ETV Bharat / state

জলাশয় নে বিদ্যালয় ! ৰাজধানীৰ কাষৰতে পানীৰ তলত ককবকাই আছে এখন বিদ্যালয়ে - PROBLEMS OF SIJUBARI LP SCHOOL

দিছপুৰৰ গাতে লাগি থকা এখন বিদ্যালয় । ছবছৰে পানীৰ তলত থকা গুৱাহাটীৰ এখন বিদ্যালয়ৰ যন্ত্ৰণাৰ কাহিনী ।

Problems of Sijubari LP School
জলাশয় নে বিদ্যালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 7:23 PM IST

4 Min Read

গুৱাহাটী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে অসমত সৰ্বাংগীন উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই থকাৰ সময়তে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা এখন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে গেলা-পচা আৱৰ্জনা মিশ্ৰিত পানীৰ মাজত আবদ্ধ হৈয়ে শিক্ষা গ্ৰহণ কৰি আছে ।

এইক্ষেত্ৰত যেন এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ দুৰ্দশাৰ প্ৰতি মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰীৰ চকু দিবলৈ সময় নাই । দিছপুৰৰ পৰা মাত্ৰ ৪ কিলোমিটাৰ নিলগত থকা সিজুবাৰী প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে পানীৰ মাজত আবদ্ধ হৈয়ে ছয় বছৰে যন্ত্ৰণাদায়ক শৈক্ষিক জীৱন অতিবাহিত কৰি আহিছে ।

ৰাজধানীৰ কাষৰতে পানীৰ তলত ককবকাই আছে এখন বিদ্যালয়ে (ETV Bharat Assam)

এজাক বৰষুণ আহিলেই প্লাবিত হৈ পৰে বিদ্যালয়খন । একাঁঠু পৰ্যন্ত পানী হয় বিদ্যালয়খনত । এদিন দুদিন নহয়, দহ দিনলৈ এই পানী আবদ্ধ হৈ থাকে বিদ্যালয়খনত । যাৰ ফলত গেলা পানীৰ মাজতে বিদ্যালয়খনৰ শিশুসকলে শিক্ষাগ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ।

১৯৪৬ চনতে এই বিদ্যালয়খন স্থাপন কৰা হৈছিল । সেই সময়ত সমগ্ৰ হাতীগাঁও অঞ্চলত এইখনেই একমাত্ৰ প্ৰাথমিক বিদ্যালয় আছিল । কিন্তু আজি আঠ দশক ধৰি জ্ঞানৰ পোহৰ বিলাই থকা বিদ্যালয়খনৰ এই দুৰৱস্থা ।

Problems of Sijubari LP School
ৰাজধানীৰ কাষৰতে পানীৰ তলত ককবকাই আছে এখন বিদ্যালয়ে (ETV Bharat Assam)

এই সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষক নুৰ হুছেইনে কয়, "যোৱা ছবছৰে বিদ্যালয়খনে এই নৰক যন্ত্ৰণা সহ্য কৰি আছে ।"

তেওঁ জনায়, "বিদ্যালয়খনত প্ৰাক-প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈকে ৬০০ গৰাকী ছাত্ৰ-ছাত্ৰী আছে । ১৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছে । বিদ্যালয়খনত সাধাৰণ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰে ।"

বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে লগতে কয়, "এজাক বৰষুণ আহিলেই প্লাবিত হৈ পৰে বিদ্যালয়খন । একাঁঠু পৰ্যন্ত পানী হয় বিদ্যালয়খনত । ১০ দিনলৈ এই পানী আবদ্ধ হৈ থাকে । গেলা পানীৰ মাজতে বিদ্যালয়খনৰ শিশুসকলে শিক্ষাগ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে । বেছি পানী হ'লে স্কুল বন্ধ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।"

আনহাতে, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ কথা উল্লেখ কৰি প্ৰধান শিক্ষকগৰাকীয়ে কয়,‌ "কাষতে এটা আৰ চি চি বিল্ডিঙত শ্ৰেণীকোঠা নিৰ্মাণ কৰি থকা হৈছে । কিন্তু টকাৰ অভাৱত নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই । পানী হ'লে তাত থকা অৰ্ধনিৰ্মিত শ্ৰেণীকোঠাবোৰত ছাত্ৰ-ছাত্ৰীসকলক কষ্টকৈ শিক্ষাদান কৰা হয় ।"

দুখ প্ৰকাশ কৰি তেওঁ কয়, "দুখৰ কথা বিদ্যালয়খনত আন্তঃগাঁথনিৰ অভাৱ । পৰ্যাপ্ত ডেস্ক-বেঞ্চ নাই । খোৱাপানীৰ ব্যৱস্থা নাই ।‌ বজাৰৰ পানী কিনিব লাগে ।"

মুঠতে এশ এবুৰি সমস্যাৰে জৰ্জৰিত বিদ্যালয়খনৰ সমস্যা সমাধানৰ বাবে শিক্ষা বিভাগক বহুবাৰ আবেদন কৰা হৈছে যদিও কোনো ফল ধৰা নাই বুলি প্ৰধান শিক্ষকগৰাকীয়ে আক্ষেপ কৰে ।

ইফালে ‌বিদ্যালয়খনৰ যন্ত্ৰণাৰ কাহিনী ‌বৰ্ণনা কৰি বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলে জনায় যে কৃত্ৰিম বানৰ বাবে শ্ৰেণীকোঠা, প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰবোৰত একাঁঠু পৰ্যন্ত পানী হয় । ১০ দিনলৈ পানী থাকে । বৰষুণ আহি থাকিলে বেছি দিনলৈ এই সমস্যা থাকে । এনে অৱস্থাত শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ শৌচ-প্ৰস্ৰাৱ কৰে সেয়া বাখ্যা কৰিব নোৱাৰি ।

কিন্তু এই যন্ত্ৰণাৰ মাজতো যাতে এই কণ কণ গৰীৱ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকল ভাল শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰবাবে কৰ্তব্য পালন‌‌ কৰি থকা হৈছে ।

এতিয়া শিক্ষা বিভাগে নিজ কৰ্তব্য পালন কৰি এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মংগলৰ প্ৰতি চকু দিলে ভাল আছিল বুলি শিক্ষয়িত্ৰীসকলে দোহাৰে ।

লগতে পঢ়ক :ভূমিস্খলনৰ আশংকা : আতংকিত গুৱাহাটীৰ পাহাৰত আৰু নামনিত বাস কৰা লাখ লাখ লোক - LANDSLIDES IN GUWAHATI
লগতে পঢ়ক :বনকৰ্মীৰে সংঘৰ্ষত ধৰাশায়ী গঁড় চিকাৰ কৰিবলৈ অহা চোৰাং চিকাৰী - POACHER KILLED IN KAZIRANGA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.