মৰিগাঁৱত দুমাহতেই বাল্য় বিবাহৰ ১৩ টা গোচৰৰ ৰায়দান - Child Marriage in Assam
Morigaon Police Press Meet : ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ মাজতো এই কাৰ্য অব্যাহত । বাল্য বিবাহক লৈ চৰকাৰে কঠোৰ স্থিতি লোৱাৰ সময়তে মৰিগাঁৱত আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান ।

Published : July 31, 2024 at 9:14 AM IST
মৰিগাঁও, ৩১ জুলাই : ২০২৩ চনৰ ফেব্ৰুৱাৰীত ৰাজ্য়জুৰি চলোৱা হৈছিল বাল্য় বিবাহ বিৰোধী অভিযান । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য় চৰকাৰৰ কঠোৰ নিৰ্দেশৰ পিচতেই আৰক্ষীয়ে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল এনে বিবাহ সম্পন্ন কৰা নাবালকৰ লগতে ইয়াৰে জড়িত অভিযুক্তসকলক । মৰিগাঁও জিলাতো চলোৱা হৈছিল এই অভিযান । উক্ত অভিযানত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছিল । এই সন্দৰ্ভত এতিয়ালৈকে ৰুজু হোৱা গোচৰৰ ভিতৰত ১৩ টা গোচৰৰ ৰায়দান কৰিছে মৰিগাঁও জিলা আদালতে ।
দুমাহত জিলা আদালতৰ ১৩ টা গোচৰৰ ৰায়দান:
বাল্য বিবাহৰ বিৰুদ্ধে প্ৰদান কৰা ৰায়দানৰ সন্দৰ্ভত বুধবাৰে সন্ধিয়া মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই এক সংবাদমেলত সদৰী কৰে । মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে আদালতে প্ৰদান কৰা ৰায় সন্দৰ্ভত কয়," মৰিগাঁও আৰক্ষীয়ে বাল্য বিবাহ সন্দৰ্ভত চলোৱা অভিযানত ৰুজু হোৱা গোচৰ সন্দৰ্ভত এতিয়ালৈকে মৰিগাঁও জিলা আদালতে ১৩ টা গোচৰৰ ৰায়দান কৰিছে । মৰিগাঁও জিলাৰ বিভিন্ন আৰক্ষী থানাত পঞ্জীয়নকৃত ১৩ টা গোচৰৰ ৰায়দান যোৱা দুমাহৰ ভিতৰত কৰিছে মৰিগাঁও জিলা আদালতে ।"
মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে পুনৰ কয়, "জিলাখনৰ মায়ং আৰক্ষী থানাত গোচৰ নং ২৪/২০২৪ ৰ মতে, বাল্য় বিবাহ আইনৰ অনুসৰি মানৱ দাসক দুমাহ কাৰাদণ্ড বিহে আদালতে । একেদৰে লাহৰীঘাট আৰক্ষী থানাৰ গোচৰ নং ৪৫/২০২৩ ৰ মতে, বাল্য় বিবাহ আইনৰ অনুসৰি ইছৰাফিল ইছলামক এমাহ কাৰাদণ্ড বিহাৰ লগতে ৫০০০ টকা জৰিমনা বিহে ।"
লাহৰীঘাট থানাৰ ছয়টা গোচৰৰ ৰায়দান :
মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে কয়," ইয়াৰ সমান্তৰালকৈ লাহৰীঘাট থানাৰ সৰ্বমুঠ ছয়টা গোচৰ বাল্য বিবাহৰ বিৰুদ্ধে পঞ্জীয়ন হয় । একেদৰে মৰিগাঁও সদৰ আৰক্ষী থানাত তিনিটা বাল্য বিবাহৰ গোচৰ পঞ্জীয়ন হৈছে । তদুপৰি মৈৰাবাৰী আৰক্ষী থানাত এটা, জাগীৰোড আৰক্ষী থানাৰ এটা আৰু ধৰমতুল আৰক্ষী থানাৰ এটা গোচৰৰ খৰতকীয়াকৈ দায়দান কৰিছে আদালতে ।" বাল্য বিবাহ আইনৰ অধীনত অতি খৰতকীয়াভাৱে গোচৰ সমূহৰ ৰায়দান কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে মৰিগাঁও আৰক্ষীয়ে ।
লগতে পঢ়ক: আহিছিল বিয়া পাতিবলৈ, পালেহি ৰঙাঘৰ লগতে পঢ়ক: বাল্য বিবাহ কৰা দৰাক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড |

