ETV Bharat / state

চূণচালি জয়পুৰ ঘাটত ৪৫খন প্ৰতিমা-ঘট বিসৰ্জন

Durga Idol immersion: দুদিনীয়াকৈ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ । নিশালৈ চলিল বিসৰ্জন পৰ্ব ।

Durga Idol immersion
চূণচালিত পূজাৰ প্ৰতিমা বিসৰ্জন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 13, 2024 at 10:52 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৩ অক্টোবৰ: ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত বিসৰ্জন দিয়াৰ পিচত কাৰ্যত অন্ত পৰিল শাৰদীয় দুৰ্গা পূজাৰ আনন্দ-উল্লাস । মহানগৰীৰ ভিন্ন প্ৰান্তত থকা ঘাটসমূহৰ লগতে নুনমাটি উজান বজাৰ সংযোগী পথৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ চূণচালি জয়পুৰ ঘাটতো শনিবাৰ আৰু দেওবাৰে ৪৫ খন দুৰ্গা দেৱীৰ প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয় ।

প্ৰথম দিনা অৰ্থাৎ শনিবাৰে পুৱা ৯ বজাৰ পৰা নিশা ৮ বজালৈ ২১ খন দুৰ্গা পূজা সমিতিৰ মৃন্ময় মূৰ্তি আৰু ৬ খন ঘট পূজা বিসৰ্জন দিয়া হয় । ইফালে, আজি ২৪ খন পূজা সমিতিৰ প্ৰতিমা আৰু ৭ খন ঘট পূজা বিসৰ্জন দিয়ে । তদুপৰি বিসৰ্জনৰ সময়ত যাতে ঘাটত কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে অধিক সতৰ্ক দৃষ্টি অৱলম্বন কৰে । এইবাৰ কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই ।

চূণচালিত পূজাৰ প্ৰতিমা বিসৰ্জন (ETV Bharat Assam)

দুৰ্গা পূজাৰ প্ৰতিমাসমূহ বিসৰ্জনৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্ৰশাসনে মহানগৰীৰ অন্যান্য ঘাটৰ দৰে জয়পুৰ নদী ঘাটতো আৰক্ষী-প্ৰশাসন, নদী আৰক্ষী মোতায়েন কৰাৰ লগতে নুনমাটি কেন্দ্ৰীয় নাগৰিক সমিতিযে যথেষ্ট সংখ্যক স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰে । উল্লেখ্য় যে বিসৰ্জন সমিতিৰ ৪৫ৰ পৰা ৫০জন কৰ্মকৰ্তা তথা স্বেচ্ছাসেৱকৰ উপস্থিতিত প্ৰতিমাসমূহ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হয়।

আভ্যন্তৰীণ জল পৰিবহণৰ জাহাজৰ ব্যৱস্থা

আনহাতে, দেৱীৰ বিসৰ্জনৰ সময়ত যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখে আৰক্ষী-প্ৰশাসনে । প্ৰতিমা বিসৰ্জনৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে 'এম ভি ভাগীৰথী' নামৰ এখন জাহাজৰ ব্যৱস্থা কৰে । জিলা প্ৰশাসনে সদৰী কৰা মতে এইবাৰ জয়পুৰ ঘাটত প্ৰথম আৰু দ্বিতীয় দিনা বৰবাৰী, বামুনিমৈদাম, সাতগাঁও, লতাশিল, খাৰঘুলি, চানমাৰি, গীতানগৰ, নুনমাটি, নাৰেংগী, ফ'ৰেষ্টগেট, মঠঘৰীয়াকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তৰ ৩২খন পূজা সমিতিৰ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয় ।

লগতে পঢ়ক:চূণচালি ঘাটত শনিবাৰে ১৭ খন পূজাৰ প্ৰতিমা বিসৰ্জন; দেওবাৰেও অব্যাহত থাকিব বিসৰ্জন প্ৰক্ৰিয়া

দেৱীৰ বিদায় ক্ষণত একতাৰ এনাজৰীক প্ৰশংসাৰে ওপচালে শ্ৰমমন্ত্ৰীয়ে