ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ বঁটা নে অসম বৈভৱ বঁটা ? ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো ? - ASSAM JATIYA PARISHAD

গুৰুজনাৰ মৰ্যাদা লাঘৱ কৰাৰ ষড়যন্ত্ৰত নামিছে ৰাজ্যৰ বিজেপি চৰকাৰ ৷ অসম জাতীয় পৰিষদৰ গুৰুতৰ অভিযোগ ৷

ASSAM JATIYA PARISHAD
ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটাক লৈ বিভ্ৰান্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 2, 2025 at 5:48 PM IST

6 Min Read

গুৱাহাটী: "বৃহস্পতিবাৰে আগবঢ়োৱা হ'ব অসম বৈভৱ বঁটা । কি হ'ল অসম চৰকাৰৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ ? গুৰুজনাৰ মৰ্যাদা লাঘৱৰ চেষ্টা কৰি আহিছে বিজেপি চৰকাৰে ৷" এই গুৰুতৰ অভিযোগ তুলিছে অসম জাতীয় পৰিষদে ৷

অসম চৰকাৰৰ ‘অসম বৈভৱ’, ‘অসম সৌৰভ’ আৰু ‘অসম গৌৰৱ’ বঁটা প্ৰদানৰ পূৰ্বে এই অভিযোগ আঞ্চলিক দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ ৷

বৃহস্পতিবাৰে সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতালৈ ‘অসম বৈভৱ’ বঁটাৰ লগতে আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিক অসম চৰকাৰে অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰিব ৷

বঁটাপ্ৰাপকসকলক অসম জাতীয় পৰিষদে অভিনন্দন জনোৱাৰ সমান্তৰালকৈ উত্থাপন কৰিছে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন । দলটোৰ প্ৰশ্ন— “অসম চৰকাৰে ইতিপূৰ্বে ‘অসম বৈভৱ’ বঁটাক ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে ঘোষণা কৰিছে ৷ কিন্তু প্ৰকৃততে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা বা সন্মান কোনটো ?”

ASSAM JATIYA PARISHAD
শ্ৰীমন্ত শংকৰদেৱৰ ৰঙীন চিত্ৰ (ETV Bharat Assam)

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা বা সন্মান কোনটো ?

বুধবাৰে এক বিবৃতিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সম্পাদক জগদীশ ভূঞাই কয়, "১৯৮৬ চনত অসম চৰকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সন্মানাৰ্থে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰৱৰ্তন কৰিছিল ৷ তেতিয়াৰে পৰা দেশৰ বিভিন্ন প্ৰান্তৰ বৰেণ্য ব্যক্তিসকলক এই বঁটা প্ৰদান কৰি অহা হৈছে ৷ অসম চৰকৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ ৱেবছাইটতো ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মান হিচাপে এই বঁটাৰ নাম শীর্ষত তালিকাভূক্ত কৰা আছে ৷"

ASSAM JATIYA PARISHAD
অসম বৈভৱ বঁটা গ্ৰহণৰ সময়ত প্ৰয়াত ৰতন টাটা (ETV Bharat Assam)

শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ ঠাইত ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মান হিচাপে 'অসম বৈভৱ' বঁটা প্ৰৱৰ্তন

ৰাজ্য চৰকাৰে প্ৰদান কৰা এসময়ৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ ঠাইত ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মান হিচাপে 'অসম বৈভৱ' বঁটা প্ৰৱৰ্তন কৰাক লৈ প্ৰশ্ন উত্থাপন কৰি অসম জাতীয় পৰিষদে লগতে কয়, "প্ৰথমে বঁটাটো প্ৰতি বছৰে দিয়া হৈছিল ৷ ২০০৮ চনত তৰুণ গগৈ চৰকাৰে বঁটাটো এবছৰীয়াৰ ঠাইত তিনি বছৰীয়া কৰি পেলালে ৷ সেই অনুসৰি ২০২০ চনলৈ ৩ বছৰৰ মূৰে মূৰে হ’লেও বঁটাটি প্ৰদান কৰি থকা হৈছিল ৷ কিন্তু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ ঠাইত ৰাজ্যৰ সর্বোচ্চ অসামৰিক সন্মান হিচাপে 'অসম বৈভৱ' বঁটা প্ৰৱৰ্তন কৰে ৷"

ঘোষণা কৰিও সোণাল মানসিঙক নিদিলে শ্ৰীমন্ত শংকৰদেৱ বঁটা

বিবৃতিযোগে অসম জাতীয় পৰিষদে আৰু কয় যে, অসম চৰকাৰে ২০১৭ চনত স্বৰ্গীয় বশিষ্ঠ দেৱ শৰ্মা আৰু ২০২০ চনত ভৱপ্ৰসাদ চলিহাক এই সন্মান প্ৰদান কৰিছিল ৷ ২০২৩ চনত সোণাল মানসিঙৰ নাম উক্ত বঁটাৰ বাবে ঘোষণা কৰা হৈছিল যদিও বঁটাটো এতিয়ালৈকে তেওঁলৈ আগবঢ়োৱা হোৱা নাই ৷

গতিকে ৰাইজৰ মনত এতিয়া স্বাভাৱিক প্ৰশ্ন যে, ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো ? শ্ৰীমন্ত শংকৰদেৱ বঁটা নে অসম বৈভৱ বঁটা ? শ্ৰীমন্ত শংকৰদেৱ বঁটাটো সৰ্বোচ্চ অসমাৰিক সন্মান হিচাপে বৰ্তি থকাৰ পাছতো আন এটা সমমৰ্যাদাৰ বঁটা প্ৰৱৰ্তনৰ কাৰণ কি ?

১৯৮৬ চনত প্ৰৱৰ্তন পৰা হয় শ্ৰীমন্ত শংকৰদেৱ বঁটা ৷ এতিয়ালৈ কোন কোন পুৰোধালৈ আগবঢ়োৱা হৈছে এই সন্মানীয় বঁটা ?

১৯৮৬ কীৰ্তিনাথ হাজৰিকা
১৯৮৭ ভূপেন হাজৰিকা
১৯৮৮ সত্যজিত ৰায়
১৯৮৯ মহেশ্বৰ নেওগ
১৯৯০ কপিলা বাৎসায়ন
১৯৯১ সত্যেন্দ্ৰনাথ শৰ্মা
১৯৯২ ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ
১৯৯৩ সত্যপ্ৰসাদ বৰুৱা আৰু গাংগুৱাই হাংগল
১৯৯৪ মহেন্দ্ৰ বৰা
১৯৯৫ চৈয়দ আব্দুল মালিক
১৯৯৬ ভবেশ চন্দ্ৰ সান্যাল
১৯৯৭ কেলুচৰণ মহাপাত্ৰ
১৯৯৮ ভবেন্দ্ৰ নাথ শইকীয়া
১৯৯৯ আমজাদ আলী খান
২০০০ সোণাৰাম চুতীয়া
২০০১ আচাৰ্য ইলাৰাম দাস
২০০২ ইন্দিৰা মিৰি
২০০৩ হবিব তনবীৰ
২০০৪ নাৰায়ণ দেৱ গোস্বামী আৰু পাৰবীন চুলতানা
২০০৫ বি জি ভাৰ্গিজ
২০০৬ কেশৱানন্দ দেৱগোস্বামী
২০০৭ হোমেন বৰগোহাঞি
২০০৮ শৰ্মিলা ঠাকুৰ
২০১১ কনকসেন ডেকা
২০১৪ এম. এল. ভৰতপাণ্ডে
২০১৭ বশিষ্ঠ দেৱ শৰ্মা
২০২০ ভৱপ্ৰসাদ চলিহা
২০২৩ সোণাল মানসিং

শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন আৰু আদর্শত পৰিকল্পিত আক্ৰমণ এয়া

"এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ দৰ্শন, আদর্শ, পথ, জীৱনবোধৰ ওপৰত চলি থকা পৰিকল্পিত তথা কৌশলগত ষড়যন্ত্ৰ তথা আক্ৰমণ" বুলি মন্তব্য কৰিছে অসম জাতীয় পৰিষদে ।

সকলো জাতিৰে যেনেকৈ একো একোগৰাকীকৈ জনক বা প্ৰাণ প্ৰতিষ্ঠাতা সৰ্বজন স্বীকৃত হয়, তেনেকৈ অসমীয়া জাতিৰো প্ৰাণ প্ৰতিষ্ঠাতা হিচাপে শ্ৰীমন্ত শংকৰদেৱ সৰ্বজন স্বীকৃত বুলি মন্তব্য কৰি দলটোৰ সভাপতি-সম্পাদকে উল্লেখ কৰে, "বৰ পৰিতাপৰ কথা যে সেইগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদর্শক গৌণ কৰি, তাক পৰোক্ষভাৱে হত্যা কৰি, অসমীয়া জাতীয় চেতনাটোকে নিঃশেষ কৰি এক অতি পৰিকল্পিত ষড়যন্ত্ৰ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চলাই গৈ আছে – যিটো অসমৰ বহু সাধাৰণ মানুহে এতিয়াও ধৰিব পৰা নাই ৷"

ৰাজ্যত বিজেপি ক্ষমতালৈ অহাৰ পিছত আজিকালি শ্ৰীমন্ত শংকৰদেৱৰ দর্শন-আদর্শ বা বৈষ্ণব পন্থাক লৈ কিছুমান মানুহে প্ৰায়ে কিছুমান আপত্তিজনক বক্তব্য প্ৰদান কৰা বা তুচ্ছ-তাচ্ছিল্য কৰিবলৈ লৈছে ৷

আগতে অসমত এনে পৰিৱেশ দেখিবলৈ পোৱা নগৈছিল ৷ এই মন্তব্যৰে কিছু উদাহৰণো আগবঢ়ালে অসম জাতীয় পৰিষদে । উদাহৰণস্বৰূপে, ২০২২ চনৰ অক্টোবৰ মাহত মাজুলীৰ জনার্দন দেৱগোস্বামীয়ে মহাপুৰুষজনা ‘গুৰু নহয়, এগৰাকী খেলুৱৈহে আছিল’ বুলি মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰা, আৰ এছ এছৰ এগৰাকী নেতাই অসমলৈ আহি মহাপুৰুষজনাক 'বাবা চংকৰদেও' বুলি সম্বোধন কৰা প্ৰসংগও আঙুলিয়াই দিয়ে লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই ৷ এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মর্যাদা হানিৰ নিকৃষ্ট ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় বুলি মন্তব্য কৰে দলটোৰ শীৰ্ষ নেতা দুগৰাকীয়ে ।

লগতে পঢ়ক: মহিলা উদ্যমিতা আঁচনি: বিশ্বনাথত ২৩,৩৬৭ গৰাকী মহিলাক চেক বিতৰণ মুখ্যমন্ত্ৰীৰ - CM HIMANTA BISWA SARMA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.