গুৱাহাটী : জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীয়ে চলোৱা বৰ্বৰ আক্রমণক লৈ সর্বত্রে অব্যাহত আছে তীব্র প্রতিক্রিয়া । বিভিন্ন দল-সংগঠনে সন্ত্রাসবাদীৰ নৃশংসতাৰ বিৰুদ্ধে বিক্ষোভ-প্রতিবাদেৰে আকাশ-বতাহ মুখৰ কৰি তুলিছে । অসমতো দল-সংগঠনসমূহে প্রতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ।
শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত দল-সংগঠনে প্রতিবাদ সাব্যস্ত কৰে । মহানগৰীৰ চচলতো বিশ্ব হিন্দু পৰিষদৰ, গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত পহলগামৰ সন্ত্রাসবাদীৰ বৰ্বৰ কাণ্ডক ধিক্কাৰ দি প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীসকলে সন্ত্ৰাসবাদ নিপাত যাওক, পহলগামৰ ছহিদ অমৰ হওক, হিন্দুস্তান জিন্দাবাদ, হুঁচিয়াৰ হুঁচিয়াৰ পাকিস্তান হুঁচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
তদুপৰি পাকিস্তান মুৰ্দাবাদ ধ্বনি দি পাকিস্তানৰ পতাকা দাহ কৰে বিশ্ব হিন্দু পৰিষদৰ একাংশ কৰ্মকৰ্তাই । পহলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ পৰ্যটকসকলৰ ওপৰত চলোৱা নিৰ্মম আৰু অমানৱীয় আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে নিহত লোকসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি বন্তি প্ৰজ্বলন কৰে হিন্দুত্ববাদী সংগঠনটোৱে ।
প্ৰতিবাদত অংশগ্ৰহণ কৰি বিজেপিৰ জ্যেষ্ঠ নেতা চবিন ৰাজখোৱাই কয়, "সুপৰিকল্পিতভাৱে ব্যৱস্থা ল'ব । কিন্তু যিয়ে ব্যৱস্থা ল'ব উচিত ব্যৱস্থা ল'ব । আৰু আমি ১৪০ কোটি ভাৰতীয় পাকিস্তানৰ বিৰুদ্ধে গৈছোঁ, প্ৰধানমন্ত্ৰীৰ লগত আছোঁ ।"
আনহাতে, আন এগৰাকী ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা শান্তনু ভৰালীয়ে কয়, "শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ । আৰু এইটো কথা নিশ্চিত যে ভাৰত চৰকাৰে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব । আগতে সদায় আমি সন্ত্ৰাসবাদীৰ কথা কওঁ । কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে পাকিস্তান চৰকাৰৰ কথা, পাকিস্তান ৰাষ্ট্ৰৰ কথা কৈছে । আজি কিন্তু ভাৰত ১৫০ কোটিৰ মানুহ । সেই কাৰণে অলপ চিন্তা কৰি কৌশল অৱলম্বন কৰিব লাগিব । কিন্তু এইটো নিশ্চিত যে পাকিস্তানে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ পাব ।"
তেওঁ লগতে কয়, "মই ব্যক্তিগতভাৱে ভাবোঁ যে ভাৰত চৰকাৰে যদি প্ৰয়োজন ভাৰতবৰ্ষত যিসকল হিন্দু আছে সেইসকলক সামৰিক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক । যেনেকে আজি ইজৰাইলে দিছে তেনেকে ভাৰতেও হিন্দুসকলক সামৰিক প্ৰশিক্ষণ দিয়ক যাতে প্ৰয়োজনত তেখেতসকলে অস্ত্ৰ হাতত উঠাই ল'ব পাৰে ।"