ETV Bharat / state

মনৰ হেঁপাহ, মুখ্যমন্ত্ৰীৰ আশ্বাসত গামোচাত কৰিলে প্ৰকাশ; এতিয়া অপেক্ষা প্ৰধানমন্ত্ৰীৰ অসম আগমনলৈ...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিৰ ছবি আঁকিছে তাঁতশালত । কোন এইগৰাকী শিপিনী ? জানিবলৈ পঢ়ক...

Nalbari Self reliant Woman
প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছিবি গামোচাত অংকন পূৰ্ণিমা বৈশ্যৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 31, 2025 at 5:04 PM IST

3 Min Read
Choose ETV Bharat

নলবাৰী : "তাঁতশালত সদায় কাপোৰ লগাব নোৱাৰিম, এদিন বুঢ়া হ'ম । গতিকে স্মৃতি সাঁচি থৈ যাম ।" মনত দুগুণ হেঁপাহ, উৎসাহ আৰু আন্তৰিক একাগ্ৰতা লৈ তাঁতাশালত সপোন ৰচা নলবাৰীৰ এগৰাকী কৰ্মোদ্যমী মহিলা । পুৱাৰে পৰা ঘৰৰ অন্যান্য কাম-কাজৰ মাজেৰে নিজৰ তাঁতশালখনত খিটিক-খিটিক মাকো মাৰি প্ৰস্তুত কৰি উলিয়াইছে ইখনৰ পিছত সিখন বস্ত্ৰ ।

চেৰীৰে ভিন্ন ফুলৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ প্ৰিয় ব্যক্তিৰ প্ৰতিচ্ছবি গামোচাত অংকন কৰি নিজৰ প্ৰতিভা বিকশিত কৰিছে মহিলাগৰাকীয়ে । প্ৰায় ১২ বছৰ বয়সতেই তাঁতশাল শিকা মহিলাগৰাকী হৈছে নলবাৰী জিলাৰ পাইকাৰকুছিৰ পূৰ্ণিমা বৈশ্য । গামোচা, মেখেলা-চাদৰ, ধূতি আদি ভিন্ন বস্ত্ৰ তৈয়াৰ কৰি বিক্ৰীও কৰি আহিছে পূৰ্ণিমাই ।

প্ৰধানমন্ত্ৰীৰ ছবি গামোচাত অংকন পূৰ্ণিমা বৈশ্যৰ (ETV Bharat Assam)

প্ৰধানমন্ত্ৰীগৰাকীক নিজ হাতেৰে বস্ত্ৰ উপহাৰ দিয়াৰ ইচ্ছা :

এই সন্দৰ্ভত তেওঁ কয়, "মই বহুত সৰুৰে পৰাই কাপোৰ বনাই আছো । মই সদায় কাপোৰ বনাই থাকিব নোৱাৰো । এদিন বুঢ়া হ'ব লাগিব । সেয়েহে এতিয়াই মোৰ জীৱনৰ কিবা এটা স্মৃতি থাকি যাওক বুলি মই তেনেকৈ কাম কৰিবলৈ ধৰিলো ।" পূৰ্ণিমা বৈশ্যৰ মনত যথেষ্ট আশা আৰু উৎসাহ জাগি উঠা প্ৰসংগত এইদৰে কয় । অহা ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিলে প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি নিজ হাতেৰে এই বস্ত্ৰখন উপহাৰ দিবলৈ ইচ্ছুক ।

Nalbari Self reliant Woman
তাঁতশালত প্ৰতিফলিত জীৱনৰ ছবি (ETV Bharat Assam)

উল্লেখ্য় যে প্ৰায় দুবছৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নলবাৰীলৈ আহোতে মুখ্যমন্ত্ৰীৰ ছবি অংকিত গামোচা নিজ হাতেৰে অৰ্পণ কৰিছিল আৰু তেতিয়াই প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবিৰ সৈতে বনোৱা গামোচাখনৰ কথাও মুখ্যমন্ত্ৰীক অৱগত কৰিছিল । মুখ্যমন্ত্ৰীয়ে পূৰ্ণিমা বৈশ্যক আশ্বাস দিছিল । আজি কাপোৰখন সম্পূৰ্ণ হৈ উঠাত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে জিলা প্ৰশাসনকো অৱগত কৰিছে সংবাদ মাধ্য়মযোগে ।

Nalbari Self reliant Woman
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছবি গামোচাত অংকন পূৰ্ণিমা বৈশ্যৰ (ETV Bharat Assam)

বৃন্দাবনৰ ছবিও অংকন :

পূৰ্ণিমা বৈশ্যই জনোৱা মতে প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকন কৰা গামোচাখন সম্পূৰ্ণকৈ বৈ উলিয়াওতে সময় লাগিছে প্ৰায় ২০ ৰ পৰা ২৫ দিন । ঘৰৰ অন্যান্য কামৰ লগতে অলপ অলপকৈ প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি বাঁহৰ চেৰী আৰু সূতাৰে তাঁতশালত প্ৰস্তুত কৰে পূৰ্ণিমা বৈশ্যই । উল্লেখ্য় যে পূৰ্ণিমা বৈশ্যই ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত গাখীৰ খাই থকা প্ৰতিচ্ছবিও অংকন কৰে গামোচাত । বহুত ডাঙৰ কিবা এটা কৰি দেখুওৱাৰ হেঁপাহ আছে পূৰ্ণিমাৰ । পিছে এই অসম্পূৰ্ণ কথাটো প্ৰকাশ কৰিবলৈ অনিচ্ছুক পূৰ্ণিমা ।

Nalbari Self reliant Woman
তাঁতশালত প্ৰতিফলিত জীৱনৰ ছবি (ETV Bharat Assam)

গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুই চিকিৎসক ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা আৰু কবিতা চাংমা চৌধাৰীৰো প্ৰতিচ্ছবি গামোচাত অংকন কৰি নিজ হাতেৰে তেওঁলোকক প্ৰদান কৰিছে । উল্লেখ্য় যে পূৰ্ণিমা বৈশ্যই ৪৫ দিনীয়া এক কৰ্মাশালা যুগুত কৰি চৰকাৰৰ ফালৰ পৰা এখন তাঁতশাল পাবলৈ সক্ষম হৈছে । এই তাঁতশালখনতেই তেওঁ মনত পুহি ৰখা সপোনবোৰ প্ৰতিফলিত কৰি নিজৰ উপাৰ্জনৰ পথ মোকলাইছে ।

লগতে পঢ়ক:তাঁতশালখনেৰেই পৰিয়াল পোহপাল দিছে এদল মহিলাই, ৰচিছে জীৱনৰ সপোন - ASSAMESE HANDLOOM

এখন ফুলাম গামোচাৰে সফলতাৰ জখলা বগোৱা এগৰাকী মহিলা - ASSAMESE HANDLOOM

তাঁতশালত জীৱনৰ ছবি... খিটিক-খিটিক শব্দৰ ডেউকাৰে উৰাৰ সপোনটো পূৰ হ'ল - TRADITIONAL HANDICRAFTS OF ASSAM