ETV Bharat / state

পক্ষীকুলৰ তৃষ্ণা নিবাৰণৰ বাবে বিশ্ববিদ‍্যালয় চৌহদত ব্যতিক্ৰমী পদক্ষেপ - UNIQUE MEASURES FOR BIRDS

উৎকট গৰমত মহানগৰীত এতিয়া মানুহৰ লগতে চৰাইৰ বাবেও এটুপি পানী পাবলৈ নাই । সেয়েহে কটন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কৰিলে এই কাম…

unique measures for birds In Guwahati
পক্ষীকুলৰ বাবে বিশ্ববিদ‍্যালয় চৌহদত ব্যতিক্ৰমী পদক্ষেপ (Gauhati University)
author img

By ETV Bharat Assamese Team

Published : June 22, 2025 at 5:17 PM IST

3 Min Read

গুৱাহাটী: উৎকট গৰমে দহিছে ৰাজ্য । এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্নজনে ভিন্ন পন্থা অৱলম্বন কৰিছে; কিন্তু কোনোবাই পক্ষীকুলৰ কথা চিন্তা কৰিছেনে ?

এটুপি পানীৰ বাবে পক্ষী, জীৱ-জন্তুবোৰে ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিব লাগে । যান্ত্ৰিকতাৰ মহানগৰীত এটুপি পানী পাবলৈ নাই ।

পক্ষীকুলৰ বাবে বিশ্ববিদ‍্যালয় চৌহদত ব্যতিক্ৰমী পদক্ষেপ (Gauhati University And Cotton University)

এনে পৰিস্থিতিত পক্ষীবোৰৰ তৃষ্ণা নিবাৰণৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে । প্ৰখৰ গৰমত পক্ষীকুলৰ সকাহ হোৱাকৈ পিয়াহৰ পানীৰ ব্যৱস্থা কৰিছে কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ‍্যালয় চৌহদত ।

কটন বিশ্ববিদ্যালয়ৰ চৌহদত পানীৰ পাত্ৰ স্থাপন :

উৎকট গৰমৰ বাবে কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে পক্ষীকুলৰ বাবে বিশ্ববিদ্যালয় চৌহদত পানীৰ পাত্ৰ স্থাপন কৰিছে । বিশ্ববিদ্যালয়খনৰ চৌহদত থকা গছবোৰত মাটিৰ পাত্ৰত পানীৰ ব্যৱস্থা কৰা হৈছে ।

unique measures for birds In Guwahati
পক্ষীকুলৰ বাবে বিশ্ববিদ‍্যালয় চৌহদত ব্যতিক্ৰমী পদক্ষেপ (Gauhati University)

পানীৰ পাত্ৰ স্থাপন কৰাত উদ্যোগ লোৱা একাংশ ছাত্ৰই কয়, "উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি পানী খাওঁ; কিন্তু চৰাই চিৰিকটিয়ে পানী ক'ত পাব ? মানুহৰ যিদৰে পিয়াহ লাগে,গৰম উঠে ঠিক একেদৰে পক্ষীৰো পিয়াহ লাগে । এই কথা চিন্তা কৰিয়ে ২০ টা মাটিৰ পাত্ৰত পানীৰ ব্যৱস্থা কৰা হৈছে । এই পাত্ৰবোৰ আমি স্থাপন কৰিছো পৰিচালনাত সকলো কটনীয়ানৰ সহায় সহযোগিতা বিচাৰিছো । এই পানীৰ পাত্ৰবোৰ খালী হোৱা দেখিলে ছাত্ৰ-ছাত্ৰীসকলে যাতে তাত পানী দিয়ে ।"

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ৪০ টা পানীৰ পাত্ৰ স্থাপন :

গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ উদ্যোগতো বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ চৌহদত পক্ষীকুলৰ বাবে প্ৰায় ৪০ টা পানীৰ পাত্ৰ স্থাপন কৰা হৈছে । প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

বিশ্ববিদ্যালয়খনৰ আছু গোটৰ সদস্য উদয়ন নাথ আৰু হীৰক হুজুৰীয়ে কয়,"গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত যথেষ্ট সংখ্যক চৰাই চিৰিকটি আছে । এই উৎকট গৰমত চৰাইবোৰে পিয়াহৰ পানীটুপীৰ বাবে হাহাকাৰ কৰা পৰিলক্ষিত হয় । সেই কথা উপলব্ধি কৰি আৰু গোটৰ ফালৰ পৰা পক্ষীকুলৰ বাবে বিশ্ববিদ্যালয়ৰ চৌহদত থকা গছবোৰত মাটিৰ পাত্ৰ বান্ধি সেই

পাত্ৰবোৰত পানী দিয়াৰ ব্যৱস্থা কৰা হৈছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰথমবাৰৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই পাত্ৰবোৰ চোৱা-চিতাৰ দায়িত্ব বিশ্ববিদ্যালয়ৰ আছু গোটৰ সদস্যসকলে কৰিব ।"

লগতে পঢ়ক:পানী খাবলৈ লওতেই ঢলি পৰিল মাটিত: উৎকট গৰমে প্ৰাণ ল’লে এজনৰ - HEAT STROKE DEATH

প্ৰকৃতিৰ ৰুদ্ৰৰূপত পথাৰতে শুকাইছে গাখীৰতী ধান; জলসিঞ্চনৰ অভাৱত ৰাজ্যত কৃষকৰ হাহাকাৰ - Water Crisis In Paddy Field - WATER CRISIS IN PADDY FIELD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.