অসমৰ চাহতকৈ বেয়া নহয় যদিও কেনিয়া-শ্ৰীলংকাৰ চাহে কেনেদৰে পেলাইছে প্ৰভাৱ ?
নেপালৰ চাহৰ গুণগতমান পৰীক্ষা কৰা নাই । ৫০ শতাংশ শুল্ক নীতিয়ে প্ৰভাৱ পেলাব নে চাহত ? এই প্ৰসংগত বিশিষ্ট চাহ খেতিয়কে কি কয় ?

Published : September 8, 2025 at 10:13 PM IST
যোৰহাট : অসমক বিশ্ব দৰবাৰত পৰিচয় কৰি দিয়া সম্পদসমূহৰ ভিতৰত চাহে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । দেশৰ অৰ্থনীতিলৈ চাহৰ অৱদান উল্লেখনীয় যদিও কিছুমান কাৰক আৰু কাৰণে অসমৰ চাহ উদ্যোগক শেহতীয়াভাৱে ক্ষতিগ্ৰস্ত কৰিছে ।
এই কাৰকসমূহৰ ভিতৰত অন্যতম হ’ল বহিঃৰাষ্ট্ৰৰ চাহ ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়াটো । লগতে অসমত শেহতীয়াভাৱে কেঁচা চাহপাতৰ দাম কমি যোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷ ক্ষুদ্ৰ চাহ খেতিয়কসকলে স্পষ্ট অভিযোগ কৰি আহিছে যে বহিঃৰাষ্ট্ৰ কেনিয়া, শ্ৰীলংকা আৰু নেপালৰ পৰা আমদানি কৰা নিম্নমানৰ চাহ অসমৰ চাহৰ সৈতে মিহলাই (Blending) কৰি বিক্ৰী কৰা বাবে অসমৰ চাহৰ ৰপ্তানি ক্ষতিগ্ৰস্ত হৈছে ৷
নেপালৰ চাহৰ গুণগতমান পৰীক্ষা কৰা নাই :
ভাৰতৰ ওপৰত আমেৰিকাৰ উচ্চ নিৰিখৰ শুল্ক অসমৰ চাহ উদ্যোগত প্ৰভাৱ পেলাইছে বুলি চৰ্চিত হৈছে । অসমৰ চাহৰ এনেবোৰ বিষয়কলৈ আমি কাষ চাপিছিলো ভাৰতীয় চাহ ব'ৰ্ডৰ প্ৰাক্তন চেয়াৰমেন আৰু বিশিষ্ট চাহ খেতিয়ক প্ৰভাত বেজবৰুৱাৰ । এগৰাকী অভিজ্ঞ চাহ খেতিয়ক বেজবৰুৱাই শ্ৰীলংকা আৰু কেনিয়াত উৎপাদিত চাহ ভাৰতৰ তুলনাত একেবাৰে বেয়া নহয় বুলি উল্লেখ কৰে তেওঁ ।
তেওঁ কয়, "নেপালৰ চাহৰ এতিয়ালৈ গুণগতমান পৰীক্ষা কৰা হোৱা নাই । শ্ৰীলংকা আৰু কেনিয়াৰ চাহবোৰ আমাৰ চাহতকৈ বৰ বেছি বেয়া বুলি ক'ব নোৱাৰি । নেপালৰ পৰা যিসমূহ চাহ আহিছে, সেয়া পৰীক্ষাই কৰা নাই । সেই চাহত কি পদাৰ্থ আছে সেয়া আমি নাজানো । কেনিয়া আৰু শ্ৰীলংকাৰ চাহবোৰ বিশেষকৈ কেনিয়াৰ চাহ কেমিকেলৰ ক্ষেত্ৰত আমাৰ চাহতকৈ একো বেয়া নহয় ।"

পুৰণি কেমিকেল ব্য়ৱহাৰে প্ৰভাৱ পেলাব ৰপ্তানিত :
আনহাতে একাংশই চৰকাৰক আইন সংশোধন কৰি চাহত পুৰণি কেমিকেল ব্য়ৱহাৰৰ বাবে চেষ্টা চলোৱা প্ৰসংগত তেওঁ কয়, "যদি পুৰণা কেমিকেলবোৰ আমি আকৌ মাৰিবলৈ আৰম্ভ কৰো, আমাৰ চাহ ৰপ্তানি কৰোতে যথেষ্ট অসুবিধা আহি পৰিব ।"
লগতে তেওঁ কয়, "যিবোৰ চাহ বাহিৰৰ পৰা আহিছে সেইবোৰ বেয়া মানৰ বুলি ক’ব নোৱাৰি । অৰ্থাৎ ইয়াত বেলেগ কেমিকেল সোমাই আছে বুলি ক'ব নোৱাৰি; কিন্তু নেপালৰ চাহৰ ক্ষেত্ৰত এইটো ক'ব পাৰি অৰ্থাৎ নেপালৰ চাহ বেয়া । আমাৰ আইনবোৰৰ ক্ষেত্ৰত তেওঁলোকৰ চাহবোৰ গৃহীত নকৰিব । আইনৰ বহু সুৰঙাৰ মাজেৰে সাৰি যায় ।"
আমদানি শুল্ক অবিহনে আনে চাহ :
তেওঁ পুনৰ কয়, "এইটো কথা ক'ব পাৰিম বহিঃৰাষ্ট্ৰৰ পৰা অহা চাহবোৰে আমাৰ বজাৰখন বেয়া কৰা কথাটো সত্য । চাহৰ মান বেয়া কৰিছে । কিয়নো যিবোৰ সংস্থাই চাহ আমদানি কৰে তেওঁলোকে আইন ভংগ কৰি আমদানি শুল্ক অবিহনে চাহবোৰ আনে ৰপ্তানি কৰিম বুলি কয় । কিন্তু সেই চাহবোৰ ঘৰুৱা বজাৰত বিক্ৰী কৰে । ফলত চাহ ক্ষেত্ৰখনত ইয়াৰ প্ৰভাৱ পৰে ।” এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে বেআইনী বুলি বেজবৰুৱাই আওপকীয়াকৈ উল্লেখ কৰে ।

আনহাতে অসমৰ চাহ নিলাম কেন্দ্ৰত বিক্ৰী নোহোৱাকৈ চাহ ৰৈ যোৱা প্ৰসংগত তেওঁ কয়, “চাহ নিলাম কেন্দ্ৰত অসমৰ চাহ ৰৈ থকা নাই, আছে যদিও পৰিমাণ কম । যোৱা বছৰতকৈ আউট লোডবোৰ বেছি হৈছে । অফাৰ হোৱা স্বত্বেও যিবোৰ চাহৰ কাৰণে চাহিদা নাহে, অফাৰ নাহে উপভোক্তা পৰা সেইবোৰ বিক্ৰী নহয় নিলামত । আনহাতে চৰকাৰে যিবোৰ ডাচ গ্ৰেড নিলামত দিবলৈ বাধ্য কৰাইছে সেই ডাচ গ্ৰেডবোৰৰ আউট লোড শতাংশ পাততকৈ বহুত কম । ডাচ গ্ৰেডৰ দাম লিফ গ্ৰেডতকৈ বেছি । যোৱা বছৰৰ তুলনাত এইবাৰ লিফ গ্ৰেডৰ দাম ৪০ টকা কমিল আৰু আনুমানিক ডাচ গ্ৰেডৰ দাম ১৯ টকা কমিল । গতিকে ডাচ গ্ৰেডৰ ফলাফল নিলামত লিফ গেডতকৈ বহুত ভাল ৷”
এখন প্লেটফৰ্মতে চাহ নিলামৰ পোষকতা :
এখন প্লেটফৰ্মতে সকলো চাহ নিলামৰ ব্যৱস্থা কৰাৰ পোষকতা কৰি বিশিষ্ট চাহ খেতিয়ক বেজৱৰুৱাই কয়, “আমি ইয়াৰ পৰা এটা শিক্ষা পাওঁ যদি এটা একক প্লেটফৰ্মত সকলো চাহ নিলাম হয় সকলোৱে সেই প্লেটফৰ্মৰ পৰাই চাহ কিনিবলৈ বাধ্য হ'ব । তেতিয়াই চাহৰ দাম নিশ্চয় বাঢ়িব । যোৱা বছৰৰ তুলনাত এইবছৰ উৎপাদন বহুত বেছি বাঢ়ি গ'ল, সেইমতে চাহিদা বঢ়া নাই । ফলত নিশ্চয় দাম কমিব । যোৱা বছৰৰ তুলনাত এইবছৰ চাহৰ উৎপাদন ১০ শতাংশ বৃদ্ধি পালে । আমাৰ উৎপাদন আছিল প্ৰায় ১৩০০ মিলিয়ন কেজি, সেই অভিলেখ এইবাৰ ভংগ হ'ব (২০২৩ চনত ১৪০০মিলিয়ন আছিল) সেই ৰেকৰ্ড এইবছৰ ভংগ হ'ব বুলি ক'ব পাৰি ।”
৫০ শতাংশ শুল্ক নীতিয়ে প্ৰভাৱ পেলাব নে ?
আনহাতে আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক বৃদ্ধিৰ প্ৰভাৱ নিশ্চয় অসমৰ ৰপ্তানিকৃত চাহৰ বজাৰখনতো কেনেকৈ পৰে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “যদি চাহত কোনোবাই ৫০ শতাংশ শুল্ক আৰোপ কৰে, নিশ্চয় চাহ উদ্যোগত ইয়াৰ প্ৰভাৱ পৰিব ৷”

তেওঁলোকৰ নিয়মবোৰৰ উদাহৰণ দি কয়, “যিবোৰ ভাল চাহ তেওঁলোকে বন্দৰত ৪০০টকা মানত সোমায় সেইবোৰ চাহ দোকান বা খুচুৰা বজাৰত বিক্ৰী হয় ১৬০০ পৰা ১৮০০টকাত । যদি আমেৰিকা যুক্তৰাষ্ট্ৰই ৫০ শতাংশ কৰ লগাই ইয়াৰ ব্যৱসায়ৰ পৰিমাণটো বৃদ্ধি পাব । আমেৰিকা যুক্তৰাষ্ট্ৰলৈ মুঠ ৬.৮ শতাংশ চাহ ভাৰতৰ পৰা ৰপ্তানি হয় ।” তেওঁ অৱশ্য়ে ড'নাল্ড ট্ৰাম্পৰ শুল্ক নীতিয়ে চাহ উদ্যোগত বৰ বেছিকৈ প্ৰভাৱ নেপালাবও পাৰে বুলিও মন্তব্য় কৰে ।

