গুৱাহাটী: বাৰিষাৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যত ক্ৰমাৎ প্ৰকট হৈ পৰিছে বানৰ আশংকা । প্ৰত্যেক বছৰ বাৰিষা বানে ৰাজ্যত ত্ৰাসৰ সৃষ্টি কৰাটো নতুন কথা নহয় । শেহতীয়াকৈ অসমকে ধৰি চুবুৰীয়া ৰাজ্যকেইখনত বিগত কেইবাদিন ধৰি হৈ থকা বৰষুণৰ ফলত বানৰ আশংকা কৰা হৈছে । প্ৰতি বছৰে ৰাজ্যখনক একাধিক বানে জোঁকাৰি আহিছে । ইয়াৰ ফলত ধন-জনৰ বিস্তৰ ক্ষতি হৈ আহিছে ।
প্ৰত্যেক বছৰে বানে কৰা ক্ষতিৰ পূৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰক প্ৰয়োজন হয় বৃহৎ পৰিমাণৰ পুঁজিৰ । কিন্তু কেন্দ্ৰই ঠিক মতে পুঁজি যোগান নধৰিলে ৰাজ্য চৰকাৰৰ বাবে এই ক্ষতি পূৰণ কৰাটো সম্ভৱ নহয় । অতি পৰিতাপৰ বিষয় যে প্ৰতি বছৰে বানে জুৰুলা কৰা ৰাজ্যখনক ক্ষতিপূৰণৰ পুঁজি আদায় দিয়াত কেন্দ্ৰীয় চৰকাৰে অবহেলিত মনোভাৱ প্ৰদৰ্শন কৰি আহিছে ।

লক্ষণীয় বিষয় যে চলিত বৰ্ষৰ আগন্তুক দিনকেইটাত বানৰ বাবে সাজু হৈছে অসম চৰকাৰ ৷ অৱশ্যে চৰকাৰ মনেৰে সাজু হ'লেও কামেৰে হ'ব পৰা নাই । কাৰণ যোৱাবাৰৰ ক্ষয়-ক্ষতিৰ বাবদ প্ৰস্তাৱ কৰা পুঁজিৰ ক্ষেত্ৰত কেন্দ্ৰই এতিয়ালৈকে কোনো গুৰুত্বই দিয়া নাই । বিগত সময়ত বানে ৰাজ্যখনত কৰা ক্ষয়-ক্ষতি আৰু ক্ষয়-ক্ষতিৰ বাবদ কেন্দ্ৰই দিয়া পুঁজি সন্দৰ্ভত এই প্ৰতিবেদন দিছপুৰৰ জনতা ভৱনস্থিত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এগৰাকী যুটীয়া সচিবে দিয়া তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ।
তদুপৰি বিধানসভাৰ শেহতীয়া অধিৱেশনত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই সদনত দিয়া বক্তব্য আৰু তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।
বিগত বৰ্ষৰ বানৰ ক্ষয়-ক্ষতিৰ বাবদ কেন্দ্ৰলৈ ৰাজ্য চৰকাৰৰ প্ৰস্তাৱ :
বিগত বৰ্ষত অৰ্থাৎ ২০২৪ চনত বানে ৰাজ্যখনৰ বিস্তৰ ক্ষতি সাধন কৰিছিল । এই ক্ষতিৰ বিপৰীতে অসম চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰলৈ ১,৬৮১.৪৯ কোটি টকা বিচাৰি প্ৰস্তাৱ দাখিল কৰিছিল । কিন্তু অতি পৰিতাপৰ কথা যে এতিয়ালৈকে এই পুঁজি মোকলাই দিয়া নাই কেন্দ্ৰীয় চৰকাৰে । শেষবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে এছ ডি আৰ এফ শিতানত যোৱা এপ্ৰিলত ৭১৬ কোটি টকা মোকলাই দিছিল । সেয়াও পূৰ্বে পাবলৈ থকা ধনৰহে অংশ ।

বিশাল ক্ষতিৰ বিপৰীতে সামান্য অনুদান । বানৰ ক্ষতিপূৰণৰ প্ৰাপ্য পুঁজি বিচাৰি অসম চৰকাৰে দিল্লীলৈ কেইবাবাৰো তাঁত-বাটি কৰাৰ পাছতো বানাক্ৰান্ত ৰাজ্যখনৰ প্ৰতি কেন্দ্ৰই কোনো গুৰুত্ব দিয়া নাই । যাৰ ফলত কেন্দ্ৰৰ পুঁজিৰ পৰা বঞ্চিত হৈ অসমে নিজৰ ধনৰ অংশৰে যুঁজিবলৈ বাধ্য হৈছে । লক্ষণীয় বিষয় যে বিগত বৰ্ষত বানত ক্ষতিগ্ৰস্ত বহু অঞ্চলৰ মেৰামতি অথবা পুনৰ নিৰ্মাণৰ কাম অদ্যাপি সম্পূর্ণ নহ'ল ।
আনকি দুৰ্বল মথাউৰি সবলীকৰণৰ কামো সম্পূৰ্ণ হৈ উঠা নাই । পুঁজিৰ অভাৱত বহু স্থানৰ মেৰামতিৰ কাম সংকুচিত কৰিবলৈয়ো বাধ্য হৈছে অসম চৰকাৰ । এনে পৰিস্থিতিৰ বিপৰীতে ৰাজ্যত বানৰ আৰম্ভণি হ'লেই । উত্তৰ অসমত অৰুণাচলৰ পৰা নামি অহা পানীৰ ঢলে ইতিমধ্যে বানৰ সৃষ্টি কৰিছে । ইপিনে ৰাজ্যৰ সাম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিছপুৰত অনুষ্ঠিত হৈছে বৈঠক ।

সেই বৈঠকত গৃহীত সিদ্ধান্তৰ ভিত্তিত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ২১ মে'ত ৰাজ্যৰ ৩৫ খন জিলা আৰু ৩৯ খন সমজিলালৈ ১০০ কোটি টকাৰ বান সাহায্য মুকলি কৰি দিছে । এই ধন বানাক্ৰান্তক তাৎক্ষণিকভাৱে সহায়-সহযোগিতাতহে ব্যয় কৰা হ'ব । ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগত পূৰ্বৰে পৰা জমা থকা পুঁজিৰ পৰা এই ধন মোকলাই দিয়া হয় । তাৰ বিপৰীতে বানে কৰা ক্ষতিৰ মেৰামতি কৰিবলৈ পুঁজি পোৱা নাই ৰাজ্য চৰকাৰে ।
ইফালে সাম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিছপুৰত মুখ্য সচিব ৰবি কোটাৰ অধ্যক্ষতাত পৰ্যালোচান সভাও অনুষ্ঠিত হৈছে । য'ত সংশ্লিষ্ট কৰ্তৃপক্ষক কেতবোৰ নিৰ্দেশনা দিয়া হয় ।
অসমৰ বাবে অভিশাপ স্বৰূপ বানপানী, ২০২৪ৰ ক্ষয়-ক্ষতি:
বানপানী অসমৰ দৰে ৰাজ্যৰ বাবে নতুন কথা নহয় । প্ৰত্যেক বছৰে অসমত হোৱা ভয়াৱহ বানে ৰাজ্যখনৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে বহু লোকে প্ৰাণ হেৰুৱাই আহিছে। বানৰ ফলত ৰাজ্যখনৰ আন্তঃগাঠনি ধ্বংস হোৱাৰ উপৰি হাজাৰ হাজাৰ কোটি টকাৰ সা-সম্পত্তি নষ্ট হয় । বহু লোক সৰ্বহাৰা হৈ পৰে । প্ৰত্যেক বছৰে বানে ৰাজ্যখনৰ অৰ্থনীতি বিধ্বস্ত কৰাৰ পাছতো কিন্তু অসমলৈ সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কেৱল মাত্ৰ অৱহেলা প্ৰদৰ্শন কৰি আহিছে ।

বিধানসভাৰ শেহতীয়া বাজেট অধিৱেশনতে এই কথা উন্মোচিত হৈছিল।আনহাতে ২০২৪ চনত হোৱা ভয়াৱহ বানপানীত অসমত মৃত্যু হৈছিল ১১০ জন লোকৰ । বছৰটোত বানে অসমৰ ৪৯,৫৮০.৪৩ হেক্টৰ কৃষিভূমি নষ্ট কৰাৰ লগতে নষ্ট হৈছিল ১,৪৫,২৪৯ টা বাসগৃহ। বছৰটোত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল ২,৩১৮ টা পথ । বানত ক্ষতিগ্ৰস্ত হোৱা লোকক চৰকাৰে ক্ষতিপূৰণ আগবঢ়োৱাৰ নিয়ম আছে । সেই অনুসৰি চৰকাৰে যথাসাধ্যে ক্ষতিপূৰণ দি আহিছে ।
২০১৬ চনৰ পৰা বজালীত ৪,০৫,০০০ জনক, কোকৰাঝাৰত ৭,২৯,৮০৫ জনক, শোণিতপুৰত ৪,২২,৪২৩ জনক, তিনিচুকীয়াত ১,৪৭,৭৩৭ জনক, ধেমাজিত ৩২,২৬৯ জনক, দৰঙত ২,৩৭,৯০৪ জনক, নলবাৰীত ১৪,২৪,৯৭৫ জনক আৰু ডিব্ৰুগড়ত ৫,১২,৫৯১ জন লোকক ক্ষতিপূৰণ দিছে অসম চৰকাৰে ।
বানপানীৰ ক্ষতিপূৰণ দিয়াৰ নামত কেন্দ্ৰৰ অবহেলা :
বিগত ২০১৬ চনৰ পৰা ২০২৪ চনলৈ বিগত ৯ টা বছৰত অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ২৯,০৩০.০২ কোটি টকা বিচাৰিছিল যদিও পালে মাত্ৰ ৩২৩.৩৮ কোটি টকা । আনহাতে ২০১৬ চনৰ পৰা ২০২০ চনলৈ অসমে কেন্দ্ৰৰ পৰা বিচাৰিছিল ২৩,০৭০.৮ কোটি টকা । কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা যে এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে এটকাও নিদিলে ।

বিধানসভাত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই দিয়া তথ্য মতে ২০২১ চনত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসমে কেন্দ্ৰৰ পৰা বিচাৰিছিল ১,০৮৮.১৯ কোটি টকা । কিন্তু সেই বছৰত অসমে কেন্দ্ৰৰ পৰা পালে মাত্ৰ ৪৪.৩৭ কোটি টকা ।
২০২২ চনত কেন্দ্ৰৰ পৰা অসমে ৩,০৭৩.৮৬ কোটি টকা বিচাৰিছিল যদিও পাইছিল মাত্ৰ ২৫০ কোটি টকা । তাৰ পিচত ২০২৩ চনত অসমে কেন্দ্ৰৰ পৰা ১১৭.৬৮ কোটি টকা বিচাৰিছিল যদিও কেন্দ্ৰই অসমক এটা টকাও নিদিলে । ২০২৪ চনত অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ১,৬৮১.৪৯ কোটি টকা বিচাৰে যদিও কেন্দ্ৰীয় চৰকাৰে দিয়ে মাত্ৰ ২৯.০১৭ কোটি টকা । মুঠৰ ওপৰত বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসম চৰকাৰে কেন্দ্ৰৰ পৰা বিচৰা ধৰণে পুঁজি লাভ কৰা নাই । এয়াই হৈছে বাস্তৱ সত্য ।