ETV Bharat / state

মা দুৰ্গাক বিদায়, ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহন

Vijayadashami-2024: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বাক্সাতো পৰম্পৰাগত ভাবে দেৱী বিসৰ্জন । বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহন ।

Durga idols immersed at Mora Pagladia river in Baksa
বিদায় দিলে মা দুৰ্গাক, দাহ কৰিলে ১০০ ফুট উচ্চতাৰ ৰাৱণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 13, 2024 at 10:23 PM IST

2 Min Read
Choose ETV Bharat

বাক্সা,১৩ অক্টোবৰ: ৰাজ্যজুৰি বিজয়া দশমীৰ পাৰ ভঙা উচাহ । যষ্ঠীৰ বেদীত অধিষ্ঠিত কৰা মা দুৰ্গাক আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছে ভক্তই । নদীৰ ঘাটত দেখা গৈছে ব্যাপক ভিৰ । আনফালে দেখা গৈছে ভক্তৰ মাজত আনন্দৰ জোৱাৰ । ব্যতিক্ৰম নহয় বাক্সা । বাক্সা জিলাৰ বৰমাতো বিজয়া দশমীৰ আনন্দ-উল্লাস । বৰমাৰ সোমাজেৰে বৈ যোৱা মৰাপাগলদিয়া নৈত আজি পৰম্পৰাগতভাৱে বিসৰ্জন দিয়া হয় মা দুৰ্গাৰ মৃন্ময় প্ৰতিমা ।

৯১ সংখ্যক শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰা বাৰোৱাৰী দুৰ্গা পূজা কমিটিয়ে বৰমাৰ সোঁমাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে শোভাযাত্ৰা উলিয়াই বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ কাষেৰে বৈ যোৱা মৰাপাগলদিয়া নৈত দেৱীক বিসৰ্জন দিয়ে । ইপিনে বৰমা আঞ্চলিক দুৰ্গা পূজা সমিতিয়ে বৰমাৰ সোঁমাজেৰে গৈ বৰমা খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিপৰীত দিশে মৰাপাগলদিয়া নৈত দেৱীক বিসৰ্জন দিয়ে । শান্তিপূৰ্ণভাৱে সম্পন্ন হয় দেৱী বিসৰ্জন অনুষ্ঠান । যিহেতু এই অঞ্চল জনজাতি অধ্যুষিত অঞ্চল সেয়েহে বৰমৰ ৯১ সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গাপূজাত সহস্ৰাধিক ভক্তৰ মিলনৰস্থলী হিচাপে পৰিগণিত হৈছে ।

বিদায় দিলে মা দুৰ্গাক, দাহ কৰিলে ১০০ ফুট উচ্চতাৰ ৰাৱণ (ETV Bharat Assam)

বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহণ:

বৃহত্তৰ বৰমাবাসী ৰাইজে পৰম্পৰাগতভাবে বিজয়া দশমীৰ দিনটোত ৰাৱণ দাহন কৰে । বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ১০০ ফুট উচ্চতাৰে সাজি উলিওৱা ৰাৱণৰ প্ৰতিকৃতি আনুষ্ঠানিকভাৱে দাহন কৰে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে । লগত সংগ দিয়ে বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে । ৰাৱন দাহন কাৰ্যসূচীত সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: দেৱীৰ বিদায় ক্ষণত একতাৰ এনাজৰীক প্ৰশংসাৰে ওপচালে শ্ৰমমন্ত্ৰীয়ে

দশভূজাৰ বিদায় পৰ্বত মণ্ডপে মণ্ডপে আনন্দৰ মাজতে বিসৰ্জনৰ আবেগ