এডভাণ্টেজ আছাম ২.০ : ছিংগাপুৰত দুদিন ধৰি মুখ্যমন্ত্রীৰ জোৰদাৰ প্ৰচাৰ
ছিংগাপুৰ ভ্ৰমণত থকা মুখ্যমন্ত্রীয়ে আজি দ্বিতীয় দিনা ৰাষ্ট্ৰখনৰ উপ-প্ৰধানমন্ত্ৰী তথা বাণিজ্য আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী গেন কিম য়ঙক সাক্ষাৎ কৰে ৷

Published : February 12, 2025 at 10:18 PM IST
গুৱাহাটী: এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰৰ বাবে ছিংগাপুৰ ভ্ৰমণত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো বৈঠক আৰু ৰোডশ্ব'ত অংশগ্ৰহণ কৰে । জাপান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণৰ পিছত অসমৰ বাবে বিনিয়োগকাৰীৰ সন্ধানত সোমবাৰে ছিংগাপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মঙলবাৰৰ দৰে আজিও মুখ্যমন্ত্রীয়ে দিনজোৰা ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজতে কটায় ।
এডভাণ্টেজ আছাম-২.০ৰ প্ৰচাৰৰ বাবে ছিংগাপুৰ ভ্ৰমণত থকা মুখ্যমন্ত্রীয়ে আজি দ্বিতীয় দিনা ৰাষ্ট্ৰখনৰ উপ-প্ৰধানমন্ত্ৰী তথা বাণিজ্য আৰু উদ্যোগ বিভাগৰ মন্ত্ৰী গেন কিম য়ঙক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় । এই সময়ছোৱাত মুখ্যমন্ত্রীয়ে উদ্ভাৱনমুখী অৰ্থনীতি, ছেমিকণ্ডাক্টৰ, দক্ষতা আৰু সেউজ শক্তিৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ জৰিয়তে ভাৰত-আছিয়ানৰ সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বৰ মূলত থকা অসমৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে । অসম আৰু ছিংগাপুৰৰ মাজত বিদ্যমান সম্পৰ্কক অধিক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰখনৰ উপ-প্ৰধানমন্ত্ৰীগৰাকীয়ে দেখুওৱা দায়বদ্ধতাৰ বাবে মুখ্যমন্ত্রীয়ে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰে ।

আজি মুখ্যমন্ত্রীয়ে ছিংগাপুৰৰ ছিলিকন বক্সৰ অত্যাধুনিক চিপ নিৰ্মাণ প্ৰক্ৰিয়া প্রত্যক্ষ কৰাৰ লগতে আৰু মুখ্য কার্যবাহী বিষয়া ড° বায়ুং জুন হান আৰু তেওঁৰ দলটোক সাক্ষাৎ কৰে । ছিংগাপুৰৰ ছিলিকন বক্সে অত্যাধুনিক আৰু যুগান্তকাৰী অগ্ৰগতিৰ জৰিয়তে প্ৰযুক্তি জগতত এক নতুন লহৰ তুলিছে । স্মাৰ্ট প্ৰযুক্তিৰ পৰা ভৱিষ্যতৰ সুন্দৰ পৰিকাঠামোলৈকে তেওঁলোকে অধিক দক্ষ ভৱিষ্যতৰ পথ মুকলি কৰিছে । সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কয়, "তেওঁলোকৰ উন্নত চিপ নিৰ্মাণ প্ৰক্ৰিয়া অন্বেষণ কৰি এই উদ্ভাৱন কেন্দ্ৰটোৰ পৰা ভৱিষ্যতৰ সময়ত পৰৱর্তী সমৃদ্ধিশালী পদক্ষেপ চাবলৈ উৎসাহী হৈ ৰৈছোঁ । মুখ্য কাৰ্যবাহী বিষয়া ড° বায়ুং জুন হানৰ নেতৃত্বৰ তেওঁলোকৰ দলৰ সৈতে সাক্ষাতৰ সময়খিনি অত্যন্ত ভাল লাগিল । আমি অসমতো সংহত ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰৰ এই আৰ্হিটোৰ দৰেই এক ব্যৱস্থাৰ সূচনা কৰিবলৈ আগ্রহ প্রকাশ কৰিছোঁ ।"

আনহাতে আজি মুখ্যমন্ত্রীয়ে এ ই এম ছিংগাপুৰৰ চৌহদ পৰিদৰ্শন কৰি তেওঁলোকৰ বিশ্বমানৰ পৰীক্ষণ সুবিধাসমূহৰ চাক্ষুষ অভিজ্ঞতা লাভ কৰে । লগতে ছিংগাপুৰ ছেমিকণ্ডাক্টৰ উদ্যোগ সংস্থা আৰু অন্যান্য ছেমিকণ্ডাক্টৰ পৰিস্থিতি তন্ত্ৰৰ অংশীদাৰসকলকো সাক্ষাৎ কৰে । সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কয়, "আমাৰ দৃষ্টিভংগী হৈছে অসমক এক গোলকীয় ছেমিকণ্ডাক্টৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰোৱা ৷ এই লক্ষ্য প্ৰাপ্ত কৰিবলৈ আমি ছেমিকণ্ডাক্টৰ নির্মাণৰ সম্পূর্ণ প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক অসমত তেওঁলোকৰ আধাৰ স্থাপন কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ । একে সময়তে আমি বিশ্বব্যাপী উদ্যোগ আৰু প্ৰতিষ্ঠান সমূহৰ সহযোগত এক বিশ্ব দক্ষতা কেন্দ্ৰ স্থাপন কৰি উদ্যোগ ৪.০ৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ হকে আমাৰ কৰ্মশক্তিৰ বাবে এক বৃহৎ পৰিসৰৰ দক্ষতামূলক প্ৰচেষ্টা গ্রহণ কৰি আছোঁ । আজি মূল্যৱান সময় আৰু পৰামর্শৰে আমাক সমৃদ্ধ কৰাৰ বাবে এ ই এম হোল্ডিংছ, ক্লিনটেক, লেৱে ইঞ্জিনিয়াৰিং, ষ্টেটছ চিপ্পাক, এণ্টাৰপ্ৰাইজ এছ জি, এক্ৰিবিছ ছীষ্টেমছ, পেপ ইন’ভেশ্যন, এম টি আই আৰু টেমাছেক পলিটেকনিকৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়াসকললৈ কৃতজ্ঞতা প্রকাশ কৰিছোঁ ।"

আজি ছিংগাপুৰত মধ্যাহ্ন ভোজনৰ সময়ত মুখ্যমন্ত্রীয়ে দেশখনৰ কেইগৰাকীমান মুখ্য বিনিয়োগকাৰী আৰু অংশীদাৰৰ সৈতে বিশেষ বার্তালাপত মিলিত হয় । সেই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে কয়, "কেইবছৰমান আগলৈকে যি পৰিস্থিতি আমি কল্পনাও কৰিব পৰা নাছিলোঁ— আজি তাৰ পৰিৱর্তে ইতিবাচক পৰিৱেশ সূচনাৰ ফলত ছিংগাপুৰৰ বিনিয়োগকাৰী তথা অংশীদাৰসকলৰ অসমত নিজৰ অৱস্থিতি স্থাপনত অভূতপূর্ব উৎসাহ পৰিলক্ষিত হৈছে । এয়াও বিকশিত অসম নির্মাণৰ দিশত আমাৰ বাবে শুভ লক্ষণ ।"

আনহাতে আজি ছিংগাপুৰ ৰোড শ্ব’ত মুখ্যমন্ত্রীয়ে দুশতকৈ অধিক ব্যৱসায়িক নেতৃবৃন্দক সাক্ষাৎ কৰি অসম সম্পৰ্কে সুন্দৰ বাৰ্তা প্ৰদান কৰে । এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "ব্যক্তিগতভাৱে প্ৰতিগৰাকী সম্ভাব্য বিনিয়োগকাৰীক এডভাণ্টেজ আছাম ২.০ত যোগদান কৰি আমাৰ ৰাজ্যই আগবঢ়োৱা বিভিন্ন সুযোগ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনাওঁ । ছিংগাপুৰৰ বিনিয়োগকাৰী মহলে ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাৰ দিশত অসমৰ অনন্য সুবিধাসমূহৰ প্ৰতি দেখুওৱা উৎসাহজনক আগ্রহে আমাকো অধিক উৎসাহিত কৰি তুলিলে । আমাৰ ভৌগোলিক স্থিতিৰ সুবিধা, ছিংগল-উইণ্ডো ক্লীয়াৰেন্স, অনুকূলিত উদগনি, শক্তিশালী আইন-শৃংখলা আৰু শৃংখলাবদ্ধ কৰ্মচাৰী আমাৰ বাণিজ্যিক সম্ভাৱনাৰ মূল বিশেষত্ব হিচাপে আজি স্বীকৃত হৈ পৰিছে । ১৪৩ বিলিয়ন ডলাৰৰ প্রস্তাৱিত জি এছ ডি পি, ১২.২ বিলিয়ন ডলাৰৰ আন্তঃগাঁথনি পুননিৰ্মাণ, দৈনিক ১৫ কিল’মিটাৰ পথ নিৰ্মাণ, ৬০০০ মেগাৱাট সেউজ শক্তিৰ লক্ষ্য, ৪.৭ বিলিয়ন ডলাৰ ব্যক্তিগত বিনিয়োগ আৰু ঋণৰ পৰা জি এছ ডি পিৰ নিম্ন অনুপাতৰ সৈতে অসমে বিনিয়োগকাৰীসকলক উৎকৃষ্ট সম্ভাৱনা আৰু বিনিয়োগভিত্তিক উত্তম লাভ প্ৰদান কৰাত সমর্থ ।"

আজি পুৱাৰ ভাগত মুখ্যমন্ত্রীয়ে ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰসকলৰ সৈতে বৈঠকত মিলিত হৈ ফলপ্ৰসূ আলোচনা কৰে । মুখ্যমন্ত্রীয়ে সামজিক মাধ্যম যোগে কয়, "এডভাণ্টেজ আছাম-২.০'ত আমি বিশ্বাসযোগ্য যোগান শৃংখল আৰু সংযোগৰ জৰিয়তে অসমক ছেমিকণ্ডাক্টৰ হাবলৈ ৰূপান্তৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰিকল্পনা কৰিছোঁ । আজিৰ আলোচনাত অংশগ্ৰহণ কৰা টাটা ইলেক্ট্ৰনিকছ, ফুজি মেচিন মেনুফেকচাৰিং, কীচাইট টেক, নৰ্ডচন কৰ্প, লিনটেক কৰ্প, কহু ইংক, ইক'ছফ্ট, টপ্পান ফটোমাস্ক, ছিংগাপুৰ বিজনেছ ফেডাৰেচন আৰু ইণ্ডিয়ান অ'চিয়ান গোটৰ প্ৰতিনিধিসকললৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ । এডভাণ্টেছ আছাম ২.০ত তেওঁলোকক লগ পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ ৷"

উল্লেখ্য যে মঙলবাৰে মুখ্যমন্ত্রীয়ে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছানমুগাৰাটনামৰ সৈতে এক বৈঠকত মিলিত হৈছিল । তদুপৰি ছিংগাপুৰত ছেমিকণ্ডাক্টৰ উদ্যোগৰ শীৰ্ষস্থানীয় ব্যক্তিৰ সৈতেও আলোচনাত মিলিত হৈছিল । আনহাতে মঙলবাৰে মুখ্যমন্ত্রীয়ে ছিংগাপুৰত লো চেৰ এক আৰু তেওঁৰ দলৰ সৈতে অসমত ছাৰ্বানা জুৰঙৰ (এটা আন্তঃৰাষ্ট্ৰীয় পুৰণি নিৰ্মাণ খণ্ডৰ প্ৰতিষ্ঠান) বিদ্যমান প্রকল্পসমূহৰ পৰ্যালোচনা বৈঠকত অংশগ্রহণ কৰিছিল । সেইদৰে মুখ্যমন্ত্রীয়ে ছিংগাপুৰ আই টি ইৰ শিক্ষাসেৱাৰ মুখ্য কার্যবাহী বিষয়া সুৰেশ নটৰাজন আৰু তেওঁৰ দলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হৈছিল । লক্ষণীয় বিষয় যে মুখ্যমন্ত্রীয়ে এডভাণ্টেজ আসাম ২.০ সফল কৰি তোলাৰ বাবে দেশে-বিদেশে ব্যাপক প্ৰচাৰ অভিযান চলাইছে । অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ ।
লগতে পঢ়ক: ছিংগাপুৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা: ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰ সৈতে বিশেষ সাক্ষাৎ

