গুৱাহাটী: অসমক দেশৰ অন্যতম শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত এখন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু ৰাজ্যখনৰ বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ ক্ষেত্রতে এতিয়াও বহু পিছ পৰি আছে । এক কথাত ক'বলৈ গ'লে বিদ্যুতৰ ক্ষেত্রত ৰাজ্যখন পৰনিৰ্ভৰশীল হৈ আছে ।
অসমত বর্তমান সময়ত পিক আৱাৰত বিদ্যুৎ চাহিদা হৈছে ২,৮০৯.২৭০ মেগাৱাট । সেইদৰে অফ পিক আৱাৰত বিদ্যুতৰ চাহিদা হৈছে ২,১১৬.৯৭ মেগাৱাট । কিন্তু ইয়াৰ বিপৰীতে অসমৰ নিজা বিদ্যুৎ উৎপাদন ক্ষমতা হৈছে মাত্র ৪১৯.৮৬ মেগাৱাট । এই তথ্য অসম চৰকাৰৰ ।

সদ্যসমাপ্ত বিধানসভাৰ বাজেট অধিৱেশনত এই তথ্য সদৰী কৰে শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে । বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শক্তিখণ্ডৰ প্ৰকৃত স্বৰূপটো দাঙি ধৰে ।

- ৰাজ্যখনত ক্ৰমবৰ্ধিত বিদ্যুতৰ চাহিদা:
ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পাইছে বিদ্যুতৰ চাহিদা । কিন্তু সেই অনুপাতে বৃদ্ধি পোৱা নাই বিদ্যুতৰ উৎপাদন । ২০১৬-১৭ চনত ৰাজ্যখনত পিক আৱাৰত বিদ্যুতৰ চাহিদা আছিল ১৬৩৩.৯০ মেগাৱাট আৰু অফ পিক আৱাৰত আছিল ১২১৬ মেগাৱাট ।

সেইদৰে বিদ্যুতৰ চাহিদা ২০১৭-১৮ চনত পিক আৱাৰত ১৮২৩.২ মেগাৱাট আৰু অফ পিক আৱাৰত ১২৫৫.২০০ মেগাৱাট, ২০১৮-১৯ চনত পিক আৱাৰত ১৮৯৪.৭০ মেগাৱাট আৰু অফ পিক আৱাৰত ১৩৮৮.১০০ মেগাৱাট, ২০১৯-২০ চনত পিক আৱাৰত ২০৮৫.৩৬০ মেগাৱাট আৰু অফ পিক আৱাৰত ১৪৫৮.৭৬০ মেগাৱাট, ২০২০-২১ চনত পিক আৱাৰত ২০৭৩.৪১০ মেগাৱাট আৰু অফ পিক আৱাৰত ১৪৮৩.৬৫ মেগাৱাট, ২০২১-২২ চনত পিক আৱাৰত ২১৬৪.৯৯০ মেগাৱাট আৰু অফ পিক আৱাৰত ১৫৬২.৬৯ মেগাৱাট, ২০২২-২৩ চনত পিক আৱাৰত ২৪২৬.১৬০ মেগাৱাট আৰু অফ পিক আৱাৰত ১৭৭৯.৭৭ মেগাৱাট আৰু ২০২৩-২৪ চনত পিক আৱাৰত ২৫৭৬.২২০ মেগাৱাট আৰু অফ পিক আৱাৰত ১৯৩৭.০৭ মেগাৱাট আছিল ।

আনহাতে ২০২৪-২৫ চনত বিদ্যুতৰ চাহিদা পিক আৱাৰত ২৮০৯.২৭০ মেগাৱাট আৰু অফ পিক আৱাৰত ২১১৬.৯৭ মেগাৱাটলৈ বৃদ্ধি পায় ।
- অসমৰ ছটা প্ৰকল্পৰ উৎপাদন ক্ষমতা:
সদনত দিয়া তথ্য অনুসৰি, নামৰূপ প্ৰতিষ্ঠাপন শক্তি প্রকল্পই দৈনিক ৯০-৯৮.৪ মেগাৱাট, লাকুৱা ৰিপ্লেচমেণ্ট পাৱাৰ প্ৰকল্পই ৬০-৬৭ মেগাৱাট, লাকুৱা থার্মেল পাৱাৰ ষ্টেচনে ৫০-৬০ মেগাৱাট, কাৰ্বি লাংপি জলবিদ্যুৎ প্রকল্পই ৫০-১০০ মেগাৱাট, নামৰূপ তাপবিদ্যুৎ কেন্দ্রই ১৫-২০ মেগাৱাট আৰু মাইনট্রিয়াং ক্ষুদ্র জলবিদ্যুৎ প্রকল্পই ৩-৭ মেগাৱাট বিদ্যুৎ উৎপাদন কৰে ।
ই ছটা প্ৰকল্পৰ যোগেদি ৰাজ্যখনে নিজাকৈ উৎপাদন কৰে প্ৰায় ৪২০ মেগাৱাট বিদ্যুৎ । যিটো চাহিদা অনুপাতে তেনেই নগণ্য ।
- অসমত নিৰ্মিয়মান বিদ্যুৎ প্ৰকল্প আৰু উৎপাদন ক্ষমতা:
অসমত নিৰ্মিয়মাণ অৱস্থাত তিনিটা বিদ্যুৎ প্ৰকল্প আছে । সেইকেইটা হৈছে ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ নিম্ন কপিলী জল বিদ্যুৎ প্ৰকল্প, পশ্চিম কাৰ্বি আংলং জিলাৰ কাৰ্বি লংপি মধ্য-২ জল বিদ্যুৎ প্ৰকল্প আৰু নামৰূপ সৌৰশক্তি প্ৰকল্প ৷ ইয়াৰে নিম্ন কপিলী জল বিদ্যুৎ প্ৰকল্পৰ উৎপাদন ক্ষমতা ১২০ মেগাৱাট, কাৰ্বি লংপি মধ্য-২ জল বিদ্যুৎ প্ৰকল্পৰ ক্ষমতা ২৪ মেগাৱাট আৰু নামৰূপ সৌৰশক্তি প্ৰকল্পৰ ক্ষমতা ২৫ মেগাৱাট ।

নির্মীয়মাণ নিম্ন কপিলী জলবিদ্যুৎ প্রকল্পৰ ৮৭.৮ শতাংশ (ডিচেম্বৰ ২০২৫), কাৰ্বি লাংপি মধ্য-২ জলবিদ্যুৎ প্রকল্পৰ ৫ শতাংশ (নৱেম্বৰ ২০২৭) আৰু নামৰূপ সৌৰ শক্তি প্ৰকল্পৰ ২ শতাংশ (ফেব্ৰুৱাৰী ২০২৬) কাম আগবাঢ়িছে ।
- শক্তিৰ চাহিদা পূৰণৰ চৰকাৰী আন প্ৰকল্পসমূহ:
ৰাজ্যখনত বিদ্যুৎ শক্তিৰ চাহিদা পূৰণ কৰাৰ বাবে অসম চৰকাৰৰ বহিঃসাহায্যপ্রাপ্ত প্ৰকল্পৰ অধীনত মুখ্যমন্ত্রী সৌৰশক্তি প্ৰকল্পৰ অধীনত ১০০০ এম ডব্লিউ পি ক্ষমতাসম্পন্ন সৌৰশক্তি প্রকল্প নিৰ্মাণ কৰা হ'ব । এ পি ডি চি এল আৰু এছ জে ভি এন গ্রীন এনার্জী লিমিটেডৰ যৌথ অংশীদাৰিত্বত ১০০০ মেগাৱাটৰ পুনৰ নৱীকৰণযোগ্য শক্তি প্রকল্প নিৰ্মাণ কৰা হ'ব ।

এ পি ডি চি এল আৰু এন এল চি ইণ্ডিয়া লিমিটেডৰ যৌথ অংশীদাৰিত্বত ১০০০ মেগাৱাটৰ পুনৰ নৱীকৰণযোগ্য শক্তি প্রকল্প নিৰ্মাণ কৰা হ'ব । এ পি ডি চি এল আৰু অ' এন জি চি ত্ৰিপুৰা পাৱাৰ কোম্পানী লিমিটেডৰ যৌথ অংশীদাৰিত্বত ২৫০ মেগাৱাটৰ ক্ষমতাসম্পন্ন বেটেৰী এনার্জী ষ্ট'ৰেজ ছিষ্টেম নিৰ্মাণ কৰা হ'ব ।
এছ জে ভি এনৰ দ্বাৰা নিৰ্মাণ হৈ থকা গ্রীড কানেক্টেট গ্রাউণ্ড মাউণ্টেট ছ'লাৰ পিভি প্রজেক্টৰ পৰা ৩২০ মেগাৱাট সৌৰশক্তি আহৰণ কৰা হ'ব ।
- অসমত স্মাৰ্ট মিটাৰ:
ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ে চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত সকলো গ্ৰাহকৰ মিটাৰ স্মাৰ্ট প্রি-পেইড মিটাৰলৈ সলনি কৰাৰ বাবে সময়সীমা নির্ধাৰণ কৰি দিছে । সেই অনুসৰি অসমত স্মার্ট মিটাৰ সংস্থাপনৰ বাবে সাতটা প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছে ।
লক্ষণীয় বিষয় যে অসমত স্মাৰ্ট মিটাৰকলৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত হোৱাৰ পাছতো স্মাৰ্ট মিটাৰ লগোৱাৰ কাম চলি আছে । স্মার্ট মিটাৰে ৰাজ্যজুৰি সাধাৰণ নাগৰিকৰ মাজত হাহাকাৰ সৃষ্টি কৰিলেও শক্তি বিভাগে এই পর্যন্ত ২৮,৩০,৮৬৩ টা মিটাৰ ঘৰুৱা সংযোগত সংস্থাপন কৰিছে ।
ইয়াৰ বিপৰীতে ঔদ্যোগিক শ্ৰেণীত সংস্থাপন কৰা এনে মিটাৰৰ সংখ্যা হ'ল ৬,৩৫০টা । বিধানসভাত চৰকাৰে দিয়া তথ্য অনুসৰি বাণিজ্যিক প্ৰতিষ্ঠানত এতিয়ালৈকে সংস্থাপন কৰা স্মার্ট মিটাৰৰ সংখ্যা হ'ল ১,৯৮,২৪৯ টা ।
একেদৰে চৰকাৰী খণ্ডত সংস্থাপিত কৰা হৈছে ২৭,৪৪৯ টা মিটাৰ । চৰকাৰে অতি শীঘ্ৰেৰাজ্যৰ সকলো ঘৰুৱা উপভোক্তাক স্মার্ট মিটাৰেৰে সংযোজিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত এনে মিটাৰ সংস্থাপনত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছে ।