অসমতো বৰ ভূমিকম্প আহিব নেকি ? কি কয় বিশিষ্ট ভূ-তত্ত্ববিদ অধ্যাপক ভগৱৎ প্ৰাণ দুৱৰাই
বৰভূইকঁপে কপাব নেকি অসম ? ম্যানমাৰত ধ্বংসলীলা, শংকিত অসমৰ ৰাইজ ।

Published : March 30, 2025 at 1:06 PM IST
|Updated : March 30, 2025 at 1:14 PM IST
গুৱাহাটী: ৰিখটাৰ স্কেলত ৭.৭ প্ৰাবল্যৰ বৰ ভূমিকম্পই চুবুৰীয়া দেশ ম্যানমাৰ আৰু থাইলেণ্ডক জোকাৰি যোৱাৰ পিছত শংকিত হৈ পৰিছে অসমত জনগণ । কিয়নো অসমত যোৱা দুটা শতিকাত দুটা বৰ ভূমিকম্পৰ অভিজ্ঞতা আছে । ম্যানমাৰ আৰু থাইলেণ্ডৰ বৰ ভূমিকম্পৰ জোকাৰণি অসমতো অনুভূত হয় । ম্যানমাৰ আৰু থাইলেণ্ডৰ বৰ ভূমিকম্পৰ পিছত অসমৰ লোক শংকিত হৈ থকাৰ সময়তে এই শংকা নস্যাৎ কৰিছে বিশিষ্ট ভূ-তত্ত্ববিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ববিজ্ঞান বিভাগৰ অধ্যাপক ভগৱৎ প্ৰাণ দুৱৰাই ।
তেওঁ কয়, "পৃথিৱীৰ ওপৰ পৃষ্ঠত বহু কেইখন টেকটনিক প্লেট আছে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ তলত আহি তিনিখন টেকটনিক প্লেট সংযোগ হৈছে । এই তিনিখন টেকটনিক প্লেট হৈছে ভাৰতীয় প্লেট, ইউৰেছিয়া প্লেট আৰু বাৰ্মা প্লেট । তিনিখন প্লেট সংযোগ হোৱাৰ বাবেই অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভূমিকম্প হ'ব পৰা Zone-V বা Red Zone ত পৰে ।
দুৱৰাই লগতে কয়, "ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চল ভাৰতীয় প্লেটত আছে । আকৌ ম্যানমাৰ, থাইলেণ্ড আদি দেশ বাৰ্মা প্লেটত আছে । আনহাতে নেপাল, ভূটান, চীন আদি দেশ ইউৰেছিয়া প্লেটত আছে । ৭০ মিলিয়ন বছৰৰ আগতে আমাৰ ভাৰতবৰ্ষৰ তলত থকা ভাৰতীয় টেকটনিক প্লেটখন তলফালে আফ্ৰিকাৰ ওচৰত আছিল । দিনক দিনে এই প্লেটখন ওপৰলৈ আহি থকাৰ ফলত এদিন এই প্লেটখন আহি ইউৰেছিয়া প্লেটত খুন্দা মাৰে আৰু আমাৰ ভাৰতীয় প্লেটখন ইউৰেছিয়া প্লেটৰ তলত সোমাই গৈ থাকে । এতিয়াও সোমাই গৈ আছে এতিয়াও ভাৰতীয় প্লেটখন প্ৰতিবছৰে ৫ ছেন্টিমিটাৰ ইউৰেছিয়া প্লেটৰ তললৈ গতি কৰি আছে আৰু তাৰ ফলত হিমালয় পৰ্বতখন প্ৰতি বছৰে ১ ছেন্টিমিটাৰ ওখ হৈ গৈ আছে ।" অসমত শেহতীয়াকৈ কেইবাটাও ভূমিকম্পৰ জোকাৰণি হৈছে । এই জোকাৰণি অভিকেন্দ্ৰ ক'ত চাব লাগিব । ভূমিকম্পৰ অভিকেন্দ্ৰ পৃথক পৃথক হ'লে এনেধৰণৰ বহুত ভূমিকম্প আহিলেও ডাঙৰ ভূমিকম্পৰ আগজাননী নহয় ।"

তেওঁ কপিলী ফাটৰ বিষয়ে উল্লেখ কৰি কয়, "ভাৰতীয় প্লেটখন ইউৰেছিয়া প্লেটত সোমাই যোৱাৰ বাবে এই কপিলী ফাটৰ সৃষ্টি হৈছে । এই কঁপিলী ফাটে ভূটান, অৰুণাচল প্ৰদেশ লগতে অসমক স্পৰ্শ কৰি গৈছে । কপিলী ফাট কপিলী নদীৰ ওপৰত আছে । ইয়াত প্লেটৰ ঘৰ্ষণৰ শক্তি বহিঃপ্ৰকাশ হৈ আছে । এনে নেদেখা ফাট বহুত আছে । যিবোৰ মাটিৰ তলত বা পাহাৰ আৰু উপত্যকাৰ সংযোগস্থলীত আছে ।"
তেওঁ কয়,"অসমত ডিব্ৰুগড় আৰু ধেমাজি অঞ্চলত মাটিৰ তলত ফাট আছে । এই অঞ্চলত আজিলৈকে কোনো ভূমিকম্পৰ সৃষ্টি হোৱা নাই । অৰ্থাৎ প্লেটৰ ঘৰ্ষণৰ শক্তি বহিঃপ্ৰকাশ হোৱা নাই । গতিকে এই অঞ্চলত ভৱিষ্যতে প্লেটৰ ঘৰ্ষণৰ শক্তি বহিঃপ্ৰকাশ হোৱাৰ সম্ভাৱনা আছে । অৰ্থাৎ ডাঙৰ ভূমিকম্প অহাৰ সম্ভাৱনা আছে ।" উল্লেখ্য জানুৱাৰী আৰু মাৰ্চৰ প্ৰথম সপ্তাহলৈ ১৪ টাকৈ সৰুবৰ ভূমিকম্পই অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য জোকাৰি গৈছে ।
ভূতত্ববিজ্ঞান বিভাগৰ অধ্যাপকগৰাকীয়ে কয়,"এই ভূমিকম্পসমূহৰ অধিকাংশ অভিকেন্দ্ৰ আছিল চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা । ইয়াৰে মাত্ৰ এটা মেঘালয়ৰ দক্ষিণ-পশ্চিম খাছি পাহাৰ আৰু দুটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰ । আকৌ দুটা ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ, মৰিগাঁও আছিল । ইয়াৰ পৰা দেখা যায় ভূমিকম্পৰ অভিকেন্দ্ৰ পৃথক পৃথক । ভূমিকম্পৰ অভিকেন্দ্ৰ পৃথক পৃথক হ'লে এনেধৰণৰ বহুত ভূমিকম্প আহিলেও অসমত ডাঙৰ ভূমিকম্পৰ আগজাননী নহয় ।"
উল্লেখ্য ১৯৫০ চনত অসমত হোৱা বৃহৎ ভূমিকম্পৰ প্রাবল্য আছিল ৮.৫ । অভিকেন্দ্ৰ আছিল অৰুণাচল প্ৰদেশ-চীন সীমান্তত । সেইদৰে ১৮৯৭ চনত অহা বৰভূঁইকঁপৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ গাৰো পাহাৰ । অৰ্থাৎ প্ৰতি ৫০ বছৰৰ বিৰতিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বৃহৎ ভূমিকম্পই জোকাৰি গৈছে । সেই হিচাপত ১৯৫০ চনৰপৰা এতিয়ালৈকে ৭৪ বছৰৰ ‘ছিছমিক গেপ’ বা ভূমিকম্পৰ ফাক দেখা গৈছে । কিন্তু এয়া নহয় যে অসমত বৰভুঁইকপ একেবাৰে নাহিব বুলি একে আষাৰে দাবী কৰিব নোৱাৰি বুলি উল্লেখ কৰে দুৱৰাই ।

