গুৱাহাটী : পুনৰ বিতৰ্কত সোমাই পৰিছে ভিক্টৰ দাস । শিক্ষক তথা প্ৰায়ে সামাজিক মাধ্যমত চৰ্চাত থকা ভিক্টৰ দাসৰ এটা ভিডিঅ'ক লৈ এতিয়া সৰ্বত্ৰে বিতৰ্ক আৰম্ভ । ভিক্টৰ দাসে এগৰাকী যুৱতীক মাৰপিট কৰাৰ ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতেই বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সামাজিক মাধ্যমৰ জৰিয়তে বহুতে ভিক্টৰ দাসৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে ।
অৱশ্যে এই ভিডিঅ' সন্দৰ্ভত মুখ খুলিছে ভিক্টৰ দাসে । ভিডিঅ'ৰ আঁৰৰ ৰহস্য উল্লেখ কৰাৰ সমান্তৰালকৈ বীৰ লাচিত সেনাৰ বিৰুদ্ধেও সৰৱ হৈছে ভিক্টৰ দাস ।
ভিক্টৰ দাসৰ বিৰুদ্ধে এজাহাৰ
উল্লেখ্য যে যুৱতীক প্ৰহাৰৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে বীৰ লাচিত সেনা অসমে গুৱাহাটীৰ দিছপুৰ থানাত ভিক্টৰ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । সংগঠনটোৱে ভিক্টৰ দাসৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে ।

বীৰ লাচিত সেনাই এজাহাৰখনত লিখিছে, "সম্প্ৰতি বহু চর্চিত শিক্ষক ভিক্টৰ দাসে এগৰাকী যুৱতীক এটা বন্ধ কোঠাত বেয়াকৈ শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা আৰু মাৰপিট কৰা ভিডিঅ' সামাজিক মাধ্যমত প্রচাৰ হোৱা দেখিবলৈ পোৱা গৈছে । ভিক্টৰ দাসে এনেকৈ মাৰপিট কৰাৰ যুৱতীগৰাকীক ন্যায় দিব বুলি আমি আশাবাদী...।"
শৃংখল চলিহাক আক্ৰমণ ভিক্টৰ দাসৰ
তাৰ পিছতে ফেচবুক লাইভ কৰিছে ভিক্টৰ দাসে । বিশেষকৈ ভিডিঅ'টো বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক উদ্দেশ্যি শ্বেয়াৰ কৰিছে ভিক্টৰ দাসে । প্ৰথমে ঘটনাৰ স্পষ্টীকৰণ হিচাপে ভিক্টৰ দাসে ফেচবুক লাইভত কৈছে ।
"... কোনো নাৰী বা ছোৱালীৰ ওপৰত হাত উঠোৱাটো মই পক্ষপাতী নহয় । যিটো ভিডিঅ' ভাইৰেল হৈছে এই ভিডিঅ'টো বহু পুৰণি ২০২০-২২ মানৰ হ'ব । কেতিয়াৰ ভিডিঅ' হয় সেইটো মই পাহৰিছো । এই ঘটনা, পৰিঘটনা কোনেও গম নাপায় । মোক পুৰণি ভিডিঅ'ৰ জৰিয়তে বদনাম কৰিব বিচৰা হৈছে...।"
বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক লক্ষ্য কৰি তেওঁ কৈছে, "শৃংখল চলিহাই নিজৰ ফেচবুক পোষ্টত এইটো দিছে । শৃংখল চলিহাই যিয়ে নিজকে বীৰ, গুণ্ডা বুলি সজাই সেই গুণ্ডাটোৱে আজি কি কাৰণত ব্যক্তিগত বস্তু সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কি কৰিব খুজিছে...। আমাৰ নিজৰ মানুহৰ মাজত কাজিয়া হৈছে, তাতে কাৰো ক'বলগীয়া একো নাই ।"