ETV Bharat / state

ৰাজ্যত চৰ্চাত এতিয়া এটি ৰাজপ্ৰাসাদ ! কোনে ক'ত গঢ়িছে এই শ কোটিটকীয়া অট্টালিকা

নিৰ্মাণৰত অট্টালিকাৰ এটা ভাইৰেল ভিডিঅ' । অট্টালিকা বুলিলে ভুল হ'ব, এটা ৰাজপ্ৰাসাদ । ৰাজ্যত চৰ্চাৰ কেন্দ্ৰবিন্দুত এতিয়া এই প্ৰাসাদোপম অট্টালিকা ।

Tuliram Ronghangs building video
ৰাজ্যত চৰ্চাত এতিয়া এটি ৰাজপ্ৰাসাদ (FB@AngtongIngtiKathar)
author img

By ETV Bharat Assamese Team

Published : April 29, 2025 at 2:55 PM IST

3 Min Read
Choose ETV Bharat

ডিফু: এটা কেইবাশ কোটিটকীয়া বৃহৎ প্ৰাসাদোপম অট্টালিকা । এই অট্টালিকাটোৰ নক্সা আৰু নিৰ্মাণকাৰ্য দেখিলে হয়তো আপুনিও ভুল কৰিব যে এয়া কোনো ৰজা-মহাৰজাৰ প্ৰাসাদ । আৰ্হিও একেবাৰে ইংলেণ্ডৰ ৱাকিংহাম পেলেচৰ দৰে ৷

ৰ'ব, ভুল নকৰিব । এই বৃহৎ অট্টালিকাটো আছে এইখন অসমতে । তাকো ৰাজ্যৰ সোণৰ কণী পৰা হাঁহৰ দৰে জিলা কাৰ্বি আংলঙৰ ডিফুত ৷ কেইবাশ কোটি টকাৰে নিৰ্মাণ কৰি থকা এই অট্টালিকাটো এতিয়া ৰাজ্যজুৰি চৰ্চাৰ শীৰ্ষবিন্দুত আছে ৷

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অবাধ দুৰ্নীতিৰ অভিযোগ সৰ্বজনবিদিত । তাৰ মাজতে আনুমানিক ডেৰশ কোটিৰো অধিক টকাৰে ডিফুত নিৰ্মীয়মাণ অৱস্থাত থকা এটা অট্টালিকাৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত পুনৰ তুলিৰাম ৰংহাঙৰ দুৰ্নীতিৰ প্ৰসংগই চৰ্চা লাভ কৰিছে ।

ইতিমধ্যে এই ভাইৰেল ভিডিঅ'টোক লৈ সংবাদ মাধ্যমত বাতৰি পৰিবেশন হোৱাৰ লগে লগে এতিয়া অট্টালিকাটোৱে ডিফুত তোলপাৰ লগাইছে ৷

Tuliram Ronghangs building video
ডিফুত নিৰ্মাণৰত শ কোটিটকীয়া অট্টালিকাৰ এটা অংশ (FB@AngtongIngtiKathar)

উল্লেখ্য যে বিগত ১৩ বছৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হৈ থকা তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে আছে অনেক দুৰ্নীতিৰ অভিযোগ ৷ শেহতীয়াকৈ কয়লাৰ অবৈধ বেহাতো ৰংহাঙৰ নাম উচ্চাৰিত হৈছে ৷ কংগ্ৰেছ শাসনকালত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হোৱা তুলিৰাম ৰংহাং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অতিকৈ বিশ্বাসযোগ্য এজন নেতাৰূপে কাৰ্বি আংলঙৰ লগতে অসমতো এতিয়া পৰিচিত ৷

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সমস্ত ক্ষমতা এতিয়া তুলিৰাম ৰংহাঙৰ হাতলৈ অহাৰ লগতে কাৰ্বি আংলং জিলাৰ আটাইতকৈ শক্তিশালী নেতা হৈ পৰিছে তুলিৰাম ৰংহাং ৷ শেহতীয়াকৈ তুলিৰাম ৰংহাং চৰ্চালৈ আহিছে ডিফুৰ ৰংথেয়াঙত নিৰ্মাণ কৰি থকা এটা অট্টালিকাক কেন্দ্ৰ কৰি ৷

Tuliram Ronghangs building video
নিৰ্মাণস্থলীত নিৰ্মাণকাৰী সংস্থাৰ কৰ্মচাৰী (FB@AngtongIngtiKathar)

অট্টালিকাটো নিৰ্মাণৰ দায়িত্ব লাভ কৰা অসমৰ বাহিৰৰ এইচ বি এছ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্ত্বাধিকাৰীয়ে সামাজিক মাধ্যমযোগে এশ কোটিৰো অধিক ধনৰ বিনিময়ত এই কামৰ দায়িত্ব লাভ কৰা বুলি প্ৰকাশ কৰাৰ পাছতেই জিলাখনৰ বিভিন্ন দল-সংগঠন প্ৰতিবাদমুখৰ হৈ পৰা দেখা গৈছে ৷

Tuliram Ronghangs building video
নিৰ্মাণস্থলীত নিৰ্মাণকাৰী সংস্থাৰ কৰ্মচাৰী (FB@AngtongIngtiKathar)

মুখ্যমন্ত্ৰীৰ ক্ষমতাৰে শক্তিশালী তুলিৰাম ৰংহাঙৰ এনে বলিউডী কায়দাৰ গৃহ নিৰ্মাণে এতিয়া জিলাবাসীৰ চকু কপালত তুলিছে ৷ আনহাতে, সততে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ বচন আওৰোৱা বিজেপি দলৰ শীৰ্ষ নেতৃত্বই তুলিৰামৰ দুৰ্নীতিৰ নিৰপেক্ষ তদন্ত কৰিবলৈ সক্ষম হ'বনে বুলিও এতিয়া সকলোৰে মানত প্ৰশ্ন উদয় হৈছে ৷

উল্লেখ্য যে শেহতীয়াকৈ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি বিদ্যাছিং ৰংপিয়ে এক সংবাদমেলযোগে অভিযোগ কৰি কয়, "কাৰ্বি আংলঙত কয়লা, বালি, বগা পাথৰ, চেগুণ, বনজ সম্পদ লুণ্ঠন তুলিৰাম ৰংহাঙৰ পৃষ্ঠপোষকতাত চলি আছে ৷ বন বিভাগটো তেওঁৰ হাতত থকাৰ পিছত তেওঁ এই বিষয়ে নজনা নহয় ৷"

লগতে পঢ়ক :ছ'চিয়েল মিডিয়াত দেশবিৰোধী পোষ্ট: কেৰালাত গ্ৰেপ্তাৰ অসমৰ ইদ্ৰিছ - ASSAM YOUTH ARRESTED IN KERALA
লগতে পঢ়ক :গদগদ হৈ পৰিছে অসমীয়াৰ বুকু, জয়নাচৰণ বাথাৰী আৰু অনিল কুমাৰ বড়োলৈ পদ্মশ্ৰী বঁটা - PADMA SHRI AWARD 2025