ETV Bharat / state

ৱাকফ সংশোধনী বিধেয়কে শোষিত, দৰিদ্ৰ সংখ্যালঘুক সহায় কৰিব : পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA ON WAKF BILL

ৱাকফ সংশোধনী বিধেয়ক সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ।

Pabitra Margherita on Wakf Amendment Bill
ৱাকফ সংশোধনী বিধেয়ক সম্পৰ্কে পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 6, 2025 at 6:48 PM IST

3 Min Read

লখিমপুৰ : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদনৰ পিছতে ৱাকফ (সংশোধনী) বিধেয়ক-২০২৫ আইনত পৰিণত হয় । অৱশ্যে এতিয়াও দেশজুৰি ইয়াক লৈ তীব্ৰ বিতৰ্ক অব্যাহত আছে । তাৰ মাজতে এই সংশোধনী বিধেয়ক সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

লখিমপুৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "ইয়াৰ সংশোধনীয়ে আমাৰ সংখ্যালঘু নিষ্পেষিত, শোষিত, দৰিদ্ৰজনক সহায় কৰিব । সম্পদ বা সম্পত্তিবোৰৰ এক খুব সুন্দৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া, মনিটৰিং প্ৰক্ৰিয়া হ'ব । এতিয়া সকলোৱে গম পাব । প্ৰাঞ্জল ৰূপত এতিয়া ৱাকফ বিলখন সকলোৰে চকুৰ সন্মুখত থাকিব । ৰাজহুৱা সম্পদ বা সম্পত্তিবিলাক এতিয়া ৰাইজৰ দ্বাৰা পৰিচালিত হ'ব । ইছলামধৰ্মী লোকসকলে ইয়াৰ সুবিধা পোৱা উচিত, তেওঁলোকৰ ভালৰ বাবে হৈছে ।"

ৱাকফ সংশোধনী বিধেয়ক সম্পৰ্কে পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া (ETV Bharat)
  • ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সম্পৰ্কে প্ৰতিক্ৰিয়া

অনুষ্ঠানত তেওঁ শেহতীয়াকৈ ঘোষণা কৰা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, "প্ৰতিটো জাতি জনগোষ্ঠীৰ দৰে ৰাভা হাছঙৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে প্ৰধানমন্ত্ৰী মোদীৰ অনুপ্ৰেৰণাৰে আৰু মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমখনক যিদৰে বিকশিত দিশত লৈ গৈছে তাৰ প্ৰতি গভীৰ আস্থা প্ৰকাশ কৰি ৰাইজে ৰাভা হাছঙৰ নিৰ্বাচনত মতদান কৰিলে । আশা কৰো আগন্তুক পঞ্চায়ত নিৰ্বাচনতো ৰাইজে বিজেপি মিত্রজোঁটক আশীৰ্বাদ দিব ।"

Pabitra Margherita on Wakf Amendment Bill
লখিমপুৰৰ অনুষ্ঠানত পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ (ETV Bharat)

বিদেশত অসম অথবা অসমৰ জাতি-জনগোষ্ঠীক উপস্থাপন কৰি গৌৰৱ বোধ কৰি মন্ত্রীগৰাকীয়ে কয়, "প্ৰত্যেক দেশৰে নিজা বৈশিষ্ট্য আছে । এই পৰ্যন্ত ২০ খন বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰিছো । বিশ্বৰ ভিতৰতে অন্যতম সাংস্কৃতিকভাৱে বৈভৱশালী সুন্দৰ চহকী ভূমি হ'ল অসম ।"

"বিশ্বৰ ভিতৰত অসম শ্ৰেষ্ঠ । ইতিহাসৰ পৰা বৰ্তমানলৈকে বহু ঘাট-প্ৰতিঘাট অতিক্রম কৰি অসমীয়া জাতি জীয়াই আছে ৷ বিদেশলৈ গ'লে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কথা কৈ ভালপাওঁ । জাতি-জনগোষ্ঠীৰ বিষয়ে জগত সভাত ক'ব পৰাতো গৌৰৱৰ বিষয় ।" তেওঁ কয় ।

উল্লেখ্য যে, ২০০৬ চনতে প্ৰতিষ্ঠিত লখিমপুৰৰ বেচৰকাৰী শিক্ষানুষ্ঠান জিনিয়াচ একাডেমীৰ নৱ নিৰ্মিত স্থায়ী গৃহৰ উদ্বোধনী অনুষ্ঠানত মন্ত্রীগৰাকীয়ে অংশগ্রহণ কৰে । স্থায়ী গৃহৰ উদ্বোধন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ।

অনুষ্ঠানটোত লখিমপুৰৰ বিধায়ক মানৱ ডেকা, প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেবজিৎ ভূঞাও উপস্থিত থাকে । জিনিয়াচ একাডেমীৰ অধ্যক্ষ সত্য ৰঞ্জন গোস্বামী, পৰিচালন সঞ্চালক ড৹ মুকুন্দ ৰাজবংশীৰ লগতে বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :একেখন মঞ্চত দিগন্ত-সত্যব্ৰত; একেলগে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সংকল্প - ASSAM PANCHAYAT ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.