৰ অন্তিম গীত গাইছে –জীৱনৰ সংকট, সমাজৰ মুখামুখি হোৱা বিভাজন আৰু এজন শিল্পীৰ দায়িত্ব– এইবোৰ গভীৰতাৰে প্ৰকাশ পায় ।

অন্তিম বিদায়ৰ অনুভূতি – গীতটি বিষাদ আৰু স্নিগ্ধতাৰে ভৰপূৰ । যেন এয়া এজন শিল্পীৰ শেষ আত্মঘোষণা । মানৱতাৰ আবেদন – গীতটিত সমাজত সদ্ভাৱ, সমতা আৰু ন্যায় প্রতিষ্ঠাৰ বাণী পোৱা যায় । শিল্পী হিচাপে দায়িত্ববোধ – কলা, সংগীত আৰু কবিতাৰ জৰিয়তে এগৰাকী শিল্পীয়ে কেনেদৰে সমাজক জাগ্ৰত কৰে, সেয়া ফুটাই তোলা হৈছে । উল্লেখ্য যে বিষ্ণুপ্ৰসাদ ৰাভাৰ এই গীতটিৰ জৰিয়তে নিজৰ বিপ্লবী মনোভাৱ, মানৱতাবাদ আৰু শিল্প সাহিত্যৰ প্ৰতি থকা গভীৰ দৃষ্টিভংগীক প্ৰকাশ কৰে ।

লগতে পঢ়ক :নিজ ৰাজ্যত সফলতাৰ পিছত বিদেশলৈ ওলাইছে ভাইমন দা - BHAIMON DA INTERNATIONAL RELEASE