গঁড় চিকাৰৰ সৈতে জড়িত ৰফিক আলী পৰিল নগাঁও আৰক্ষীৰ জালত
নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰে গঁড় চিকাৰী ৰফিক আলীক । উদ্ধাৰ হস্তনিৰ্মিত পিষ্টল, অত্যাধুনিক মাৰণাস্ত্ৰৰ গুলী ।

Published : February 19, 2025 at 1:59 PM IST
নগাঁও: আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি থকা নগাঁৱৰ কুখ্যাত গঁড় চিকাৰী ৰফিক আলী অৱশেষত পৰিল নগাঁও আৰক্ষীৰ জালত । বিগত ২০২৪ চনতে নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা এক গোচৰৰ ভিত্তিত মঙলবাৰে নিশা নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় গঁড় চিকাৰৰ সৈতে জড়িত থকাৰ অভিযুক্ত আব্দুৰ ৰফিক ওৰফে ৰফিক আলীক । দীৰ্ঘদিনে পলাই থকা ৰফিক আলীৰ সন্ধানত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযান চলাই আছিল যদিও কোনো সন্ধান উলিয়াব নোৱৰা ৰফিক আলীক গ্ৰেপ্তাৰ কৰে ধিং অঞ্চলৰ পৰা ।
মঙলবাৰে নগাঁও আৰক্ষীয়ে গোপন সূত্ৰে লাভ কৰা এক তথ্যৰ ভিত্তিত নিশা নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপনে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় গঁড় চিকাৰৰ সৈতে জড়িত থকাৰ অভিযুক্ত ৰফিক আলীক । নগাঁও সদৰ আৰক্ষী থানাত বিগত বৰ্ষত ১০৮৩/২৪ নম্বৰত এক গোচৰ ৰুজু কৰি হৈছিল আব্দুৰ ৰফিক ওৰফে ৰফিক আলীৰ বিৰুদ্ধে । তেতিয়াৰ পৰাই পলাতক হৈ আছিল ৰফিক আলী ।

কিন্তু মঙলবাৰে নিশা নগাঁৱৰ ধিঙৰ পৰা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গঁড় চিকাৰৰ অভিযুক্ত ৰফিক আলীৰ পৰা মাৰণাস্ত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীৰ অভিযানকাৰী দলটো । মঙলবাৰে নিশা নগাঁও সদৰ আৰক্ষীয়ে ধিঙৰ পৰা গ্ৰেপ্তাৰ কৰা গঁড় চিকাৰৰ অভিযুক্ত ৰফিক আলীৰ পৰা এটা হস্তনিৰ্মিত পিস্তলৰ লগতে অত্যাধুনিক মাৰণাস্ত্ৰৰ এটা সজীৱ গুলীও উদ্ধাৰ কৰে নগাঁও আৰক্ষীৰ দলটোৱে । হস্তনিৰ্মিত পিস্তলেৰে অত্যাধুনিক মাৰণাস্ত্ৰৰ গুলী ব্যৱহাৰ কৰি গঁড় হত্যাৰ পৰিকল্পনা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।
ইপিনে, মঙলবাৰে গ্ৰেপ্তাৰ কৰা অভিযুক্ত গঁড় চিকাৰী আব্দুৰ ৰফিক ওৰফে ৰফিক আলীক বুধবাৰে নগাঁও আদালতত হাজিৰ কৰি অধিক তথ্যৰ বাবে পুনৰ আৰক্ষীৰ জিম্মাত বিচৰা সম্ভাৱনা আছে ।

