ETV Bharat / state

'মইয়ে মাৰিছিলোঁ, কি ক'ব আৰু...' এক শিহৰণকাৰী হত্যাকাণ্ডৰ ৰায়দান তেজপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ

তেজপুৰৰ ২০২০ চনৰ শিহৰণকাৰী ডাবল মাৰ্ডাৰৰ ঘটনাৰ ৰায়দান । এজনক যাবজ্জীৱন কাৰাদণ্ড, এজনক দোষমুক্ত ঘোষণা ।

Verdict on a murder case in Tezpur district and sessions judges court
তেজপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়দান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 29, 2025 at 10:39 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: প্ৰায় চাৰি বছৰ আঠ মাহৰ পিছত তেজপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ এক ঐতিহাসিক ৰায় । এক প্ৰবাসী ভাৰতীয় দম্পতীক নৃশংসভাৱে হত্যাৰ কৰাৰ গোচৰত যাবজ্জীৱন কাৰাদণ্ড । এজনক যাবজ্জীৱন কাৰাদণ্ড, এজনক দোষমুক্ত ঘোষণা আদালতৰ । যাবজ্জীবন কাৰাদণ্ড ঘোষণাৰ পিছত অভিযুক্তৰ কেমেৰাৰ সন্মুখত অকপট স্বীকাৰোক্তি, "মইয়ে মাৰিছিলোঁ, কি ক'ব আৰু...।"

সেয়া আছিল ২০২০ চনৰ ২০ নৱেম্বৰৰ নিশা তেজপুৰ পতিয়া চুবুৰী নিবাসী এংলো ইণ্ডিয়ান বৃদ্ধ দম্পতী ব্ৰাইন অৰিজ আৰু আশা অৰিজক কেইটামান টকাৰ বাবে নৃশংসভাৱে হত্যা কৰিছিল দুই ভাতৃ গীতুমণি বেজবৰুৱা আৰু উজ্জ্বল বেজবৰুৱাই । ২১ নৱেম্বৰত বৃদ্ধ দম্পতীৰ মৃতদেহ নিজ বাসগৃহত উদ্ধাৰ হোৱাৰ পিছত হত্যাকাৰীক বিচাৰি আৰক্ষীয়ে জোৰদাৰ অভিযান চলাইছিল আৰু ২২ নৱেম্বৰত আৰক্ষীয়ে হত্যাকাৰী গিতুমণি বেজবৰুৱা আৰু উজ্বল বেজবৰুৱাক গ্ৰেপ্তাৰ কৰে ।

এক শিহৰণকাৰী হত্যাকাণ্ডৰ ৰায়দান (ETV Bharat Assam)

উল্লেখ্য যে নলবাৰীৰ দিন হাজিৰা কৰা দুই ভাতৃয়ে তেজপুৰ পতিয়া চুবুৰীৰ ব্ৰাইন অৰিজৰ বাসগৃহৰ ওচৰতে ভাৰাতীয়া হিচাপে আছিল । তেজপুৰ পতিয়া চুবুৰীত ব্ৰাইন অৰিজ আৰু পত্নী আশা অৰিজ নামৰ দুই বৃদ্ধ দম্পতীক ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰি আ-অলংকাৰ লুট কৰি নিছিল দুই ভাতৃয়ে ।

মঙলবাৰে শোণিতপুৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আব্দুল মজ্জিদ মহম্মদ মহিউদ্দিনৰ আদালতে অভিযুক্ত গীতুমণি বেজবৰুৱাক যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে ভাতৃ উজ্জ্বল বেজবৰুৱাক দোষমুক্ত ঘোষণা কৰে । চৰকাৰী অধিবক্তা এন কে মিশ্ৰই আজি তেজপুৰ আদালতত এই বিষয়ে সদৰী কৰে ।

এই ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৯/৪৬০/৩৯২/৩০২/২০১/৩৪ ধাৰাত তেজপুৰ থানাত পঞ্জীভূক্ত ২২১৭/২০ নম্বৰ গোছৰৰ বিপৰীতে হত্যাকাণ্ডত অভিযুক্তদ্বয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত অভিযোগনামা দাখিল কৰিছিল ।

এই সন্দৰ্ভত চৰকাৰী অধিবক্তা চৰকাৰী অধিবক্তা এন কে মিশ্ৰই কয়, "এটা অতি লোমহৰ্ষক ঘটনা, ২০২০ চনৰ ২০ নৱেম্বৰৰ শেষ নিশামানৰ ঘটনা । এহাল বৃদ্ধ দম্পতীক বৰ বৰ্বৰতা হত্যা কৰিছিল । এই ৰায়দানত এজনক কাৰিকৰী কাৰণত দোষমুক্ত ঘোষণা কৰা হয় । গীতুমণি বেজবৰুৱা, তেওঁৰ বয়স ২৪ বছৰ, তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে ।"

লগতে পঢ়ক: অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আঘাতপ্ৰাপ্ত যুৱকৰ মৃত্যু - NANDINI KASHYAP ACCIDENT CASE

আদানিৰ এৰ’চিটিৰ বাবে অধিগ্ৰহণ কৰিব ১,১১৬ টা পৰিয়ালৰ ৪১০ বিঘা ভূমি - GUWAHATI AEROCITY