ETV Bharat / state

গাৰ্হস্থ্য, শিক্ষা, স্বাস্থ্য়, আৰ্থিক ক্ষেত্ৰত আপোনাৰ কেনে যাব এই সপ্তাহটো... জানিবলৈ পঢ়ক সপ্তাহটোৰ ৰাশিফল

কেনে যাব আপোনাৰ এই সপ্তাহটো ? জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশিফল…

WEEKLY HOROSCOPE
সপ্তাহটোৰ ৰাশিফল (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 6:52 AM IST

15 Min Read
Choose ETV Bharat
  • মেষ ৰাশি : প্ৰেম সম্পৰ্কত জড়িত থকা লোকসকলৰ বাবে এই সপ্তাহটো গতানুগতিক হ’ব, কিয়নো সম্পৰ্কত আপুনি কিছু মানসিক চাপৰ সন্মুখীন হ’ব পাৰে ৷ অৱশ্যে, বিবাহিত দম্পতীসকলে যদি কোনো সমস্যা সমাধানৰ বাবে মিলি-জুলি কাম কৰে, তেন্তে তেওঁলোকে নিজৰ সম্পৰ্ক উন্নত কৰাত সফল হ’ব ৷ পূৰ্বৰ বিনিয়োগৰ পৰা ভাল লাভৰ ফলত আৰ্থিক ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ বাবে অনুকূল হ’ব আৰু আপুনি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত এইটো এটা মধ্যমীয়া সপ্তাহ হ’ব; আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ অধিক কঠিন পৰিশ্ৰমৰ প্ৰয়োজন হ’ব ৷ কৰ্মচাৰীসকলে যিকোনো সমস্যাৰ সমাধানৰ বাবে নিজৰ মুৰব্বীগৰাকীৰ সৈতে মুকলিকৈ আলোচনা কৰিব লাগিব ৷ শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটোৱে সুখ কঢ়িয়াই আনিব, বিশেষকৈ যদি তেওঁলোকে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, কিয়নো তেওঁলোকে ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে, আজৰি সময় নষ্ট কৰাৰ পৰা বিৰত থাকক ৷ স্বাস্থ্যৰ দিশৰ পৰা অযথা ক্ৰোধৰ কাৰণে সমস্যাৰ সন্মুখীন হ’ব পাৰে, যাৰ ফলত উচ্চ ৰক্তচাপৰ দৰে সমস্যা সৃষ্টি হ’ব পাৰে ৷ ই আৰ্থিক অসুবিধাৰো সৃষ্টি কৰিব পাৰে, গতিকে আপোনাৰ স্বাস্থ্য আৰু সুস্থতা বজাই ৰাখিবলৈ মানসিক চাপ চম্ভালাটো গুৰুত্বপূৰ্ণ ৷
  • বৃষ ৰাশি : এই সপ্তাহটোৱে আপোনালোকৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব ৷ বিবাহিত লোকসকলে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে, যাৰ বাবে সমস্যা সমাধানৰ বাবে মুকলি আলোচনাৰ প্ৰয়োজন হ’ব ৷ প্ৰেম সম্পৰ্কত জড়িত লোকসকলে কোনো বাহ্যিক হস্তক্ষেপৰ ফলত অসুবিধাৰ সন্মুখীন হ’ব পাৰে, গতিকে আনৰ সৈতে যোগাযোগ সীমিত কৰাটো গুৰুত্বপূৰ্ণ ৷ আৰ্থিকভাৱে সপ্তাহটোত যথেষ্ট ব্যয় হ’ব পাৰে আৰু যদি আপুনি ঘৰ, দোকান বা সম্পত্তি ক্ৰয়ত অত্যধিক মনোনিৱেশ কৰে, তেন্তে আপোনাৰ আৰ্থিক স্থিতিত চাপ পৰিব পাৰে ৷ ব্যৱসায়ীসকলে তেওঁলোকৰ কঠিন পৰিশ্ৰমৰ দ্বাৰা সাফল্য লাভ কৰিব আৰু তেওঁলোকৰ প্ৰয়াস অনুসৰি লাভ অৰ্জন কৰিব ৷ চাকৰিৰ সন্ধানত থকাসকলে নতুন সুযোগ পোৱাৰ ভাল সম্ভাৱনা আছে, কিন্তু বৰ্তমানৰ ৰুটিনত লাগি থকাটো অধিক লাভজনক হ’ব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবে সপ্তাহটো গতানুগতিক হ’ব, কিন্তু তেওঁলোকে নিজৰ প্ৰয়াসৰ সম্পূৰ্ণ ফলাফল নেদেখাৰ ফলত হতাশ অনুভৱ কৰিব পাৰে ৷ অৱশ্যে, নিজৰ কঠিন পৰিশ্ৰম অব্যাহত ৰখাটো গুৰুত্বপূৰ্ণ হ’ব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপ বা মধুমেহৰ দৰে সমস্যাৰ আশংকা বৃদ্ধি পাব, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু মানসিক চাপ ফলপ্ৰসূভাৱে চম্ভালক ৷
  • মিথুন ৰাশি : এই সপ্তাহটোৱে সামগ্ৰিকভাৱে ধনাত্মক ফলাফল আনিব যদিও কিছুমান ক্ষেত্ৰত মনোযোগৰ প্ৰয়োজন হ’ব ৷ বিবাহিত লোকসকলৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাবুজিৰ অভাৱত মানসিক চাপ সৃষ্টি হ’ব পাৰে, কিন্তু জীৱন সংগীৰ সৈতে আলোচনা কৰিলে উদ্বেগ দূৰ হ’ব পাৰে ৷ প্ৰেম সম্পৰ্কত জড়িত লোকসকলে আৰ্থিক সমস্যাৰ কাৰণে সম্পৰ্কত অসুবিধাৰ সন্মুখীন হ’ব পাৰে ৷ আৰ্থিক ক্ষেত্ৰত এই সপ্তাহটো মিশ্ৰিত হ’ব ৷ আয় বৃদ্ধি কৰিবলৈ নিজৰ আয়ৰ উৎসৰ প্ৰতি মন দিয়ক আৰু আপুনি কিছু হেৰুওৱা ধন উদ্ধাৰ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক স্থিতি সবল হ’ব ৷ ব্যৱসায়ীসকলে পুৰণি প্ৰকল্পত বিনিয়োগ কৰিলে লাভান্বিত হ’ব, যিয়ে তেওঁলোকৰ ব্যৱসায় বৃদ্ধিত সহায় কৰিব ৷ চাকৰিয়াল লোকসকলে পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ লগতে নতুন কেৰিয়াৰৰ সুযোগ লাভ কৰিব পাৰে ৷ এই সপ্তাহত শিক্ষাৰ্থীসকলে নিজৰ সময়খিনি বুদ্ধিৰে চম্ভালিব লাগিব আৰু সময়ৰ অপচয় কৰাৰ পৰা বিৰত থাকিব লাগিব, কিয়নো তেনে কৰিলে পাছলৈ অনুশোচনা হ’ব পাৰে ৷ স্বাস্থ্যৰ ক্ষেত্ৰত, আপোনাৰ স্নায়ুজনিত সমস্যা হ’ব পাৰে, যাৰ ফলত খোজ কঢ়াৰ সময়ত অস্বস্তি হ’ব পাৰে ৷ ব্যায়াম আৰু ফিজিঅ’থেৰাপীয়ে এই সমস্যাসমূহ হ্ৰাস কৰাত সহায় কৰিব ৷ সপ্তাহটোৰ পৰা সৰ্বোত্তম লাভ প্ৰাপ্ত কৰিবলৈ সক্ৰিয় আৰু একাগ্ৰ হৈ থাকক ৷
  • কর্কট ৰাশি : এই সপ্তাহত প্ৰেম সম্পৰ্কত জড়িত লোকসকলে তেওঁলোকৰ সম্পৰ্কৰ সমস্যাসমূহক আওকাণ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ সংগীৰ সৈতে ক্ৰোধ তথা মতানৈক্য বৃদ্ধি হ’ব পাৰে ৷ কিন্তু সমস্যাবোৰ সমাধান কৰিলে সম্পৰ্কত সৃষ্টি হোৱা উদ্বেগ কমি যাব পাৰে ৷ বৈবাহিক জীৱনত আপুনি আৰু আপোনাৰ সংগীয়ে যিকোনো অসুবিধাৰ সমাধান কৰিব আৰু ইয়াৰ ফলত বিষয়বোৰ সুস্থিৰ হৈ থাকিব ৷ আৰ্থিকভাৱে এই সপ্তাহটো অনুকূল হ’ব, বিশেষকৈ যদি আপুনি সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, কিয়নো তেনে কৰাৰ বাবে এয়াই এক ভাল সময় ৷ পূৰ্বৰ বিনিয়োগৰ পৰাও ভাল লাভ অৰ্জন কৰিব পাৰে ৷ এই সপ্তাহটো ব্যৱসায়ীসকলৰ বাবে ইতিবাচক হ’ব, বন্ধু-বান্ধৱীৰ সহায়ত তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যৱসায় বিস্তাৰ কৰাৰ সুযোগ পাব ৷ চাকৰিয়ালসকলৰ বদলি বা নতুন স্থানলৈ যাবলগীয়া হ’ব পাৰে ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰাৰ লগতে ছ’চিয়েল মিডিয়াত নাইবা বন্ধু-বান্ধৱীৰ সৈতে সময় নষ্ট কৰাৰ পৰা বিৰত থাকিব লাগিব ৷ সফল হ’বলৈ হ’লে অবিৰাম পৰিশ্ৰম কৰাটো প্ৰয়োজন ৷ স্বাস্থ্যৰ ক্ষেত্ৰত কোনোধৰণৰ দুৰ্বলতা বা ভাগৰক আওকাণ নকৰিব ৷ স্বাস্থ্যৰ যত্ন লোৱাটো নিশ্চিত কৰক আৰু প্ৰয়োজন সাপেক্ষে স্বাস্থ্য পৰীক্ষা কৰাওক ৷
  • সিংহ ৰাশি : এই সপ্তাহটোৱে আপোনাৰ বাবে সুখ কঢ়িয়াই আনিব ৷ অবিবাহিত লোকসকলে নিজৰ সংগীক লগ পাব পাৰে আৰু প্ৰেমিক-প্ৰেমিকাসকলে তেওঁলোকৰ সংগীৰ সৈতে ভাল সময় কটাব, যাৰ ফলত তেওঁলোকৰ সম্পৰ্ক সুদৃঢ় হ’ব ৷ বৈবাহিক জীৱনত চলি থকা সমস্যাসমূহ আঁতৰি যাব আৰু সুখ বৃদ্ধি হ’ব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি এক ভাল চুক্তিৰ ফলত লাভান্বিত হ’ব আৰু অংশীদাৰিত্বৰ মাধ্যমেৰে আপুনি অগ্ৰগতি লাভ কৰিব ৷ কিন্তু যদি আপুনি কোনো চুক্তি চূড়ান্ত কৰে, তেন্তে কোনো ধৰণৰ ব্যাঘাতৰ পৰা হাত সাৰিবলৈ তীক্ষ্ণ দৃষ্টি ৰাখিব ৷ যদি আপুনি ঋণৰ বাবে আবেদন কৰিছে, তেন্তে সহজেই অনুমোদন পোৱাৰ সম্ভাৱনা আছে ৷ নতুন ব্যৱসায় আৰম্ভ কৰাটোও লাভজনক হ’ব ৷ চাকৰিয়াল লোকসকলে নিজৰ কামৰ দ্বাৰা মানুহক প্ৰভাৱিত কৰিব, যাৰ ফলত তেওঁলোকে স্বীকৃতি আৰু সন্মান লাভ কৰিব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি সুকলমে চলি থাকিব ৷ শিক্ষাৰ্থীসকলে অসাৱধানতা এৰাই চলা উচিত আৰু উন্নত ফলাফল লাভ কৰিবৰ বাবে পৰীক্ষাৰ প্ৰস্তুতিত সম্পূৰ্ণ মনোনিৱেশ কৰা উচিত ৷ এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ’ব, কাৰণ কোনো পুৰণি ৰোগৰ পৰা সকাহ পাব পাৰে ৷ অৱশ্যে, সুস্থ হৈ থাকিবলৈ নিজৰ ৰক্ত শৰ্কৰা আৰু ৰক্তচাপৰ ওপৰত চকু ৰাখক আৰু খোৱা-বোৱা নিয়ন্ত্ৰণ কৰি ৰাখক ৷
  • কন্যা ৰাশি : কন্যাৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো শুভ হ’ব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো সকলো ঠিকেই থাকিব আৰু আপুনি নিজৰ সংগীৰ সৈতে ৰোমান্টিক আউটিং উপভোগ কৰিব পাৰিব, যেনে- লং ড্ৰাইভ ৷ যদি আপুনি মাটি কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে এই সপ্তাহতে আপোনাৰ ইচ্ছা পূৰণ হ’ব পাৰে ৷ কিন্তু বৰ্ধিত ব্যয়ৰ পৰা সাৱধান হওক, কিয়নো অসাৱধানতাৰে ব্যয় কৰিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ আপুনি কোনো আঁচনিত যথেষ্ট পৰিমাণৰ ধন বিনিয়োগো কৰিব পাৰে নাইবা নতুন উদ্যোগৰ বাবে ঋণৰ বাবে আবেদন কৰিব পাৰে ৷ চাকৰিয়াল লোকসকলে নিজৰ কেৰিয়াৰৰ পৰিৱৰ্তনৰ কথা চিন্তা কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ লাভ হ’ব ৷ ব্যৱসায়িক উদ্দেশ্যত বিদেশ ভ্ৰমণৰ যোগ আছে ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰা উচিত, কিয়নো এই সপ্তাহত কঠিন পৰিশ্ৰমৰ প্ৰয়োজন হ’ব, যদিও আশানুৰূপ ফলাফল নাপাবও পাৰে ৷ এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত হ’ব ৷ কোনো দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ পাব পাৰে আৰু আনকি সৰু-সুৰা সমস্যাসমূহো তৎক্ষণাৎ সমাধান কৰিলে আপুনি সামগ্ৰিকভাৱে উন্নত স্বাস্থ্য বজাই ৰাখিব পাৰিব ৷
  • তুলা ৰাশি : এই সপ্তাহটো আপোনাৰ বাবে অলপ বেমেজালিৰে ভৰা হ’ব ৷ প্ৰেম সম্পৰ্ক মিশ্ৰিত হ’ব; আপুনি নিজৰ সম্পৰ্ক উন্নত কৰিবৰ প্ৰয়াস কৰিব আৰু সংগীৰ সৈতে ঘনিষ্ঠ সময় কটাব ৷ যদিও সম্পৰ্কটোত কিছু বিভ্ৰান্তি থাকিব পাৰে, মুকলিকৈ কথা-বতৰা পাতিলে সমস্যাবোৰ সমাধান কৰাত সহায় হ’ব ৷ আৰ্থিকভাৱে সপ্তাহটো দুৰ্বল হ’ব, কাৰণ আপুনি ব্যয়বহুল চখত অতিৰিক্ত ব্যয় কৰিব পাৰে আৰু এনে ক’ৰবাত বিনিয়োগ কৰিব পাৰে যি আপোনাৰ আৰ্থিক স্থিৰতাক জোকাৰি যাব পাৰে ৷ যদি আপুনি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে, যিকোনো বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় ৷ এই সপ্তাহটো ব্যৱসায়ীসকলৰ বাবে অনুকূল হ’ব, কিয়নো বিনিয়োগ আৰু ব্যৱসায় বৃদ্ধিৰ বাবে নতুন সুযোগ আহিব ৷ সম্পত্তি কিনিবৰ বাবে এয়া এক শুভ সময় ৷ শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰয়াসৰ ক্ষেত্ৰত উন্নত ফলাফল পাবৰ বাবে নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ কাম কৰা উচিত ৷ এই সপ্তাহত আপুনি কোনো চৰকাৰী চাকৰিৰ পৰীক্ষা দিয়াৰ সুযোগ পাব ৷ এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল হ’ব, গতিকে স্বাস্থ্যৰ উন্নতিৰ বাবে স্বাস্থ্যকৰ ৰুটিন বজাই ৰখাত মন দিয়াটো গুৰুত্বপূৰ্ণ ৷
  • বৃশ্চিক ৰাশি : এই সপ্তাহত প্ৰেমৰ সম্পৰ্কত কিছু প্ৰত্যাহ্বান আহিব ৷ কোনো পুৰণি সংগীয়ে পুনৰ আবিৰ্ভাৱ হৈ অসুবিধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপুনি তেওঁৰ পৰা দূৰত্ব বজাই ৰখাটো পছন্দ কৰিব ৷ যদি আপোনাৰ গাৰ্হস্থ্য জীৱনত কোনো সমস্যা চলি আছে, তেন্তে সেয়া সমাধান কৰাটো আপোনালোকৰ সম্পৰ্কটো আগবঢ়াই নিয়াত সহায়ক হ’ব ৷ কামৰ সৈতে সম্পৰ্কিত কিছু প্ৰত্যাহ্বান থাকিব পাৰে ৷ আৰ্থিক ক্ষেত্ৰত, আঁচনিসমূহত অত্যধিক ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক, কিয়নো শ্বেয়াৰ বজাৰ দুৰ্বল হৈ থাকিব ৷ আপুনি কোনো সম্পত্তিৰ চুক্তি চূড়ান্ত কৰাৰ যোগ আছে, কিন্তু আপুনি ব্যয়ৰ বিষয়ে চিন্তিত হ’ব পাৰে ৷ চাকৰিয়াল লোকসকলে তেওঁলোকৰ কামৰ পৰা ইতিবাচক ফলাফল লাভ কৰিব আৰু তেওঁলোকৰ মুৰব্বী বিষয়াসকল তেওঁলোকৰ প্ৰদৰ্শনত সন্তুষ্ট হ’ব ৷ এই সপ্তাহত ব্যৱসায় অলপ দুৰ্বল হৈ থাকিব ৷ এই সময়খিনি শিক্ষাৰ্থীসকলৰ বাবে শুভ, কিন্তু বন্ধু-বান্ধৱীৰ সৈতে বেছি সময় কটালে পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত ইয়াৰ ঋণাত্মক প্ৰভাৱ পৰিব পাৰে ৷ স্বাস্থ্যৰ ক্ষেত্ৰত সপ্তাহটো গতানুগতিক হ’ব, কিন্তু অৱহেলাই সমস্যা সৃষ্টি কৰিব পাৰে, গতিকে যদি আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিছে, তেন্তে নিজৰ খোৱা-বোৱাৰ প্ৰতি গুৰুত্ব দিয়ক ৷
  • ধনু ৰাশি : এই সপ্তাহটোৱে আপোনাৰ বাবে কিছু উদ্বেগ কঢিয়াই আনিব পাৰে, বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত ৷ পূৰ্বৰ কোনো সংগীৰ পুনৰ আবিৰ্ভাৱ হ’ব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত বিভ্ৰান্তি আৰু প্ৰত্যাহ্বানৰ আগমন হ’ব ৷ উদ্বেগে প্ৰভাৱ পেলাব, কিন্তু পৰস্পৰৰ দোষ-ত্ৰুটিসমূহ মানি লৈ ঘৰুৱা সমস্যাবোৰ চম্ভালিলে আগবাঢ়ি যোৱাত সহায়ক হ’ব ৷ আৰ্থিক ক্ষেত্ৰত আপুনি কিছু দুশ্চিন্তা অনুভৱ কৰিব পাৰে, কিয়নো ধনৰ নাটনিৰ বাবে বেংকৰ পৰা সঞ্চিত ধন উলিয়াবলগীয়া হ’ব পাৰে ৷ আপুনি কোনো চৰকাৰী আঁচনিৰ ওপৰত গুৰুত্ব দিব আৰু শ্বেয়াৰ বজাৰৰ সৈতে জড়িত লোকসকলে তেওঁলোকৰ পূৰ্বৰ বিনিয়োগৰ পৰা লাভ অৰ্জন কৰিব পাৰে ৷ ব্যৱসায়ৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে, কিন্তু আয় বৃদ্ধিৰ প্ৰতি মন দিয়াটো গুৰুত্বপূৰ্ণ হ’ব ৷ ব্যৱসায়ত অংশীদাৰিত্বই ধনাত্মক ফলাফল আনিব পাৰে ৷ চাকৰিয়াল লোকসকলে কৰ্মক্ষেত্ৰত সংঘাতৰ পৰা আঁতৰি থকা উচিত, কিয়নো তেনে কৰিলে চাকৰি হেৰুওৱাৰ দৰে বিপদত পৰিব পাৰে ৷ এই সপ্তাহটো শিক্ষাৰ্থীকলৰ বাবে মিশ্ৰিত হ’ব ৷ যিসকলে পঢ়া-শুনা কৰাটো ঢিলাই দিছে তেওঁলোকে সংগ্ৰাম কৰিবলগীয়া হ’ব পাৰে, কিন্তু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে ইতিবাচক ফলাফল পাব ৷ পুৰণি ৰোগৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত চিন্তা হ’ব পাৰে, কিন্তু ধ্যান কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব পাৰে ৷
  • মকৰ ৰাশি : এই সপ্তাহটোৱে আপোনালোকৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত পৰিস্থিতিসমূহ আদৰ্শ নহ’ব, কিয়নো আপুনি জীৱনৰ অন্যান্য ক্ষেত্ৰত মনোনিৱেশ কৰাৰ ফলত আপোনালোকৰ সম্পৰ্কটো কিছু অৱহেলিত হৈ পৰিব পাৰে ৷ পাৰিবাৰিক সমস্যাৰ ফলত গাৰ্হস্থ্য জীৱনত কিছু উদ্বেগ সৃষ্টি হ’ব পাৰে, কিন্তু সেইবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিলে ভাৰসাম্য ঘূৰাই অনাত সহায়ক হ’ব ৷ আৰ্থিকভাৱে সপ্তাহটো ভাল হ’ব যেন দেখা গৈছে, কিয়নো আপুনি পূৰ্বতে কৰা বিনিয়োগৰ পৰা হোৱা আয়ৰ দ্বাৰা যিকোনো সমস্যা সহজেই আঁতৰ কৰিব পাৰিব ৷ অৱশ্যে, এই সপ্তাহত ধন ধাৰে লোৱাৰ পৰা বিৰত থাকক ৷ ব্যৱসায়ীসকলে বিনিয়োগৰ সন্দৰ্ভত বিভ্ৰান্তিৰ সন্মুখীন হ’ব পাৰে, যাৰ ফলত সপ্তাহটো তেওঁলোকৰ বাবে দুৰ্বল হ’ব পাৰে ৷ নতুন ব্যৱসায়িক উদ্যমৰ সিদ্ধান্ত লওঁতে সাৱধান হওক ৷ যদি আপুনি কৰ্মৰত, তেন্তে সমস্যা সৃষ্টি কৰিব পৰা সহকৰ্মীসকলৰ পৰা সাৱধান হওক আৰু কাৰ্যালয়ৰ ৰাজনীতিতকৈ নিজৰ কামৰ প্ৰতি গুৰুত্ব দিয়ক ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে, কিন্তু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ এই প্ৰত্যাহ্বানসমূহ দূৰ কৰিব পাৰি ৷ স্বাস্থ্যৰ ক্ষেত্ৰত, অধিক জটিলতাৰ পৰা হাত সাৰিবলৈ আঁঠু আৰু গাঁঠিৰ যত্ন লওক ৷
  • কুম্ভ ৰাশি : এই সপ্তাহটো আপোনাৰ বাবে গতানুগতিক হ’ব আৰু আপোনাৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল পাব ৷ আপুনি নিজৰ সম্পৰ্কক অগ্ৰাধিকাৰ দিব, পৰস্পৰৰ বাবে সময় উলিয়াব, যাৰ ফলত ইতিবাচকতা আহিব ৷ গাৰ্হস্থ্য জীৱনত ধৈৰ্য্য বজাই ৰখা আৰু সংগীক ভালদৰে বুজিবলৈ চেষ্টা কৰাটো জৰুৰী, যাতে ঘৰুৱা কামবোৰ সুচাৰুৰূপে চলিব পাৰে ৷ এই সপ্তাহটো আপোনাৰ বাবে আৰ্থিকভাৱে অনুকূল হ’ব ৷ আপুনি প্ৰয়োজনীয় বস্তু ক্ৰয় কৰিব পাৰে আৰু সম্পত্তিৰ লেনদেনৰ পৰাও ধন লাভ কৰিব পাৰে, যিয়ে আপোনাৰ ব্যৱসায়িক পৰিকল্পনা সমৰ্থন কৰাত সহায় কৰিব ৷ সম্পত্তি বা অনুৰূপ উদ্যোগত বিনিয়োগ কৰাটো লাভজনক হ’ব ৷ ব্যৱসায়ীসকলে এই সপ্তাহত ভাল লাভ প্ৰাপ্ত কৰিব আৰু নতুন অংশীদাৰিত্বও আৰম্ভ কৰিব পাৰে ৷ এই সপ্তাহত চাকৰিয়াল লোকসকলৰ বাবে পদোন্নতিৰ সুযোগ আহিব, কিন্তু ইয়াৰ বাবে তেওঁলোকে কঠিন পৰিশ্ৰমো কৰিব লাগিব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি কোনো পুৰণি ৰোগৰ সৈতে মোকাবিলা কৰিবলগীয়া হ’ব পাৰে, গতিকে সক্ৰিয় হৈ থকা তথা নিয়মীয়া পৰীক্ষাৰ জৰিয়তে নিজৰ স্বাস্থ্যৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ ৷
  • মীন ৰাশি : এই সপ্তাহটো আপোনাৰ বাবে মধ্যমভাৱে ফলপ্ৰসূ হ’ব ৷ ইয়াৰ ফলত প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে সুখৰ আগমন হ’ব কাৰণ চলি থকা সকলো সংঘাত হ্ৰাস পাব, যাৰ ফলত উভয়ে পৰস্পৰৰ যত্ন ল’ব পাৰিব আৰু সম্পৰ্কটো অধিক সুদৃঢ় কৰি তুলিব ৷ গাৰ্হস্থ্য জীৱন যাপন কৰাসকলে জীৱন সংগীৰ পৰা কোনো সুখবৰ পাব পাৰে, যিয়ে তেওঁলোকৰ জীৱনলৈ নতুন উদ্যম কঢ়িয়াই আনিব ৷ অৱশ্যে, এই সপ্তাহছোৱা ধনৰ ক্ষেত্ৰত দুৰ্বল হ’ব, কিয়নো ব্যয়ৰ ফলত কিছু উদ্বেগৰ সৃষ্টি হ’ব পাৰে ৷ আপোনাৰ ব্যয়সমূহ প্ৰত্যাহ্বান হৈ পৰিব পাৰে ৷ ব্যৱসায়ত নতুন মানুহ লগ পোৱাৰ ফলত সুযোগ আহিব আৰু আপোনাৰ ব্যৱসায় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ চাকৰি সলনি কৰাটোও আপোনাৰ বাবে লাভজনক হ’ব পাৰে, গতিকে নতুন সুযোগ বিচাৰি উলিওৱাৰ বাবে এয়া এক শুভ সময় ৷ ব্যক্তিগত সমস্যাৰ কাৰণে শিক্ষাৰ্থীসকলে বিচলিত অনুভৱ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ পঢ়া-শুনাৰ প্ৰতি থকা মনোযোগ বিঘ্নিত হ’ব পাৰে, কিন্তু একাগ্ৰতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ ৷ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি চলি থকা সমস্যাৰ সমাধান বিচাৰি পাব ৷ অৱশ্যে, গাড়ী চলোৱাৰ সময়ত সাৱধান হওক, কিয়নো আপুনি দুৰ্ঘটনা বা চুৰিৰ সন্মুখীন হ’ব পাৰে ৷