চোৰ-ডকাইতৰ নতুন কায়দা: চাইকেলেৰে অহা ব্যৱসায়ীক গাড়ীৰে অপহৰণ
প্ৰথমে অপহৰণ, তাৰ পিছত ডকাইতি । অপৰাধীৰ যেন ভাতঘৰ হৈছে গুৱাহাটী !

Published : June 11, 2025 at 6:57 PM IST
গুৱাহাটী: চোৰ-ডকাইতে পিতপিতাই থকা গুৱাহাটীখনৰ বাসিন্দাসকল আৰু অধিক সতৰ্ক হোৱাৰ সময় আহিল ৷ কিয়নো মহানগৰীত চোৰ-ডকাইতে নতুন কৌশল অৱলম্বন কৰিছে । এইবাৰ বাইকেৰে নহয়, গাড়ীৰে অপহৰণত নামি পৰিছে চোৰ-ডকাইত । মঙলবাৰে ভৰলু আৰক্ষী থানাৰ অন্তৰ্গত ভৰলুমুখৰ বি আৰ ফুকন ৰোডত সংঘটিত হোৱা এনে ঘটনাই এই নতুন কৌশলৰ কথা পোহৰলৈ আনিছে ।
এই ঘটনা সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত (পশ্চিম) পদ্মনাভ হাজৰিকাই কয়, "মঙলবাৰে পুৱা ৪.৩০ মান বজাত এই ঘটনাটো সংঘটিত হৈছিল । মাছখোৱা অঞ্চলৰ ব্যৱসায়ী মুনীন্দ্ৰ দাসে ব্যৱসায়ৰ কামত চাইকেলেৰে ওলাই আহিছিল । সেই সময়তে বেলেনো গাড়ীত অহা কেইজনমান যুৱকে তেওঁক টানি-আজুৰি গাড়ীত উঠাই লৈ গৈছিল । তেওঁৰ লগত থকা নগদ ১৫০০ টকা লৈ কামাখ্যা গেটত গাড়ীৰ পৰা নমাই দিছিল । এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল । এই ঘটনাৰ লগত ছয়জনীয়া যুৱকৰ দল জড়িত হৈ আছিল । ইয়াৰ ভিতৰত ইতিমধ্যে ভৰলু আৰক্ষীয়ে হাতীগাঁও, সৰ্থেবাৰী, হাজোৰ পৰা চিৰাজুল ইছলাম, জাকিৰ আলী, চাহেব আলী আৰু বাবুল আলীক গ্ৰেপ্তাৰ কৰিছে । বৰ্তমানো পলাতক হৈ আছে আন দুজন অপহৰণকাৰী ।"
তেওঁ পুনৰ কয়, "এই ঘটনাত ব্যৱহাৰ কৰা গাড়ীখন চিৰাজুল ইছলামে ভাৰাত লৈ আহিছিল । ভাৰাত অনা গাড়ীৰে বৰপেটাৰ পৰা আহি গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিল । মহানগৰীৰ পল্টন বজাৰ, পাণবজাৰ, মাছখোৱা অঞ্চলক লক্ষ্য কৰি ঘূৰি ফুৰিছিল । কিয়নো সেই অঞ্চলত পুৱাই ব্যৱসায়ীসকল আহে । ব্যৱসায়ীসকলৰ হাতত যিহেতু নগদ ধন থাকে সেয়ে ব্যৱসায়ীসকলক লক্ষ্য কৰি ঘূৰি ফুৰিছিল ডকাইতৰ দলটোৱে ।" ইতিমধ্যে ঘটনাত ব্যৱহাৰ কৰা গাড়ীখন জব্দ কৰাৰ লগতে নগদ ধনো উদ্ধাৰ কৰা বুলি কয় উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে । উল্লেখ্য় যে পূৰ্বেও চুৰিৰ গোচৰত জাকিৰ আলী আৰু চাহেব আলী গ্ৰেপ্তাৰ হৈছিল ।

