ETV Bharat / state

মিঞা স্বায়ত্ত শাসনৰ লগতে মিঞালেণ্ডৰ দাবী জনাম; উৰিয়ামঘাটত উচ্ছেদিতৰ হুংকাৰ

"১৯৩২ৰ পৰা আন্দোলন কৰি ৩৫ লাখ বড়ো মানুহে যদি বড়োলেণ্ড দাবী কৰিব পাৰে, তেন্তে ১ কোটি ৪০ লাখ মিঞা মানুহে মিঞালেণ্ডো দাবী কৰিব পাৰে ।"

URIAMGHAT EVICTION
মিঞা স্বায়ত্ত শাসনৰ লগতে মিঞালেণ্ডৰ দাবী জনাম; উৰিয়ামঘাটত উচ্ছেদিতৰ হুংকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 30, 2025 at 12:03 AM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ : নামনি অসমত উচ্ছেদৰ সময়ত দেখা গৈছিল প্ৰশাসনৰ লোকৰ সৈতে সংঘাত । আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হৈছিল গোৱালপাৰাৰ পাইকানত । তাৰ বিপৰীতে গোলাঘাটৰ উৰিয়ামঘাটত বিপৰীত ছবি । কিয়নো উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীয়ে প্ৰশাসনৰ সৈতে সংঘাত কৰা নাই । তেওঁলোকে হুংকাৰ জনাইছে, দাবী জনাইছে । প্ৰতিটো মুহুৰ্ততেই তেওঁলোকে চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি সৰৱ ।

আজি উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত চলিছিল অসমৰ বৃহৎ উচ্ছেদ অভিযান । তেনে সময়তেই বেদখলকাৰীসকলৰ যুৱক এজনে হুংকাৰ প্ৰদান কৰিছে । তেওঁলোকে মিঞা লেণ্ডৰ দাবী জনাইছে । মিঞা শাসিত পৰিষদৰো দাবী তুলিব তেওঁলোকে ।

মিঞা স্বায়ত্ত শাসনৰ লগতে মিঞালেণ্ডৰ দাবী জনাম; উৰিয়ামঘাটত উচ্ছেদিতৰ হুংকাৰ (ETV Bharat Assam)

মিঞালেণ্ডৰ দাবী তুলি বেদখলকাৰী যুৱকজনে কয়, "চৰকাৰে আমাৰ দাবী মানি ল'ব লাগিব । শান্তিপূৰ্ণভাৱে চৰকাৰে আমাক পুনৰ সংস্থাপন দিব লাগিব । অন্যথা মিঞা স্বায়ত্ত শাসনৰ দাবী জনাম আৰু মিঞালেণ্ড বুলিও দাবী কৰিম আমি ।"

URIAMGHAT EVICTIONURIAMGHAT EVICTION
উৰিয়ামঘাটত উচ্ছেদৰ পিছৰ দৃশ্য (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "১৯৩২ ৰ পৰা আন্দোলন কৰি ৩৫ লাখ বড়ো মানুহে যদি বড়োলেণ্ড দাবী কৰিব পাৰে, তেন্তে ১ কোটি ৪০ লাখ মিঞা মানুহে মিঞালেণ্ডো দাবী কৰিব পাৰে । যদি চৰকাৰে আমাক পুনৰ সংস্থাপন নিদিয়ে তেনেহ'লে চৰকাৰে বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব । আমি মিঞা ছাত্ৰ পৰিষদে গোটেই অসমৰ লগতে দিল্লী, ভাৰতবৰ্ষ কঁপাই তুলিম ।"

URIAMGHAT EVICTION
উৰিয়ামঘাটত উচ্ছেদৰ দৃশ্য (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "অসমৰ আমছুকে ধৰি যিমান সংগঠন আছে সকলোৱে মিলি হিমন্ত বিশ্ব শৰ্মাক চিটৰ পৰা চোঁচৰাই নমাম । চৰকাৰ ৰাইজে কল্যানৰ বাবেহে গঠন কৰিছে । সীমান্তৰ আমাৰ পঞ্চায়তৰ ৩৬ খন গাঁৱৰ দুখন গাঁও বনাঞ্চল, বাকীকেইখন গাওঁ কি হ'ল ?

URIAMGHAT EVICTION
উৰিয়ামঘাটত উচ্ছেদৰ দৃশ্য (ETV Bharat Assam)

লাচিত সেনাই ৰাস্তাত গাড়ী ৰখাই লুণ্ঠন কৰে :

যুৱকজনে কয়, "নগাঁও ফালে গ'লে লাচিত সেনাই দিগদাৰ দিয়ে । লাচিত সেনাই ৰাস্তাৰ গাড়ী ৰখাই টকা-পইচা লৈছে, মাইকীবোৰক মাৰ-ধৰ কৰিছে । লাচিত সেনাৰ চৰিত্ৰ তেনেকোৱা নহয়টো ।"

লগতে পঢ়ক : মোৰ ঘৰ ভঙা ভিডিঅ'টো কৰিব নোৱাৰিলো... উৰিয়ামঘাটত উচ্ছেদিতৰ কান্দোনৰ ৰোল

শান্তিপূর্ণভাৱে চলি আছে উচ্ছেদ অভিযান, উদ্ভৱ হোৱা নাই কোনো অপ্রীতিকৰ পৰিস্থিতি: আই জি পি অখিলেশ কুমাৰ সিং

এক্সকেভেটৰে এফালৰ পৰা মহতিয়াই নিছে ঘৰ-বাৰী, আৰম্ভ চৰকাৰৰ উচ্ছেদ অভিযান