অসমৰ বাবে কি সংকট আহিছে: ক'লে মুখ্যমন্ত্রীয়ে
কাৰ দখলত কিমান মাটি আছে, মুখ্যমন্ত্ৰীয়ে ৰাখিছে হিচাপ । অসমীয়াৰ বাবে সংকট কি ? ক'লে সংবাদমেলত ।

Published : August 21, 2025 at 11:00 PM IST
গুৱাহাটী: "বৰ্তমানৰ সময় আমাৰ কাৰণে বহুত এটা সংকটৰ সময়"-এই বক্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কেবিনেট বৈঠক সন্দৰ্ভত সম্বোধন কৰা সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে এইদৰে শংকা ব্যক্ত কৰে ।
চতিয়াত বুধবাৰে অসম আৰু অসমীয়াৰ সংকটৰ প্ৰসংগত কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়,"মাটিৰ বিষয়ে আমি আলোচনা কৰিছোঁ । কাৰ দখলত কিমান মাটি আছে । এই বছৰ আপোনালোকে মেডিকেলৰ এডমিচনৰ তালিকাখন চাব । আমি দেখা পাম যে অসমীয়া মানুহৰ পৰা 'পাৱাৰ'টো সলনি হৈ আছে । লাগিলে এইটো চফ্ট পাৱাৰ নাইবা হাৰ্ড পাৱাৰ ।"
ড৹ শৰ্মাই লগতে কয়,"অসমত নিৰ্মাণ কামত ঠিকাদাৰজন অসমীয়া হ'ব পাৰে যদিও নিৰ্মাণ শ্ৰমিকৰ এজনো খিলঞ্জীয়া অসমীয়া নাথাকে । মেডিকেল কলেজৰ ফলাফল চালে দেখা যায় যে সাধাৰণ শ্ৰেণীৰ ৩০ শতাংশ অসমীয়া মানুহৰ মাজত মেডিকেলৰ আসন নাই। এইটো কাকো শত্ৰুভাৱি কোৱা কথা নহয় । কিন্তু অসমীয়া মানুহখিনিয়ে চিন্তা কৰাৰ সময় আহিছে যে অসমীয়াৰ হাতৰ পৰা পাৱাৰ সলনি হ'ব ধৰিছে । বৰাকতো বাঙালী মানুহখিনিৰ পৰা পাৱাৰ সলনি হ'ব ধৰিছে । এনেকুৱা হৈ থাকিলে এদিন অসমত অসমীয়া মানুহখিনি সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰিব । মই কাকো কাজিয়া কৰিব কোৱা নাই, পঢ়িব কৈছোঁ । মই শ্ৰমৰ প্ৰতি আগবাঢ়ি যাব কৈছো । কালি মই চতিয়াত ভাষণ দিওতে কাকো কাজিয়া কৰিব কোৱা নাই । মই মানৱ সম্পদ নিৰ্মাণ কৰাৰ কথা কৈছোঁ ।"
অসমৰ সংকটৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে পুনৰ কয়,"মাটি-বাৰী, উচ্ছেদ এটা কম্পনেণ্ট আৰু এটা কম্পনেণ্ট হৈছে চফ্ট পাৱাৰ । এখন ৰাজ্যৰ সংখ্যাগুৰুৰ হাতত চফ্ট পাৱাৰটো থাকে । কিন্তু অসমত চফ্ট পাৱাৰটো সলনি হ'ব ধৰিছে । সমুজ্জ্বল ভট্টাচাৰ্যই মাজে মাজে এটা কথা কৈ থাকে যে অসমত অসমীয়াৰ প্ৰভূত্ব থাকিব । লাইনটোকলৈ মই এগ্ৰি নকৰোঁ । কিন্তু প্ৰভূত্ব মানে হৈছে যে চফ্ট পাৱাৰ নিজৰ হাতত থকা । কিন্তু আজি মেডিকেল, বিশ্ববিদ্যালয় আদি সকলো ক্ষেত্রৰ চফ্ট পাৱাৰ অসমীয়াৰ হাতৰ পৰা ওলাই গৈছে । মানৱ সম্পদ গঢ় নিদিলে প্ৰতিযোগিতাত আমি নাথাকিম ।"
মুখ্যমন্ত্রীয়ে লগতে কয়,"ইয়াত ৰাজনীতিৰ কথা নাই। আমি পঢ়া-শুনা কৰা নাই । কোনোবাই ডক্টৰ পঢ়িবৰ বাবে দুবছৰ মাথা মাৰি পঢ়ি আছে, আমি পঢ়া নাই । গতিকে ইয়াত ৰাজনীতিৰ কথাটো অহা নাই । মই কালি অসমীয়া মানুহক এটা আত্মদৰ্শন কৰোৱাইছিলোঁ । ইয়াত কাৰো প্ৰতি ভেদভাৱ নাই । অসমীয়া হিচাপে মই মোৰ উদ্বেগৰ কথাখিনি শ্বেয়াৰ কৰিছিলোঁ । ইয়াত মোৰ কৰিবলগীয়া একো নাই। মই কথাখিনি সাহসেৰে কৈছোঁ ।"
তেওঁ কয়,"ইয়াত চৰকাৰে কৰিবলগীয়া একো নাই । আমি যি দক্ষতা প্ৰতিষ্ঠান কৰিছোঁ তাতো আমাৰ অসমীয়া ল'ৰা পঢ়িবলৈ যোৱা নাই । আই টি আইসমূহতো অসমীয়া ল'ৰা নাই । মই মেডিকেল কলেজো খুলিছোঁ । কিন্তু তাতো আমাৰ ল'ৰা নাই । আমি প্ৰতিযোগিতাৰ পৃথিৱীখনৰ পৰা আঁতৰি গৈ আছোঁ । মই কাকো হিংসা কৰা নাই । তেওঁলোকে প্ৰতিযোগিতা কৰি পাইছে, শ্ৰম কৰি পাইছে ।"
মুখ্যমন্ত্রীয়ে আৰু কয়,"ল'ৰা-ছোৱালীক পঢ়োৱাত মাক-বাপেকে গুৰুত্ব দিব লাগিব । মই গুৰুত্ব দিয়া বিষয় নহয় । নিযুত মইনা আঁচনিকে ধৰি বিভিন্ন ধৰণে আমি সহায় কৰি আছোঁ । আমাৰ লৰা-ছোৱালীয়ে পৰীক্ষা দিছে যদিও বলে পৰা নাই । মাক-বাপেক তথা সমাজ সচেতন হ'ব লাগিব । মেডিকেলৰ আসন এখন পঢ়িয়ে পাব, মুখ্যমন্ত্রীয়ে দিব নোৱাৰে ।"

