কলিয়াবৰ : 'মন ফুলনিৰ মালিনী, ঘৰত নাই মোৰ ৰোৱনী, অ' দেহা তোমাক লৈ ভটিয়াই যাম, দেহা তোমাক লৈ সুখেৰে খাম...' সচৰাচৰ দেখা নোপোৱা এক দৃশ্য় । আধুনিকতাৰ ধামখুমিয়াত হেৰাই যোৱা এটি দুৰ্লভ দৃশ্য় বুলিয়েই ক'ব পাৰি । পৰম্পৰাগতভাৱে চলি অহা এক ধাৰাৰ বিপৰীত চিন্তা বুলি ক'লেও অত্য়ুক্তি কৰা নহ'ব । ব’হাগ বিহুৰ বাবে শিপিনীসকল ব্য়স্ত থকাৰ মাজতেই তাঁতশালত দেখা পোৱা সুলভ ছবিৰ বিপৰীত ৰূপ প্ৰতিফলিত হৈছে কলিয়াবৰত । তাঁতশালত দেখা গৈছে এজন পুৰুষে ফুলাম গামোচা বৈ থকাৰ দৃশ্য় ।
কলিয়াবৰৰ শিপিনী দম্পতীয়ে বিহুৰ বতৰত বৈছে বিহুৱান । এনেদৰেই বিহুৰ বতৰত ব্যস্ত হৈ পৰিছে । ইজনে সিজনক সহায় কৰিছে । কোনোৱে যদি তাঁত বৈছে, কোনোৱে যঁতৰত মহুৰা ফুৰাইছে । মুঠতে অসমৰ গাঁও অঞ্চলত সততে নেদেখা এক দৃশ্য । এই দৃশ্য কলিয়াবৰৰ পোৰাভেটি গাঁৱৰ ।
অনিল শইকীয়া আৰু বন্তি শইকীয়াই সংসাৰ গঢ়াৰে পৰা বিভিন্ন ঘাত-প্ৰতিঘাতেৰে সংসাৰখন আগুৱাই নিছে । দুয়ো-দুয়োকে সহায় কৰিছে । সাধাৰণতে পুৰুষে তাঁতশালখন চোতালৰ এচুকত চাৰিখুটা পুতি পাতি দিয়ে । গাঁৱত তাঁতশালখন পোতালৈকেহে এজন পুৰুষৰ কাম । তাঁত বোৱাতো বহু দূৰৰ কথা ।
আজিকালি অৱশ্যে দুই-এজন পুৰুষে ব্যৱসায়িক ভিত্তিত তাঁত বয় । কিন্তু পত্নীক তাঁতবোৱাত সহায় কৰি দিয়া এনে ঘটনা প্ৰায় নোহোৱাৰ দৰে । দৈনিক কামৰ বাবে ওলাই যোৱা পোৰাভেটি গাঁৱৰ অনিল শইকীয়াই ঘৰত থকা সময়ত সাজু হৈ থকা তাঁতখন বৈ পত্নীক সহায় কৰি ভাল পায় । বাঁহ-কাঠৰ কাম অতি নিয়াৰিকৈ কৰিব জনা অনিলে প্ৰথমে যঁতৰত মহুৰা ফুৰাই পত্নীক সহায় কৰিছিল । পিছলৈ ভাত-পানী বা আন কামত পত্নী বন্তি ব্যস্ত থকা সময়ত লাহে লাহে তাঁত ব'বলৈ আৰম্ভ কৰিছিল । এতিয়া গামোচাত ফুল বাচিবলৈ পৰা হ'ল ।

অনিলৰ এই সহায়ৰ বিষয়ে পত্নী বন্তি শইকীয়াই কয়," মই ছোৱালী কালৰে পৰা তাঁত বওঁ । মাহঁতে বয়, মইও মাৰ লগত তাঁত বৈয়ে শিকা । বিয়া হৈ অহাৰ পাছৰে পৰা ইয়াতো তাঁত বৈ আহিছো । বছৰৰ সৰহখিনি সময় তাঁত থাকেই । মানুহজনে সহায় কৰি দিয়ে, মহুৰা ফুৰাই দিয়ে, তাঁতো বৈ দিয়ে । এতিয়া ফুল বাচিবও জানে । তাঁত এৰি ভাত ৰান্ধিবলৈ যাওঁতে, আন ঘৰুৱা কামত লাগি থকা সময়তে অনিলে লাহে-লাহে তাঁত ব’বলৈ আৰম্ভ কৰিছিল ।"
এই বিষয়ে বন্তিয়ে কয়," প্ৰথমে এখেতে তাঁত ব'বলৈ আৰম্ভ কৰোতে ভয়েই খাইছিলো । ভাবিছিলো বেয়া হ'ব, সূঁতা চিঙিব । মতা মানুহে জানো তাঁত বয় ? মানে মোৰ কামহে বাঢ়িব বুলি ভাবিছিলো । অকণমান বকো আৰু সূঁতা চিগিলে মই আকৌ জোৰাব নোৱাৰো দেই বুলি খঙো কৰো । তাৰ পাছত দেখো পাৰিছে, বকিবলগীয়া হোৱা নাই । মই ভবামতে নহ'লগৈ । লাহে লাহে পৰা হ'লগৈ । এতিয়া সময় পালেই তাঁত বৈ মোক সহায় কৰি দিয়ে । "
তাঁত বৈ পত্নীক সহায় কৰি আনন্দ লাভ কৰা অনিলে কয়, "তাঁত বোৱা মোৰ প্ৰায় পাঁচ বছৰমান হ'ল । মহুৰা ফুৰোৱা, তাঁত বোৱা, ফুল বচা আদি কাম কৰি এওঁক সহায় কৰি দিওঁ । এতিয়া তাঁতত গামোচা লগোৱা আছে । ঘৰৰ কাৰণেও বওঁ, ব্যৱসায়িকভাৱেও বওঁ ।"
পত্নীক এনেদৰে সহায় কৰাৰ বিষয়ে অনিল শইকীয়াই কয়, "নিজে-নিজেই মনলৈ আহিল । কামহে, ইচ্ছা কৰিলেই পাৰি । মানুহজনীক সহায় কৰি দিম বুলি মনলৈ আহিল । কাম থকাৰ দিনা নামলৈ যাওঁ, নথকাৰ দিনা ঘৰত এনেদৰেই তাঁত বৈ সহায় কৰি দিওঁ । আজিকালি শিপিনী নোহোৱা হ'ল । আমাৰ গাঁৱতে নাই বুলিব পাৰি । তথাপি মানুহজনীয়ে তাঁতৰ কাম চলাই নিছে । মই কামৰ মাজতে আহৰি পালেই সহায় কৰি দিওঁ ।"