ETV Bharat / state

কছাৰী কছাৰী সোণোৱাল কছাৰী... অ' মোৰ সোণ সোণাই ঐ... শদিয়াত পাতি লং থান - SONOWAL KACHARI BIHU PREPARATION

পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু । মাকোৰ খিটখিটনিত ৰজনজনাইছে সোণোৱাল গাঁওসমূহ । স্বকীয় সংস্কৃতি, পৰম্পৰা জীয়াই ৰখা সোণোৱাল কছাৰীসকলে "সোণোৱালী"ক লৈ গৌৰৱ কৰি আহিছে ।

Sonowal Kachari Bihu Preparation in Dibrugarh
মাকোৰ খিটখিটনিত ৰজনজনাইছে সোণোৱাল গাঁও (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 1, 2025 at 1:57 PM IST

2 Min Read

মৰাণ: ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটিমান দিন । ৰাজ্যৰ চৌদিশে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । সমান্তৰালকৈ তাঁতশালতো বাঢ়িছে শিপিনীৰ ব্যস্ততা । তাঁতশালত মাকোৰ খিটখিটনি । মৰমৰ দীঘ চেনেহৰ বাণিৰে প্ৰিয়জনৰ বাবে বৈছে হেঁপাহৰ বিহুৱান । বিহুৰ দিনটোত আপোনজনক দিবলৈ তাঁতশালত ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়ৰী-বোৱাৰীসকল ।

মাকোৰ খিটখিটনিত ৰজনজনাইছে সোণোৱাল গাঁওসমূহ । অসমীয়াৰ স্বাভিমান গামোচা বিহুৰ পূৰ্বে বৈ উলিয়াবলৈ তাঁতশালত জীয়ৰী-বোৱাৰীসকল ব্যস্ত হোৱাৰ সমান্তৰালভাৱে 'সোণোৱালী'বোৱাত ব্যস্ত জীয়ৰী-বোৱাৰীসকল । ডিব্ৰুগড়ৰ নাহৰণি সোণোৱাল গাঁৱতো দেখিবলৈ পোৱা গৈছে তেনে এক ব্যস্ততা । সোণোৱাল কছাৰীসকল বসবাস কৰা গাঁৱত 'সোণোৱালী' বোৱাত ব্যস্ত জীয়ৰী-বোৱাৰীসকল ।

মাকোৰ খিটখিটনিত ৰজনজনাইছে সোণোৱাল গাঁও (ETV Bharat Assam)

কোনোৱে যদি যঁ‌তৰত মহুৰা বাতিছে, কোনোৱে আকৌ তাঁতশালত "সোণোৱালী" বৈছে । তাঁতশালতে কোনোগৰাকীয়ে জুৰিছে বিহুগীতৰ কলি । মুঠৰ ওপৰত ব্যস্ততাৰ অন্ত নাই গাঁওখনত । তাঁতশালৰ লগতে ঘৰতো বিহুৰ আয়োজন চলাইছে বুলি জানিবলৈ দিছে জীয়ৰী-বোৱাৰীসকলে ।

Sonowal Kachari Bihu Preparation in Dibrugarh
মাকোৰ খিটখিটনিত ৰজনজনাইছে সোণোৱাল গাঁও (ETV Bharat Assam)

সোণোৱালীক লৈ গৌৰৱান্বিত সোণোৱালসকল:

অসমৰ এটা গুৰুত্বপূৰ্ণ জনগোষ্ঠী হ'ল সোণোৱাল কছাৰীসকল । নিজৰ স্বকীয় সংস্কৃতি আৰু ধৰ্মীয় পৰম্পৰা বজাই ৰাখি জনগোষ্ঠীটোৱে আজিও বৰঅসম গঢ়াত অভূতপূৰ্ব অৱদান আগবঢ়াই আহিছে । স্বকীয় সংস্কৃতি, পৰম্পৰা জীয়াই ৰখা সোণোৱাল কছাৰীসকলে "সোণোৱালী"ক লৈ গৌৰৱ কৰি আহিছে । উজনি অসমত অধিক বসতি থকা সোণোৱাল কছাৰীসকলে "সোণোৱালী"খন নিজৰ সাংস্কৃতিক চিন হিচাপে ব্যৱহাৰ কৰি আহিছে । বিহুত "সোণোৱালী"খনকে বিহুৱান হিচাপে ব্যৱহাৰ কৰে । হালধীয়া, সেউজীয়া সূতাৰে বোৱা "সোণোৱালী"খন সোণোৱাল কছাৰীসকলে প্ৰতিটো নিজা অনুষ্ঠানত ব্যৱহাৰ কৰে ।

হালধীয়া-সেউজীয়া সূতাৰে বোৱা সোণোৱাল কছাৰীসকলৰ "সোণোৱালী" (ETV Bharat Assam)

বিহুনাম জুৰি গামোচা বোৱাত ব্যস্ত জীয়ৰী-বোৱাৰী :

উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড় জিলাত থকা সোণোৱাল কছাৰীসকলে আহোমকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ লগত একতাৰে বাস কৰিলেও নিজৰ জনগোষ্ঠীৰ পৰম্পৰা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে । ডিব্ৰুগড়ৰ নাহৰণি সোণোৱাল গাঁৱত প্ৰতিটো পৰিয়ালতে আছে একোখনকৈ তাঁতশাল । য'ত সোণোৱালী বোৱাত ব্যস্ত জীয়ৰী-বোৱাৰীসকল । তেওঁলোকে জানিবলৈ দিয়া অনুসৰি বিহুৰ বাবে প্ৰস্তুত কৰিছে জনগোষ্ঠীটোৰ পৰম্পৰাগত সাজ ।

লগতে পঢ়ক:ঢোল-পেঁপাৰ মাতত কঁপিছে তিনিচুকীয়া, গাভৰু ব্যস্ত তাঁতশালত - RONGALI BIHU PREPARATION

বিহুলৈ বিহুৱান বোৱাত ব্যস্ত এজাক শিপিনী - BOHAG BIHU 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.