ETV Bharat / state

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ - RABHA HASONG ELECTIONS 2025

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৩৬ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

Rabha Hasong Autonomous Council elections
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 2, 2025 at 10:09 AM IST

Updated : April 2, 2025 at 11:07 AM IST

2 Min Read

গোৱালপাৰা: ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২০টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱা আৰম্ভ হৈছে । গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰাভা হাছং এলেকাত আজি পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । পুৱাৰে পৰা প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ভিৰ । নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ৰাভা হাছং এলেকাৰ ভোটাৰসকলে ।

উল্লেখ যে নামনি অসমৰ দুখনকৈ জিলা অন্তৰ্ভুক্ত হৈছে ৰাভা হাছং এলেকাত । ইয়াৰে কামৰূপ জিলাৰ ১৬ টা পৰিষদীয় সমষ্টি আৰু গোৱালপাৰা জিলাৰ ২০ টা পৰিষদীয় সমষ্টিসহ মুঠ ৩৬ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । ইয়াৰে কামৰূপ জিলাৰ ১৬ টা সমষ্টিৰ দুটাকৈ পৰিষদীয় সমষ্টিত দুগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ (ETV Bharat Assam)

জিলাখনৰ ২৩ নং খালিহাকোঠ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰী আৰু ২৫ নং হাহিম সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোনাৰাম ৰাভা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ৷ যাৰবাবে কামৰূপ জিলাৰ ১৪ টা পৰিষদীয় সমষ্টিৰ মুঠ ২০৯ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ হৈছে ।

ইফালে গোৱালপাৰা জিলাৰ এটা সমষ্টিৰ পৰা এন ডি এ ৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে । ২০ নং জয়ৰামকুচি সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰেমাজুলি ৰাভা বিনাপ্ৰতিদ্বন্দ্বীতাৰে জয়ী হৈছে ৷ ফলত জিলাখনৰ মুঠ ১৯ টা সমষ্টিত আজি অনুষ্ঠিত হৈছে নিৰ্বাচন ।

Rabha Hasong Autonomous Council elections
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ (ETV Bharat Assam)

গোৱালপাৰাৰ ১৯ টা সমষ্টিৰ ৩৬২ টা ভোটগ্ৰহণ কেন্দ্ৰত বুধবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । কামৰূপ আৰু গোৱালপাৰা জিলাৰ মুঠ ৯৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি বেলট বাকচত আবদ্ধ হ'ব । ইয়াৰে কামৰূপৰ ৪৪ গৰাকী আৰু গোৱালপাৰাৰ ৫২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । কামৰূপৰ ১৪ টা পৰিষদীয় সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে ১,৬৮,৬৬৮ গৰাকী । আনহাতে, গোৱালপাৰাত ভোটাৰৰ সংখ্য়া ২,৫৪,৬৪৪ গৰাকী ।

লগতে পঢ়ক:বুধবাৰে ৰাভা হাছং পৰিষদীয় নিৰ্বাচন: ভোটকেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া - RABHA HASONG ELECTIONS 2025

মাৰ্চত অনুষ্ঠিত হ'ব ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : মুখ্যমন্ত্ৰী - ASSAM CM GOALPARA VISIT

Last Updated : April 2, 2025 at 11:07 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.