ETV Bharat / state

মৎস্য ব্যৱসায়ীক মধ্য অসমত ব্যৱসায় কৰিবলৈ নিদিয়াৰ হুংকাৰ বীৰ লাচিত সেনাৰ - Miya Controversy

Ban on Fish export to Upper Assam: ধিং কাণ্ডক লৈ সৃষ্টি হোৱা মৎস্য বিতৰ্কই লৈছে আন এক ৰূপ । উজনি অসমলৈ মৎস্য ৰপ্তানি নকৰাৰ হুংকাৰ দিয়া মৎস্য ব্যৱসায়ীক সকীয়নী বীৰ লাচিত সেনাৰ ।

Ban on Fish export to Upper Assam
বীৰ লাচিত সেনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 28, 2024 at 9:03 AM IST

2 Min Read
Choose ETV Bharat

নগাঁও, ২৮ আগষ্ট: ধিঙৰ কিশোৰী ধর্ষণৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মৎস্য বিতৰ্ক ক্ৰমাৎ তুংগত উঠিছে । নগাঁৱৰ একাংশ মৎস্য ব্যৱসায়ী তথা মৎস্য ব্যৱসায়ী সন্থাই উজনি অসমলৈ মাছ ৰপ্তানী নকৰে বুলি দিয়া হুংকাৰক প্ৰত্য়াহ্বান জনাইছে বীৰ লাচিত সেনাই । অনা অসমীয়া বুলি দাবী কৰা কোনো লোককে মৎস্য ব্যৱসায় কৰিবলৈ দিয়া নহ'ব বুলি বীৰ লাচিত সেনাই সকীয়াই দিছে ।

বীৰ লাচিত সেনা (ETV Bharat Assam)

মধ্য অসমত মৎস্য ব্যৱসায় কৰিবলৈ নিদিয়াৰ হুংকাৰ :

বিভিন্নজনে বিষয়টোক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সমান্তৰালকৈ উজনি অসমলৈ মৎস্য ৰপ্তানি নকৰাৰ হুংকাৰ দিয়া মৎস্য ব্যৱসায়ীক মঙলবাৰে সকীয়নী প্ৰদান কৰে বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিয়ে । মঙলবাৰে সংবাদ মাধ্যমৰ জৰিয়তে নগাঁৱৰ একাংশ মৎস্য ব্যৱসায়ীক হুংকাৰ প্ৰদান কৰি নিজকে অনা অসমীয়া বুলি দাবী কৰা কোনো লোককে মৎস্য ব্যৱসায় কৰিবলৈ দিয়া নহ'ব বুলি সকীয়াই দিয়ে বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিয়ে ।

এই প্ৰসংগত বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ এজন নেতাই কয়, "উজনি অসমলৈ মাছৰ ৰপ্তানি বন্ধ কৰিলে নগাঁও, মৰিগাঁও তথা মধ্য অসমৰ কোনো প্রান্ততে মৎস্য ব্যৱসায় কৰিবলৈ দিয়া নহ'ব ।" লগতে অসমীয়া বিৰোধী কোনো সিদ্ধান্তই মানি লোৱা নহ'ব বুলিও মাছ ৰপ্তানি নকৰাৰ হুংকাৰ দিয়া একাংশ ব্যৱসায়ীক হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনাৰ নেতাই । মুঠৰ ওপৰত এতিয়া মৎস্য ব্যৱসায়ৰ বিতৰ্কক লৈ সৰ্বত্ৰে চলিছে ব্যাপক চৰ্চা ।

মৎস্য ব্যৱসায়ৰ বিতৰ্কৰ আঁৰত :

উজনি অসমৰ পৰা মধ্য অসম তথা নামনি অসমৰ মিঞা সম্প্ৰদায়ৰ বহু অস্থায়ী পৰিয়ালক উজনি অসম ত্যাগ কৰিবলৈ বীৰ লাচিত সেনাকে ধৰি কেইবাটাও সংগঠনে সময়সীমা বান্ধি দিয়াৰ পাছতেই জাঙুৰ খাই উঠিছিল নগাঁৱৰ একাংশ মৎস্য ব্যৱসায়ী । বিশেষ সম্প্ৰদায়টোৰ একাংশ মৎস্য ব্যৱসায়ীয়ে উজনি অসমলৈ মৎস্য ৰপ্তানি নকৰে বুলি সোমবাৰে এক হুংকাৰ প্ৰদান কৰাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক:উজনি, মিঞা আৰু মাছ: প্ৰয়োজনত উজনিলৈ মাছ-পাচলি পঠোৱাত নিজেই নেতৃত্ব ল’ব পদ্ম হাজৰিকাই - Assam Miya controversy

অনিৰ্দিষ্টকাললৈ উজনি অসমলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত মৎস্য ব্যৱসায়ীৰ - Miya Controversy