ETV Bharat / state

পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ দাবীৰে বিশ্ব হিন্দু পৰিষদৰ বিক্ষোভ - VISHVA HINDU PARISHAD PROTEST

শীঘ্ৰে হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰি মানৱীয়তা প্ৰদৰ্শন কৰাৰ দাবী ।

Vishva Hindu Parishad protest in Lakhimpur
বিশ্ব হিন্দু পৰিষদৰ বিক্ষোভ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 8:16 PM IST

3 Min Read

লখিমপুৰ: সংশোধিত ৱাকফ আইনে কঁপাইছে দেশ । অসমতো উঠিছে প্ৰতিবাদৰ জোৱাৰ । প্ৰতিবাদকাৰীসকলে পশ্চিমবংগ চৰকাৰক সকীয়াই দি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছে । সংশোধিত ৱাকফ আইনখনে সমগ্ৰ দেশতে ভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । বিশেষকৈ পশ্চিমবংগত এই লৈ হিন্দুৰ ওপৰত অত্যাচাৰ চলাৰ খবৰ ওলাইছে । এই খবৰে সৃষ্টি কৰিছে প্ৰতিবাদৰ জোৱাৰ ।

মমতা বেনার্জীৰ চৰকাৰে ৰাজ্যখনত হিন্দুক সুৰক্ষা দিয়া নাই বুলি অভিযোগ তুলি হিন্দুত্ববাদী সংগঠনসমূহে চৰকাৰখনক ধিক্কাৰ দিয়াৰ লগতে চৰকাৰখন ভংগ কৰি ৰাষ্ট্ৰপতি শাসনৰ দাবী তুলিছে । এই দাবীৰে শনিবাৰে দেশব্যাপী বিক্ষোভ প্ৰতিবাদৰ জোৱাৰ তুলিছে বিশ্ব হিন্দু পৰিষদে । অসমতো জিলাই জিলাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত পৰিষদৰ জিলা সমিতিসমূহে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজ্যৰ আন জিলাৰ সমান্তৰালভাৱে লখিমপুৰতো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত পৰিষদৰ জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল পৰিবেশ সৃষ্টি কৰে ।

বিশ্ব হিন্দু পৰিষদৰ বিক্ষোভ (ETV Bharat Assam)

এই বিক্ষোভ কাৰ্যসূচীত অংশ লৈ বিশ্ব হিন্দু পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তপন বেজবৰুৱাই কয়, "মমতা বেনার্জী চৰকাৰে পশ্চিম বংগত হিন্দুৰ ওপৰত অসাংবিধানিকভাৱে ৰাজনৈতিক মুনাফাৰ লক্ষ্যৰে যি অত্যাচাৰ চলাই আহিছে আমি তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো । মমতা বেনার্জী চৰকাৰক শীঘ্ৰে বৰ্খাস্ত কৰি তাত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব লাগে । আমি হিন্দুসকলৰ ওপৰত হৈ থকা অত্যাচাৰত ক্ষুন্ন হৈছো । এনেধৰণে হিন্দুৰ ওপৰত যদি অত্যাচাৰ চলি থাকে আৰু তাৰ বিৰুদ্ধে যদি সমগ্র দেশৰ হিন্দু সমাজ জাগ্রত হ'বলৈ হয় তেন্তে গোটেই দেশতে এক অৰাজক পৰিস্থিতি সৃষ্টি হ'ব । যিটো আমি বিচৰা নাই । আমি তেওঁলোকলৈ আহ্বান জনাইছো শীঘ্ৰে হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰি মানৱীয়তা প্ৰদৰ্শন কৰক ।"

তপন বেজবৰুৱাই ক্ষোভ প্ৰকাশ কৰি কয়, "ৱাকফ বিধেয়ক লোকসভা, ৰাজ্যসভাত গৃহীত হোৱাৰ পিছত তাৰ অজুহাতত পূৰ্বতে অন্য সামান্য কাৰণতে কৰাৰ দৰে এইবাৰো হিন্দুৰ ওপৰত অত্যাচাৰ কৰা হৈছে । দুশতকৈয়ো অধিক ঘৰ লুটপাট কৰি, জ্বলাই দি হিন্দুসকলক আঁতৰি যাবলৈ বাধ্য কৰিছে । কেইবাজনকো হত্যা কৰা হৈছে । বহুতক আহত কৰি এইটো প্ৰতিপন্ন কৰিব খোজা হৈছে যে তেওঁলোকে ইচ্ছা কৰিলে চৰকাৰৰ সহায় লৈ আমাৰ ওপৰত অত্যাচাৰ চলাই যাব পাৰিব । সেয়ে চৰকাৰখনক বৰ্খাস্ত কৰি আমি ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছো ।"

বিক্ষোভত অংশ লৈ হিন্দু যুৱ পৰিষদৰ কেন্দ্রীয় সাধাৰণ সম্পাদক শম্ভু সিংহই কয়, "পশ্চিমবংগ চৰকাৰক আমি ধিক্কাৰ দিছো । চৰকাৰ এখন থকাৰ পাছতো হিন্দুৰ ওপৰত নিৰ্যাতন চলিছে । চৰকাৰখনে কোনো ব্যৱস্থা গ্রহণ কৰা নাই । সেয়ে আমি প্ৰতিবাদ কৰিছো । এই প্ৰতিবাদথলীৰ পৰা মমতা বেনার্জীৰ চৰকাৰক সকীয়াই দিছো । হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰক । নহ'লে সমগ্র দেশৰ হিন্দু সমাজ এক হৈ পশ্চিম বংগৰ হিন্দুক সুৰক্ষা দিবলৈ যাব । কেন্দ্রীয় চৰকাৰে কিয় ইমান দেৰিলৈ বাট চাই আছে । শীঘ্ৰে পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰক । এইদৰে দাবী জনাই হিন্দু যুৱ পৰিষদৰ সম্পাদকজনে । বিক্ষোভৰ অন্তত তেওঁলোকে জিলা আয়ুক্তৰ জৰিয়তে পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।"

লগতে পঢ়ক :ৱাকফ বিৰোধী প্ৰতিবাদ; শিলচৰত প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতি - PROTEST AGAINST WAQF AMENDMENT ACT

ৱাকফ আইনৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ - WAQF ACT 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.