ইষ্ট-ৱেষ্ট কৰিড’ৰে ক্ষতি কৰা লোকে কেতিয়া পাব ক্ষতিপূৰণ ? অতিষ্ঠ হৈছে গাঁওবাসী - East West corridor
Silchar Saurastra East West corridor : ডিমা হাছাওত নিৰ্মাণৰত শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰে ক্ষতিগ্ৰস্ত কৰা লোকসকলে আজিও লাভ কৰা নাই ক্ষতিপূৰণ ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই দুটা বছৰে দি আহিছে প্ৰতিশ্ৰুতি ৷

Published : June 13, 2024 at 5:26 PM IST
হাফলং, 13 জুন : ডিমা হাছাও জিলাৰ মাজেৰে চলি আছে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰৰ নিৰ্মাণকাৰ্য ৷ উক্ত প্ৰকল্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ডিমা হাছাও জিলাৰ জাতিংগাৰ পৰা হাৰেংগাজাও দলাইদিছা আৰু নাৰায়ণপুৰৰ বহুলোকে এতিয়ালৈকে লাভ কৰা নাই ক্ষতিপূৰণ ৷ বিগত দুবছৰৰ পূৰ্বেই ক্ষতিগ্ৰস্ত হোৱা গাঁৱৰ বাসিন্দাসকলে ক্ষতিপূৰণৰ টকা মুকলি কৰি দিয়াৰ বাবে দাবী জনাই আহিছে ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই দুই-এদিনতে ক্ষতিপূৰণ মুকলি কৰি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও দুবছৰ পাৰ হোৱাৰ পিচতো ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ক্ষতিপূৰণৰ টকা মুকলি কৰি দিয়া নাই ৷ এই অভিযোগ উত্থাপন কৰিছে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ।
বৃহস্পতিবাৰে ক্ষতিগ্ৰস্ত গাঁওবাসীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হাফলঙৰ প্ৰকল্প সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰে ক্ষতিপূৰণৰ দাবীত ৷ কাৰ্যালয়ত অনুপস্থিত থকাৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত গাঁৱৰ বাসিন্দাসকলে সাক্ষাৎ কৰিব নোৱাৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালকক ৷ প্ৰকল্প সঞ্চালকগৰাকী ক’ত থাকে সেয়াও কাৰো জ্ঞাত নহয় ৷
গাঁৱৰ বাসিন্দাসকলে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত কয় যে তেওঁলোক এই ক্ষতিপূৰণৰ ইছ্যু লৈ হাফলং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কাৰ্যালয়ত যেতিয়াই উপস্থিত হয়, তেতিয়াই কাৰ্যালয়ত অনুপস্থিত থাকে প্ৰকল্প সঞ্চালকগৰাকী ৷ কিছুদিন পৰ্বে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ হাফলং কাৰ্যালয়ৰ পৰা তেওঁলোকক জনোৱা হৈছিল যে সপ্তাহ বা দহদিনৰ ভিতৰতে ক্ষতিপূৰণৰ সমস্যাটো সমাধান কৰা হ’ব ৷ কিন্তু আজি পৰ্যন্ত পৰিয়ালসমূহে ক্ষতিপূৰণ লাভ নকৰাত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হাফলং কাৰ্যালয় ঘেৰাও কৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ৷ অহা দহদিনৰ ভিতৰতে ক্ষতিগ্ৰস্ত গাঁৱৰ পৰিয়ালসমূহৰ প্ৰাপ্য মুকলি কৰি নিদিলে ঘাইপথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়া হ’ব বুলি হুংকাৰ দিয়ে ।
লগতে পঢ়ক: মৃত্যুৰ দুৱাৰ দলিলৈ পৰিণত শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিড’ৰ !
উল্লেখযোগ্য শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিড’ৰ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ ফলত ডিমা হাছাও জিলাৰ জাতিংগাৰ পৰা দলাইদিছা আৰু নাৰায়ণপুৰৰ মাজৰ বহু গাঁৱৰ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে । এই গাঁওসমূহৰ বহু পৰিয়ালৰ বাসগৃহ, খেতিৰ পথাৰ আৰু ভূমি ক্ষতিগ্ৰস্ত হৈছে । কিন্তু এই ক্ষতিগ্ৰস্ত গাঁৱৰ পৰিয়ালসমূহে যোৱা দুবছৰ ধৰি ক্ষতিপূৰণৰ দাবী জনাই অহাৰ পিচতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ক্ষতিগ্ৰস্ত গাঁৱৰ পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ টকা মুকলি কৰি দিয়া নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷
লগতে পঢ়ক: সম্পন্ন হোৱাৰ দিশে হাৰেংগাজাওৰ পৰা বালাচৰা সংযোগী পথ

