ঘৰলৈ গ'ল গেলাবিলকাণ্ডৰ ভুক্তভোগী: আৰক্ষীৰ জালত ১০ অভিযুক্ত
শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ বিধায়ক বিশ্বজিৎ ফুকনে মৰেল পুলিচিংকাণ্ডৰ ভুক্তভোগী কাণ্ডো সাহানীৰ স্বাস্থ্যৰ বুজ লয় ।

Published : August 8, 2025 at 1:14 PM IST
সৰুপথাৰ: গেলাবিলকাণ্ডৰ সৈতে জড়িতৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰতৰ কৰিছে তদন্ত । জালত পৰিছে ইজনৰ পিছত সিজন । ইয়াৰ মাজতে বৃহস্পতিবাৰে গেলাবিলকাণ্ডৰ আন এজন ভুক্তভোগী যুৱক কাণ্ডো সাহানীক সাক্ষাৎ কৰে বিধায়ক বিশ্বজিৎ ফুকনে । শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ বিধায়কগৰাকীয়ে মৰেল পুলিচিংকাণ্ডৰ ভুক্তভোগী কাণ্ডো সাহানীৰ স্বাস্থ্যৰ বুজ লয় । আনজন ভুক্তভোগী নাবালকৰ বাসগৃহতো উপস্থিত হয় বিধায়ক ফুকন ।
বিধায়কগৰাকীয়ে স্বাস্থ্যৰ বুজ লোৱাৰ পিছতে ভুক্তভোগী কাণ্ডো সাহানীয়ে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰাই কয়, "ভাল লাগিছ, এম এল এ ছাৰ আহিছে আমাৰ । থকা-খোৱাৰ সকলো সুবিধা দিছে । সেইকাৰণে বহুত ধন্যবাদ জনাইছোঁ । আজি ঘৰলৈ যাবলৈ দিয়া হ'ব মোক । এম এল এ ছাৰৰ লগতে গাঁৱৰ ৰাইজেও খবৰ ল'বলৈ আহিছে । এতিয়া মোৰ দেহা ঠিকেই আছে ।"
শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ বিধায়ক ফুকনে কয়, "দুয়োজন ল'ৰা সুস্থ হৈ উঠক তাৰেই আশা কৰিছিলোঁ । আজি কেইবাদিনো গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছিল । ইজন ল'ৰাও গুৱাহাটীলৈ চিকিৎসাৰ বাবে পঠিওৱা হৈছে । তাতেই চিকিৎসা কৰি থকা হৈছে । সুখৰ খবৰ যে দুয়োজনেই সুস্থ হৈ উঠিছে । আজি সাহানী ঘৰলৈ যাব । সম্পূৰ্ণ সুস্থ হৈ উঠক আৰু এটা উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ । আমাৰ সকলোৰে বাবে এই ঘটনাটো এটা দুঃস্বপ্ন হৈ থাকিব । তেওঁলোকে উচিত বিচাৰ পাব, ন্যায় পাব মই আশা কৰিছোঁ । এতিয়া আমাৰ হাতত একো নাই, গোটেইখিনি ন্যায়ালয়ৰ হাতলৈ গ'ল ।"

আনহাতে, বৃহস্পতিবাৰে বৰপথাৰৰ গেলাবিলত সংঘটিত মৰেল পুলিচিং ঘটনাৰ সৈতে জড়িত আন এজনক আটক কৰে আৰক্ষীয়ে । আটকাধীন লোকজন হ'ল ইন্দ্ৰ শ্ৰেষ্ঠ । শুকুৰবাৰেও এজনক আটক কৰে আৰক্ষীয়ে । আটকাধীন লোকজন হ'ল ফাগুন্দ্ৰ (চুনমুন) শ্ৰেষ্ঠ । বৰ্তমানলৈকে এই ঘটনাৰ লগত জড়িত মুঠ দহগৰাকী লোকক আটক কৰা হৈছে ৷

উল্লেখ্য যে, গেলাবিলকাণ্ড পোহৰলৈ অহাৰ পিছতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনাৰ নেতাই গেলাবিলৰ ৰাইজৰ সহযোগত ঘেৰাও কৰিছিল বৰপথাৰ আৰক্ষী থানা । ৰাজু শ্ৰেষ্ঠ, শশাংক শ্ৰেষ্ঠ, ৰঞ্জিত শ্ৰেষ্ঠসহ এই ঘটনাৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ কৰাক লৈ উত্তাল কৰিছিল বৰপথাৰ । নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰি আৰক্ষী থানাত চাহৰ জুতি লোৱা অপৰাধীৰ বিৰুদ্ধেও হৈছিল সমালোচনা । আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন কৰিছিল দল-সংগঠনে ।

