গোলাঘাট: বুধবাৰে পুৱা চাৰি বজাৰ পৰা তিনিদিনলৈ গোলাঘাট জিলাৰ নুমলীগড়ৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সকলো যান-বাহন চলাচল বন্ধ থাকিব । এক বিশেষ কাৰণত নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণৰ বাবে সামগ্ৰী অনা-নিয়া কৰাৰ বাবে পথছোৱাত বন্ধ থাকিব যান-বাহনৰ চলাচল । অৱশ্যে কেৱল ৬ ঘন্টাৰ বাবে বন্ধ থাকিব যান-বাহনৰ চলাচল ।
বুধবাৰৰ পুৱাৰে পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড় তিনিআলিৰ পৰা নুমলীগড় শোধনাগাৰ সংযোগী পথচোৱা তিনিদিনৰ বাবে দৈনিক ছয় ঘন্টাকৈ পুৱা ৪ বজাৰ পৰা দহ বজালৈকে বন্ধ হ'ব গধুৰ যান বাহন, ট্ৰাক, বাছ আদি বাহনৰ চলাচল । নুমলীগড় শোধনাগাৰৰ অন্যতম বৃহদাকায় "ভেক’ম কল’মটো" নুমলীগড় জাহাজঘাটৰ পৰা শোধনাগাৰলৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে কঢ়িয়াই আনিব ।
সেয়ে বুধবাৰে পুৱাৰে পৰা গধুৰ যান-বাহন অহা-যোৱাত নিষেধাজ্ঞা জাৰি কৰিছে গোলাঘাট জিলা প্ৰশাসনে । বিকল্প পথ হিচাপে গোলাঘাটৰ পৰা ধোদৰ আলি আৰু দেৰগাঁও হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ব্যবহাৰ কৰিব পাৰিব গধুৰ যান-বাহনসমূহে ।
উল্লেখ্য যে এই বৃহদাকায় ভেক’ম কল’মটোৰ ওজন ৬৪৫.৫ মেট্ৰিক টনৰ আৰু গোলাই ১০.৩ মিটাৰ । এই সম্পৰ্কে নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন বিভাগৰ ডি জি এম বিশ্বজিৎ বৰাই কয়, "নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণৰ কাম দ্ৰুতগতিত চলি আছে যাৰ বাবে আমাৰ গধূৰ যন্ত্ৰপাতিসমূহ আহি আছে । যাৰ বাবে বুধবাৰে আমাৰ এটা বৃহদাকায় ভেক’ম কল’মটোৰ ওজন ৬৪৫.৫ মেট্ৰিকটন, ৪৯ মিটাৰ দীঘল, লগতে গোলাই ১০.৩ মিটাৰ ।"
তেওঁ লগতে কয়, "যাৰবাবে এই যন্ত্ৰটি আনোতে ৰাইজৰ অলপ অসুবিধা হ'ব গতিকে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ সহযোগিতা আশা কৰিছোঁ । পুৱা ৪ বজাৰ পৰা নুমলীগড় জাহাজঘাটৰ যাত্ৰা আৰম্ভ কৰিব ১০ বজাত দেওপাহাৰৰ বাবাথানলৈকে আহিব । গতিকে অনাগত তিনিটা দিনৰ ভিতৰত নুমলীগড় শোধনাগাৰত উক্ত বিশালকায় যন্ত্ৰটো পাব । যাৰ বাবে প্ৰতিদিনে ৬ ঘন্টা সময় লাগিব । গতিকে এইক্ষেত্ৰত সকলো ৰাইজ আৰু প্ৰশাসনৰ সহায় সহযোগিতা কামনা কৰিছোঁ ।"