সৰুপথাৰ : অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । ২ মে'ত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগা উজনি অসমৰ কেইবাখনো জিলাত এতিয়া নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈছে । শাসক-বিৰোধী উভয় দলৰে নেতাসকল প্ৰচাৰত অংশ লৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও প্ৰচাৰ চলাইছে । গোলাঘাট জিলাৰ সৰুপথাৰতো প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীয়ে ।
সৰুপথাৰত নিৰ্বাচনী প্ৰচাৰ তুংগত
সৰুপথাৰ সমজিলাৰ অন্তৰ্গত ২১ খন গাঁও পঞ্চায়তৰ ৪ টা জিলা পৰিষদ ক্ৰমে-সৰুপথাৰ, বৰপথাৰ, চুঙাজান, নৱজ্যোতিৰ বাবে সাজু হৈছে শাসক-বিৰোধী দল । সৰুপথাৰ সমষ্টিত শাসকীয় পক্ষৰ মনোনীত জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে সৰুপথাৰত শংকৰ শইকীয়া, বৰপথাৰত ক্ষীড়েশ্বৰ বড়ো, চুঙাজানত জয়শ্ৰী গগৈ, নৱজ্যোতিত নিৰল খেছ অৱতীৰ্ণ হৈছে । আনহাতে সমষ্টিটোত কংগ্ৰেছৰ মনোনীত জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে সৰুপথাৰত বিৰাজ বিভাৰ, বৰপথাৰত পুলিন কুমাৰ গগৈ, চুঙাজানত মালবিকা গগৈ আৰু নৱজ্যোতিত ভীম বাহাদুৰ ৰায় অৱতীৰ্ণ হৈছে । ইফালে সৰুপথাৰ সমষ্টিৰ ২১ খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ভিতৰত ৮ খনত প্ৰাৰ্থিত্ব দিয়াত ব্যৰ্থ কংগ্ৰেছ । বিনা প্ৰতিদ্বন্দ্বিতাৰে ৮ খন আঞ্চলিক পঞ্চায়তৰ সদস্য পদত জয়ী হৈছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ।
বিভিন্ন সমস্যাৰে জৰ্জৰিত সৰুপথাৰ
যিহেতু প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব সেয়ে ইতিমধ্যে সৰুপথাৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত দেখা গৈছে । নিৰ্বাচনক লৈ সৰুপথাৰ সমষ্টিৰ ৰজাপুখুৰী, প্ৰেমহৰা পঞ্চায়তৰ অন্তৰ্গত গাঁৱৰ ৰাইজো সাজু হৈছে পছন্দৰ প্ৰাৰ্থী বাছনি কৰিবলৈ । কিন্তু বিগত বছৰসমূহত কি পালে ৰাইজে ? নতুন প্ৰতিনিধিৰ পৰা কি বিচাৰে ৰাইজে ? ৰজাপুখুৰী গাঁও পঞ্চায়তৰ বাৰঘৰীয়া, বেবেজীয়া গাঁও, প্ৰেমহৰা গাঁও পঞ্চায়তৰ কাছমাৰী, টেঙাবাৰী গাঁৱৰ ৰাইজে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

সাংবাদিকৰ সন্মুখত ৰজাপুখুৰী গাঁও পঞ্চায়তৰ এগৰাকী মহিলাই কয়, "বেবেজীয়া গাঁৱৰ ৰাস্তা-পদূলিৰ অসুবিধা, চৰকাৰী সা-সুবিধা আমি একোৱেই নাই পোৱা । অৰুণোদয় আঁচনিৰ ফৰ্ম দিছিলো সেইটোও ঘূৰি আহিলে । বহুতৰে নাম আহিছে কিন্তু মোৰ নাই অহা । একেলগে দিয়াবিলাকৰ সকলোৰে নাম আহিছে, মোৰ নাহিল । চৰকাৰী সুবিধা বুলি একোৱেই পোৱা নাই। চৰকাৰী ঘৰো লাভ কৰা নাই । মাত্ৰ শৌচালয় এটা পাইছো ।"

ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আন এগৰাকী মহিলাই কয়, "বিশেষকৈ আমাক বেবেজীয়া গাঁৱৰ বিধ্বস্ত ৰাস্তাটো নিৰ্মাণ কৰি দিব লাগে । স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বহু অসুবিধা হৈছে । বিদ্যালয়, বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰতো অসুবিধা হয় । সোনকালে ৰাস্তাটো পালে আমি ভালপাওঁ । আমি চৰকাৰী ঘৰ, অৰুণোদয় আঁচনি একোৱেই পোৱা নাই, এইবাৰ আশা কৰিছোঁ পাম বুলি ।"

একেদৰে ৰজাপুখুৰী গাঁও পঞ্চায়তৰ এজন লোকে কয়, "বৰ্তমান যি নিৰ্বাচন আহিছে, আমাৰ গাঁৱৰ অভাৱ-অভিযোগসমূহ পূৰণ হ'ব । গাঁৱত খোৱাপানীৰ অসুবিধা, ৰাস্তা-ঘাটৰ অসুবিধা, গাঁৱলীয়া ৰাস্তাবিলাক বিধ্বস্ত হৈ আছে । সেইবিলাক আমি ভাল হোৱাটো কামনা কৰো । বিশেষকৈ গাঁও অঞ্চলত বিশুদ্ধ খোৱাপানীৰ সুবিধা নাই, সেইখিন পাবলৈ ইচ্ছা কৰো । ৰজাপুখুৰী পঞ্চায়তৰ অন্তৰ্গত বাৰঘৰীয়া বেবেজীয়াৰ যি মূল পথ সেয়া বিধ্বস্ত হৈ আছে, ৰাস্তাটো আমি সুচল কৰাটো বিচাৰো । এই পথেৰে ৰোগীয়া লোকসকলক চিকিৎসালয়লৈ যোৱাত বহু সমস্যৰ সন্মুখীন হয় ।"

প্ৰেমহৰা গাঁও পঞ্চায়তৰ এগৰাকী মহিলাই কয়, "আমাৰ ভিতৰুৱা অঞ্চলৰ গাঁওবিলাকত সুবিধাসমূহ যেনেকৈ পাব লাগিছিল যোৱা ৫ বছৰে পোৱা নাই । আত্মসহায়ক গোটৰ আঁচনিসমূহ দিম বুলি কৈছিল কিন্তু আমি এতিয়ালৈকে পোৱা নাই । অৰুণোদয় আঁচনিও আমি পোৱা নাই ।"
অৱশ্যে ৰাইজে এইবাৰ তেওঁলোকৰ অভাৱ অভিযোগ পূৰণৰ আশাৰে ২ মে'ত ভোটদান কৰিব । কিন্তু এইবাৰো তেওঁলোকৰ অভাৱবোৰ আধৰুৱা হৈয়ে থাকিব নেকি ? সেয়া সময়ে ক'ব !
লগতে পঢ়ক :বিজেপিৰ নিৰ্বাচনী সংকল্পপত্ৰ উন্মোচন: কি আছে এই সংকল্পপত্ৰত... - PANCHAYAT ELECTION 2025