ETV Bharat / state

গ্ৰীষ্মকালীন বন্ধৰ সময়ত কি কৰিব লাগিব ছাত্ৰ-ছাত্ৰীয়ে

গ্ৰীষ্মকালীন বন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে কি কৰিব লাগিব তাক লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা । এই গৃহকাৰ্যসমূহ স্কুল খোলাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত জমা দিব লাগিব ।

Summer Vacation Activities
গ্ৰীষ্মকালীন বন্ধৰ সময়ত কি কৰিব লাগিব ছাত্ৰ-ছাত্ৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 8:14 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : আজি পহিলা জুলাই । আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে এমহীয়া গ্ৰীষ্মকালীন বন্ধ । এই গ্ৰীষ্মকালীন বন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে কি কৰিব লাগিব তাক লৈ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে । কামৰূপ মহানগৰ জিলাৰ জিলা মিছন সমন্বয়ক দিপিকা চৌধুৰীয়ে কামৰূপ মহানগৰৰ চৰকাৰী, অপ্ৰাদেশিকৃত, বেচৰকাৰী সকলো বিদ্যালয়লৈ এই নিৰ্দেশনা জাৰি কৰিছে ।

প্ৰথমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত তলত দিয়া কাৰ্যসমূহ গৃহকাৰ্য হিচাপে প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে ।

Summer Vacation Activities
গ্ৰীষ্মকালীন বন্ধৰ সময়ত কি কৰিব লাগিব ছাত্ৰ-ছাত্ৰীয়ে (ETV Bharat Assam)

গ্ৰীষ্মৰ বন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে কৰিবলগীয়া কাৰ্যসূচী

  • প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে গৰমৰ বন্ধত পিতৃৰ পৰা আৰম্ভ কৰি চাৰি পুৰুষৰ বংশবৃক্ষ অংকন কৰিব লাগিব
  • প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে দৈনন্দিন জীৱনত সৎ আচৰণ আৰু শিষ্টাচাৰৰ বিষয়ে ১০-১৫ শাৰীৰ ভিতৰত লিখিব লাগিব

ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কি কৰিব লাগিব

  • ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ককাক-আইতাকৰ জীৱন পৰিক্ৰমা লিখিব লাগিব
  • পৰিয়ালৰ যিকোনো এজন সদস্যৰ সৈতে সাক্ষাৎকাৰ কৰা, প্ৰশ্নাৱলী প্রস্তুত কৰা আৰু তেওঁলোকৰ উত্তৰসমূহ এখন পাতত লিপিবদ্ধ কৰিব লাগিব
  • বিভিন্ন বাতৰিৰ কাকত আৰু আলোচনামূলক আলোচনাৰ পৰা দিন ভিত্তিক বাতৰি বুলেটিন প্ৰস্তুত কৰা আৰু তাৰ সৈতে ফটো আৰু বাতৰি কাটি সংলগ্ন কৰা
  • মাতৃ-পিতৃক গৃহকৰ্যত সহায় কৰাৰ বিষয়ে তালিকা প্ৰস্তুত কৰিব লাগিব আৰু তেওঁলোকৰ পৰা কি শিকিলে সেয়া ১৫০-২০০ শব্দৰ ভিতৰত লিখিব লাগিব
  • মাতৃ বা পৰিয়ালৰ আন সদস্যৰ পৰা ৰন্ধন প্ৰণালী আভাস লৈ নিজৰ এখন ব্যঞ্জন পুথি প্ৰস্তুত কৰিব লাগিব

উল্লেখ্য যে এই গৃহকাৰ্যসমূহ স্কুল খোলাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত জমা দিব লাগিব ।

লগতে পঢ়ক : বিভিন্ন আঁচনিয়েও কিয় ৰোধ কৰিব পৰা নাই ড্ৰ'প আউট: উদ্বিগ্ন অসম চৰকাৰে অধ্যয়নৰ বাবে গঠন কৰিলে টীম

বিদেশত গুঞ্জৰিত চিৰ চেনেহী ভাষা জননী; নগাঁও জিলা সাহিত্য সভাৰ প্ৰশংসনীয় পদক্ষেপ

ব্যক্তিগত খণ্ডৰ মানেই শ্ৰেষ্ঠ নেকি ! মেট্ৰিকত ১৪১ খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ শূন্য