ETV Bharat / state

আলু-পিঁয়াজেও কোবালে হাফ চেঞ্চুৰী - Vegetables Price hike in Guwahati

Vegetables Price in Guwahati : ৰাজ্যত এতিয়াও পাচলিৰ আকাশলংঘী মূল্য । একেদৰে গুৱাহাটী মহনগৰীতো পাচলিৰ মূল্যই গ্ৰাহকক ত্ৰাহি মধুসূদন সোঁৱৰাইছে । আলু-পিঁয়াজৰ মূল্যই ইতিমধ্যে হাফ চেঞ্চুৰী কোবাইছে । আজিৰ দিনটোত গুৱাহাটীৰ খুচুৰা আৰু পাইকাৰী বজাৰত কোনবিধ পাচলিৰ কিমান মূল্য এবাৰ চাওঁ আহক ।

Vegetables Price in Guwahati
গুৱাহাটীৰ বজাৰত বিভিন্ন পাচলিৰ মূল্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 30, 2024 at 9:26 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী,৩০ জুলাই : গুৱাহাটী মহানগৰীত অভাৱনীয় হাৰত বৃদ্ধি পাইছে শাক-পাচলিৰ মূল্য । অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যৰ বাবে ইতিমধ্যে মাধমাৰ পৰিছে গ্ৰাহকৰ ওপৰত ৷ ঔষধ, টোল কৰ, পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ পাচতে এইবাৰ হোৰাহোৰে বাঢ়িছে পাচলিৰ দাম । যাৰ বাবে এতিয়া সাধাৰণ গ্ৰাহকৰ বাবে যেন আলু-পিঁয়াজ ক্ৰয় সামৰ্থ্যৰ বাহিৰলৈ গতি কৰিছে ৷

গুৱাহাটীৰ বজাৰত বিভিন্ন পাচলিৰ মূল্য (ETV Bharat Assam)

পাচলিৰ মূল্যবৃদ্ধি

গুৱাহাটীৰ কেইখনমান বজাৰত পাচলিৰ মূল্যৰ ওপৰত চলোৱা সমীক্ষাত দেখা গৈছে যে স্থানভেদে প্ৰতিকিলোগ্ৰামত আলু 50 টকা আৰু পিঁয়াজ 60 টকালৈকে বৃদ্ধি পাইছে । ফলত দুবেলা-দুসাঁজ খাবলৈ চিন্তা কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে । আনহাতে, গুৱাহাটীৰ পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ মাজত এই মূল্যত পাৰ্থক্য দেখা গৈছে ।

পাচলিৰ মূল্যবৃদ্ধি সন্দৰ্ভত কি কয় ব্যৱসায়ীয়ে

বজাৰৰ মূল্যবৃদ্ধিৰ কাৰণ সন্দৰ্ভত জানিবলৈ আমি ওচৰ চাপিছিলো কেইগৰাকীমান পাচলি ব্যৱসায়ীৰ । ব্যৱসায়ীসকলৰ ভাষাত, "বজাৰত বৰ্তমান পৰ্যাপ্ত পৰিমাণে পাচলি নাই । বিশেষকৈ বানপানীৰ বাবেই পাচলিৰ অভাৱ ঘটিছে । যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ বাবে পাচলি পৰিবহণ সম্ভৱ হোৱা নাই ।"

তেওঁলোকে লগতে কয়, "পাচলিৰ এই মূল্যবৃদ্ধি আৰু কেইমাহমান অব্যাহত থাকিব । কাৰণ বানপানীয়ে প্ৰায়বোৰ পাচলিৰ খেতি অনিষ্ট কৰাৰ বাবে নতুন পাচলি বজাৰলৈ আহিবলৈ কিছুদিন সময় লাগিব । যাৰ বাবে পাইকাৰী বজাৰত পাচলিৰ নাটনি ঘটিছে আৰু মূল্যবৃদ্ধি ঘটিছে ।"

গ্ৰাহকে কি কয়

পাচলিৰ মূল্যবৃদ্ধি সন্দৰ্ভত গ্ৰাহকৰ পৰাও প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত এগৰাকী গ্ৰাহকে কয়, "আলু-পিঁয়াজৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে । একেদৰে জলকীয়াকে ধৰি অন্যান্য পাচলিৰো মূল্য বৃদ্ধি পাইছে । ব্যৱসায়ীয়ে জনোৱা মতে বানপানীৰ বাবেই পাচলিৰ নাটনি ঘটিছে আৰু মূল্যবৃদ্ধি ঘটিছে ।"

গুৱাহাটীৰ কোনখন পাইকাৰী বজাৰত পাচলিৰ মূল্য কিমান

ব্যৱসায়ী তথা গ্ৰাহকৰ পৰা পাচলিৰ মূল্য সন্দৰ্ভত তথ্য সংগ্ৰহ কৰি গড়চুকৰ পামহী পাইকাৰী বজাৰৰ মূল্যৰ তুলনা কৰিলে আজিৰ দিনটোত পাচলিৰ মূল্য এনেধৰণৰ দেখা যায়

পাচলি প্ৰতিকিলোত মূল্য (টকা)
বেঙেনা (গোল)৩৫
বেঙেনা (দীঘল)৩০
বিলাহী৪০
তিয়ঁহ ২০
জলকীয়া৮৮
ৰঙালাও ১৮
বন্ধাকবি ১৮
আলু (বংগ) ৩১.৫০
আলু (আগ্ৰা)৩১
পাচলিপ্ৰতিকিলোত মূল্য (টকা)
পিঁয়াজ৩১
গাজৰ৬২
স্কোৱাচ৩২
ভেন্দি২৫
পটল২৮
কেপচিকাম৮০

আনহাতে, গুৱাহাটীৰ বিভিন্ন বজাৰত প্ৰতিকিলো পাচলিৰ আজিৰ দিনটোৰ মূল্য হৈছে

পাচলিপ্ৰতিকিলোত মূল্য (টকা)
আলু (বংগ) ৪০
আলু (আগ্ৰা) ৪৫-৫০
পিঁয়াজ ৫০-৬০
গাজৰ ৮০-১২০
বিন ১০০-১২০
বিলাহী ৮০-১০০
কেপচিকাম১৮০-২০০
বেঙেনা ৬০-৮০
তিয়ঁহ ৬০
পাচলি প্ৰতিকিলোত মূল্য (টকা)
জিকা৫০-৬০
অমিতা৫০-৬০
ভেন্দি ৬০-৮০
পটল৭০-৮০

উল্লেখ্য যে বিগত প্ৰায় দুমাহ ধৰি গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলু-পিঁয়াজকে ধৰি বিভিন্ন পাচলিৰ মূল্য অত্যধিক বৃদ্ধি পাইছে । ব্যৱসায়ী পক্ষই এই মূল্যবৃদ্ধিৰ বাবে বানপানীক দোষাৰোপ কৰাৰ বিপৰীতে আন এক পক্ষই আকৌ ইয়াৰ আঁৰত মধ্যভোগীৰ হাঁতোৰা-চেপাৰ কথা উল্লেখ কৰিব বিচাৰে । কিয়নো তুলনামূলকভাৱে এতিয়াও পাচলিৰ উতপাদনস্থলীত মূল্য যথেষ্ট কম । ইয়াৰ উপৰি চৰকাৰৰ যোগান বিভাগৰ তৰফৰ পৰাও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । কিন্তু সেয়া যিয়েই নহওক কিয়, আগন্তুক আৰু কমেও এটা মাহ যে পাচলিৰ মূল্য হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই সেয়া নিশ্চিত ।

লগতে পঢ়ক :আজিৰ বজাৰত পাচলি: কৃষকে বেচিছে পানীৰ দৰত, গ্ৰাহকে কিনিছে জুই-ছাই দামত - VEGETABLE PRICE HIKE
লগতে পঢ়ক :দাম দিলেও পাচলি নোপোৱা অৱস্থা, উৎসতেই বৃদ্ধি মূল্য় - vegetable PRICE HIKE