ETV Bharat / state

মহানগৰীৰ সৌন্দৰ্য বৰ্ধনত ৱাটাৰ ATM, পাছে পানীহে নোলায় - Water ATM in Guwahati

Guwahati Smart City Project : বৰ্ধিত গৰমৰ সময়তো যদি আপুনি গুৱাহাটী ভ্ৰমণ কৰিবলগীয়া হয়, তেন্তে লগত ৰাখক এটা পানীৰ বটল ৷ যদিহে গুৱাহাটীত পানী কিনিবলৈ ভাবি ঘৰৰ পৰা ওলাই আহে, তেতিয়া আপুনি বিপদত পৰাতো নিশ্চিত ! কিয়নো ভালুকৰ সাঙীত পৰিণত হৈছে মহানগৰীৰ 20 টাকৈ ৱাটাৰ এ টি এম ৷ য’ৰ পৰা এতিয়া নোলায় এটোপালো পানী ৷

WATER ATM IN GUWAHATI
প্ৰহসনত পৰিণত ৱাটাৰ ATM প্ৰকল্প (Source : Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 24, 2024 at 7:47 AM IST

|

Updated : May 24, 2024 at 10:57 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী, 24 মে’ : গুৱাহাটী স্মাৰ্ট চিটী ৰূপায়ণৰ নামত চলি আছে একপ্ৰকাৰৰ চৰম ভেকোভাওনা ৷ ২০১৪ চনত বিজেপি চৰকাৰে দেশৰ শাসনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতে তাৎক্ষণিকভাৱে দেশৰ‌ ১০০‌ খন চহৰ‌, মহানগৰক স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণৰ বাবে চিহ্নিত কৰিছিল ৷ ইয়াৰ ভিতৰত অসমৰ গুৱাহাটী মহানগৰৰ নাম সন্নিৱিষ্ট আছিল ৷

মহানগৰীৰ সৌন্দৰ্য বৰ্ধনত ৱাটাৰ ATM, পানীহে নোলায় (Etv Bharat Assam)

লগতে পঢ়ক: গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ ২৪ টা প্ৰকল্পৰ ১৯ টা প্ৰকল্পৰ কাম সম্পূৰ্ণ: অশোক সিংহল

কিন্তু গুৱাহাটীত এই স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণৰ নামত চৰকাৰে পৰিচয় দিছে চৰম ব্যৰ্থতাৰ ৷ গুৱাহাটীত স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত ৰূপায়ণ কৰা ৱাটাৰ এ টি এমকে আদি‌ কৰি বায়’ টয়লেট আদি আঁচনিবোৰ সম্প্ৰতি চৰম প্ৰহসনত পৰিণত‌ হৈছে ৷

কিমান টকা ব্যয় হৈছিল ৱাটাৰ ATM ত : গুৱাহাটীত স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণৰ নামত গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে স্থাপন কৰা ৱাটাৰ ATM সম্প্ৰতি বগাহাতীত পৰিণত হৈছে ৷ গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে মহানগৰীৰ ভিন্ন প্ৰান্তৰ 20 টাকৈ স্থানত স্থাপন কৰিছিল এই ৱাটাৰ এ টি এম ৷

বিজেপিৰ অন্যতম জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্য গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী হৈ থকাৰ সময়তে অৰ্থাৎ 2018 চনত পথচাৰীসকলক বিশুদ্ধ পানী যোগান ধৰাৰ উদ্দেশ্যে স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত ‘Swajal’ নামৰ কোম্পানীটোৱে মহানগৰীত স্থাপন কৰিছিল ৱাটাৰ এ টি এম কেইটা ৷

লগতে পঢ়ক: Guwahati Smart City Project : দুবছৰ ধৰি বিকল গুৱাহাটীৰ ৱাটাৰ ATM

গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ তথ্য অনুসৰি, প্ৰায় দুই কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হৈছিল এই 20 টাকৈ ৱাটাৰ এ টি এম ৷ সম্প্ৰতি আটাইকেইটা ৱাটাৰ এ টি এম বিকল হৈ পৰি থকা দেখা গৈছে ৷

গুৱাহাটীৰ ক'ত ক'ত স্থাপন হৈছিল ৱাটাৰ এ টি এম : এই ৱাটাৰ এ টি এম সমূহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাল চৌহদত, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় হাস্পতাল চৌহদত, ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান চৌহদত, পাণবজাৰৰ ফুড ভিলা, দিছপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গড়চুক পাচলি বজাৰ, নেহৰু ষ্টেডিয়াম, ৰাজ্যিক চিৰিয়াখানা তথা ব’টানিকেল গাৰ্ডেন, পাণবজাৰৰ নাককটা পুখুৰী, ধাৰাপুৰ বজাৰ, চানমাৰী জি এম চি বজাৰ, মাছখোৱা পাৰঘাট আৰু জেইল ৰোডৰ নিচেই কাষতে স্থাপন কৰা হৈছিল এই ৱাটাৰ এ টি এম সমূহ ৷

কি সুবিধা আছিল ৱাটাৰ এ টি এমৰ : উল্লেখ্য যে, এই ৱাটাৰ এ টি এম বোৰত 250 মিলিলিটাৰ পানীৰ দাম 1 টকা, এক লিটাৰ পানীৰ দাম 5 টকা, 5 লিটাৰ পানীৰ দাম 10 টকা, 20 লিটাৰ পানীৰ দাম 25 টকা নিৰ্ধাৰণ কৰিছিল ৷ এই ৱাটাৰ এ টি এম বোৰ পৰিচালনা কৰাৰ বাবদ এজনকৈ কৰ্মচাৰী নিয়োগ কৰা হৈছিল ৷ বহু লোকে পানী ক্ৰয় কৰাৰ বাবদ মাহেকীয়া কাৰ্ড বনাই লৈছিল ৷

দৈনিক বিক্ৰীৰ পৰিমাপ চাব গ’লে দেখা যায় যে, দৈনিক ৫০০-৭০০ টকাৰ পানী বিক্ৰী হৈছিল এটা ৱাটাৰ এ টি এম সমূহত ৷ পিছে চৰকাৰৰ সদিচ্ছা আৰু ‌অৱহেলাৰ বাবে পৰৱৰ্তী সময়ত বন্ধ হৈ পৰে সকলো ৱাটাৰ এ টি এম ৷

তাৎপৰ্যপূৰ্ণ কথাটো এয়ে যে, স্থাপনৰ কিছুদিন পিছতে বিকল হৈ পৰিছিল অধিকাংশ ৱাটাৰ এ টি এম ৷ বহু সময়ত বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবেও অধিকাংশ ৱাটাৰ এ টি এমৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছিল বুলি জানিব পৰা গৈছে ৷ সমান্তৰালকৈ সময়ে সময়ে এইবোৰ‌ মেৰামতি নকৰাৰ বাবেও লাহে লাহে সকলোবোৰ‌ এ টি এম বিকল‌ হৈ পৰে ৷

লগতে পঢ়ক: Guwahati Smart City Project : গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়ণৰ নামত চৰম ভেকোভাওনা

নতুন বৰ্ষত মহানগৰীত ২০০০ টা চি চি কেমেৰা সংস্থাপনৰ লক্ষ্য

Last Updated : May 24, 2024 at 10:57 AM IST