গুৱাহাটী: বৰ্তমান অসমৰ ৰাজনীতি আৰু সমাজনীতিত আজিৰ তাৰিখত চৰ্চিত বিষয়টো হৈ পৰিছে ৰাজ্য চৰকাৰৰ বন্দুকৰ অনুজ্ঞাপত্ৰ সিদ্ধান্তৰ বিষয়টো । কি এই বন্দুকৰ অনুজ্ঞাপত্ৰ, কিয় চৰ্চিত হৈছে এই বিষয়টো । তাকেলৈ ই টি ভি ভাৰতৰ এক চমু প্ৰতিবেদন ।
উল্লেখ্য যে ৰাজ্যখনৰ অসুৰক্ষিত আৰু আওহতীয়া অঞ্চলবোৰত আত্মৰক্ষাৰ বাবে ৰাজ্যখনৰ ভূমিপুত্ৰ আৰু খিলঞ্জীয়া ভাৰতীয় লোকসকলক ৰাজ্য চৰকাৰে বন্দুকৰ অনুজ্ঞাপত্ৰ দিব । বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে । কেবিনেটে 'Special Scheme for grant of Arms licenses to original Inhabitant and Indigenious Indian citizen of vulnerable and remote areas of Assam' শীর্ষক প্ৰস্তাৱটোত অনুমোদন দিছে । অসম কেবিনেটৰ এই বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত আৰু মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা মন্তব্যক বিভিন্ন দল সংগঠনে বিৰোধিতা কৰা দেখা গৈছে । তাৰ মাজতে আজি সন্ধিয়া মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই সম্পৰ্কত তথ্য সম্বলিত বক্তব্য সদৰী কৰে ।
কিয় অস্ত্র অনুজ্ঞা পত্র প্রদান সেৱাৰ বিশেষ আঁচনি গুৰুত্বপূর্ণ ?
অসমৰ খিলঞ্জীয়া/মূল আদিবাসীসকলক এই আঁচনিৰে সুৰক্ষা প্রদান কৰাটো প্রয়োজন ? কোনে আবেদন কৰিব পাৰিব ? ক’ত প্রযোজ্য নহয় ? এই সকলো কথা জানিবলৈ মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই সম্পৰ্কত তথ্য সম্বলিত বক্তব্য সদৰী কৰে ।
ক'ত অস্ত্র অনুজ্ঞাপত্র নীতি প্রযোজ্য নহ'ব:
মেঘালয়, অৰুণাচল প্রদেশ, মিজোৰাম, নাগালেণ্ড আদিৰ সৈতে সম্পৃক্ত অসমৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতি প্রযোজ্য নহ'ব ।
কিয় অস্ত্ৰ অনুজ্ঞা পত্র প্রদান সেৱাৰ বিশেষ আঁচনি গুৰুত্বপূৰ্ণ ? চৰকাৰৰ যুক্তি:
ৰাজ্য চৰকাৰে অনুজ্ঞাপত্র প্রদান সেৱাৰ বিশেষ আঁচনি গুৰুত্বৰ যুক্তি দাঙি ধৰিছে এনেদৰে :
- ব্যক্তিগত নিৰাপত্তাৰ বাবে অস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰৰ অনুমোদন
- স্পৰ্শকাতৰ এলেকাৰ নাগৰিকক আইনগত আত্মসুৰক্ষা আহিলাৰে সবলীকৃত
- প্রকৃত ভাবুকিৰ সৈতে মোকাবিলা আৰু আইনী ব্যক্তিগত সুৰক্ষা বৃদ্ধি
কোনে আবেদন কৰিব ?
- অসমৰ খিলঞ্জীয়া/মূল আদিবাসী
- বৈধ পৰিচয়পত্ৰ থকা ভাৰতীয় নাগৰিক আৰু ব্যক্তিগত নিৰাপত্তাহীনতাৰ ভাবুকিত ভোগা স্পৰ্শকাতৰ আৰু দুৰ্গম এলেকাত বাস কৰা লোকসকলে ইয়াৰ বাবে আবেদন কৰিব পাৰিব
আবেদনকাৰীৰ অৰ্হতাসমূহ কেনেদৰে মূল্যায়ন কৰা হ'ব ?
ভাবুকি মূল্যায়নৰ ক্ষেত্ৰত আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ দ্বাৰা সত্যতা নিৰূপণ, বাধ্যতামূলক আৰক্ষী অধীক্ষকৰ অনুমোদন আৰু সুৰক্ষা গোটৰ সৈতে জিলা দণ্ডাধীশৰ পর্যালোচনাৰ জৰিয়তে অৰ্হতাসমূহ মূল্যায়ন কৰা হ'ব ।
বন্দুকৰ অনুজ্ঞাপত্ৰৰ আইনী কাঠামো:
ৰাজ্য চৰকাৰে বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ আইনী কাঠামোসমূহ হ'ল - অস্ত্র আইন, ১৯৫৯ আৰু বিধি, ২০১৬ৰ অধীনত অনুমোদন । বন্দুকৰ অনুজ্ঞাপত্ৰ কঠোৰভাৱে অ-হস্তান্তৰযোগ্য। অপব্যৱহাৰৰ ক্ষেত্ৰত বাতিল আৰু আইনী ব্যৱস্থা বিশেষ আঁচনি প্ৰপত্ৰ আৰু নিয়মীয়া অনুজ্ঞাপত্ৰ দাখিল ।
ৰাজ্য চৰকাৰৰ নিৰীক্ষণ আৰু ৰূপায়ণ:
ৰাজ্য চৰকাৰে বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ নিৰীক্ষণ আৰু ৰূপায়ণ কিদৰে কৰিব সেয়া মুখ্যমন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সদৰী কৰা মতে, গৃহ আৰু ৰাজনৈতিক বিভাগৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হ'ব । জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ দ্বাৰা পর্যায়ক্রমিক ৰূপায়ণৰ প্ৰতিবেদন গ্ৰহণ কৰা হ'ব । অধিসূচিত তাৰিখৰ পৰা কাৰ্যকৰীকৰণ আৰু আবেদনত মানক অনুজ্ঞাপত্ৰৰ প্ৰপত্ৰৰ সৈতে বিশেষ আঁচনিৰ প্ৰপত্ৰ অন্তৰ্ভুক্তকৰণ কৰি নিৰীক্ষণ আৰু ৰূপায়ণ কৰা হ'ব ।