ETV Bharat / state

গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড়ত চলিব ৱাটাৰ মেট্ৰ' ! কেন্দ্ৰৰ অনুমোদন

কোচিৰ ৱাটাৰ মেট্ৰ'ৰ আৰ্হিত অসমতো হ'ব ৱাটাৰ মেট্ৰ' ৷ লুইতৰ বুকুৰে যাব পাৰিব ইঠাইৰ পৰা সিঠাইলৈ ৷

WATER METROS IN ASSAM
ৱাটাৰ মেট্ৰৰ পৰিকল্পনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 11, 2025 at 6:31 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমৰ বাবে সুখবৰ । ব্ৰহ্মপুত্ৰ নদীত আৰম্ভ হ'ব ৱাটাৰ মেট্ৰ' । কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রণালয়ে বিভাগটোৰ অধীনত দেশৰ ২৪ খন চহৰত ৱাটাৰ মেট্ৰ'ৰ প্ৰযুক্তিগত সম্ভাৱনীয়তাৰ অধ্যয়নত অনুমোদন জনাইছে । ইয়াৰ ভিতৰত অসমৰ গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড় চহৰকো নিৰ্বাচিত কৰা হৈছে ।

গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড় চহৰ বিশেষকৈ গুৱাহাটীৰ মাজেৰে যোৱা ব্ৰহ্মপুত্ৰ নদীত ৱাটাৰ মেট্ৰ' আৰম্ভ হ’লে গুৱাহাটীৰ যান-জঁট আৰু প্ৰদূষণৰ ক্ষেত্ৰত এক সূদুৰপ্ৰসাৰী প্ৰভাৱ পৰিব । যোৱা ৮ এপ্ৰিলত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রণালয়ে দেশৰ ২৪ খন চহৰত এই সেৱা উপলব্ধ কৰাৰ উদ্দেশ্য প্রযুক্তিগত সম্ভাৱনীয়তা অধ্যয়নৰ বাবে অনুমোদন জনোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক পদক্ষেপৰ বাবে ধন্যবাদ জনাই কয়- "অসমৰ সমৃদ্ধ বিশাল নদীৰ নেটৱৰ্কেৰে ৱাটাৰ মেট্ৰ'ৱে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰৰ দৰে ঠাইত নগৰকেন্দ্ৰিক গতিশীলতা ৰূপান্তৰৰ অতুলনীয় সম্ভাৱনা বহন কৰি আহিছে । দেশৰ ২৪ খন চহৰত ৱাটাৰ মেট্ৰ'ৰ প্ৰযুক্তিগত সম্ভাৱনীয়তা অধ্যয়নৰ অন্যতম হিচাপে গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰক অনুমোদন জনোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷"

উল্লেখ্য যে, ৱাটাৰ মেট্ৰ' প্ৰকল্প কেৰালাৰ কোচি চহৰত থকা ৱাটাৰ মেট্ৰ' প্ৰকল্পৰ আধাৰত কৰা হ'ব । যোৱা ২০২১ চনত ডিচেম্বৰত কোচিত ৱাটাৰ মেট্ৰ' প্ৰকল্প মুকলি কৰা হৈছিল । এই প্ৰকল্পৰ বাবে ৮১৯ কোটি টকা ব্যয় কৰা হৈছিল । কোচিৰ এই ৱাটাৰ মেট্ৰ' প্ৰকল্প দেশৰ প্ৰথমটো ৱাটাৰ মেট্ৰ' প্ৰকল্প । বৰ্তমান কোচিত ৱাটাৰ মেট্ৰ' সেৱাত ১৫ টা জলপথত যাতায়াতৰ ব্যৱস্থা কৰা হৈছে । ৭৫ খন ই বোট( E-Boat ) আছে । ৭৫ কিলোমিটাৰ জলৰাশি সামৰি এই ৱাটাৰ মেট্ৰ'ৰে যাতায়াতৰ ব্য়ৱস্থা আছে ।

ইতিমধ্যে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কোচিৰ জলৰাশিৰে ৱাটাৰ মেট্ৰ'ৰ সহায়ত যাত্ৰা কৰি ইয়াৰ কাৰ্যদক্ষতাৰ সন্দৰ্ভত এক বিস্তৃত পর্যালোচনা কৰিছে । পর্যালোচনাৰ অন্তত সংবাদ মাধ্যমৰ এই সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “কোচি ৱাটাৰ মেট্ৰ'ৰ সফলতা ভাৰতৰ উদ্ভাৱনী কৌশল আৰু জল পৰিবহণ খণ্ডৰ সবলীকৰণৰ এক অনন্য নিদৰ্শন । ইয়াৰ দ্বাৰা জল পৰিবহণে কিমান পৰিচ্ছন্ন, আৰামদায়ক আৰু দক্ষ ৰূপত চহৰীয়া জীৱনত যাতায়াতৰ ধাৰাক এক নতুন ৰূপ প্ৰদান কৰিব পাৰে, সেয়া প্ৰমাণিত হৈছে । এই সফলতাৰ পৰা প্ৰেৰণা লৈ আমাৰ মন্ত্ৰণালয়ে অসমৰ গুৱাহাটী, ডিব্ৰুগড় আৰু তেজপুৰকে ধৰি দেশৰ ২৪ খন চহৰত ৱাটাৰ মেট্ৰ'ৰ সম্ভাৱনীয়তাৰ অধ্যয়নত অনুমোদন জনাইছে ।”

ৱাটাৰ মেট্ৰ'ৰ সম্ভাৱনীয়তাৰ অধ্যয়ন ভাৰতৰ আন্তদেশীয় জলপথ প্ৰাধিকৰণৰ (The island waterways authurity of India) অধীনত হ'ব । এই সন্দৰ্ভত ভাৰতৰ আন্তদেশীয় জলপথ প্ৰাধিকৰণ, পাণ্ডুৰ উপ সঞ্চালক প্ৰবীণ বৰাই কয়- ‘‘এই অধ্যয়নৰ বাবে মন্ত্ৰালয়ে নিবিদা আহ্বান কৰিব । এই পদক্ষেপে এক আধুনিক আৰু বহনক্ষম পৰিবহণৰ পথ মুকলি কৰিব । এই পৰিবহণ ব্যৱস্থাই নিশ্চিতভাবে যান-জঁট আৰু প্ৰদূষণ দূৰ কৰিব । গুৱাহাটীত যানজঁটৰ সমস্যা আছে । এই সেৱা গুৱাহাটীৰ ক'ত, ক’ৰ পৰা আৰু কেনেকৈ আৰম্ভ হ'ব সেয়া অধ্যয়নৰ পিছতহে জানিব পৰা যাব । কিন্তু এয়া নিশ্চিত যে গুৱাহাটীত এই সেৱা আৰম্ভ হ'লে গুৱাহাটীৰ যাতায়াত ব্যৱস্থাত এক সূদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব ।’’

লগতে পঢ়ক: মাটি মহিলা সমিতিৰ, বসুন্ধৰাত আবেদনকাৰী মন্ত্ৰীপত্নী: এই "ভুল" কিয় কৰিলে মন্ত্ৰীয়ে