ৰঙিয়া : ভোগালী বিহু হৈছে ভোগৰ উৎসৱ । ভোগালীৰ উৰুকাত সেয়ে সকলোৱে কিবা প্ৰকাৰে হ'লেও এসাঁজ মাছে-মঙহে খোৱাৰ আয়োজন কৰে, তাৰ বাবে ব্যৱস্থা কৰে । কোনোৱে হয়তো বজাৰৰ পৰা আটাইতকৈ দামী মাছটো ক্ৰয় কৰে, কোনোৱে হয়তো হাঁহে-মাহে, ছাগলীয়ে-গাহৰিয়ে আয়োজন কৰে । কোনোবাই আকৌ হয়তো কিবা প্ৰকাৰে দুটুকুৰা মাছ বা মাংস যোগাৰ কৰে ।
কিন্তু আমাৰ সমাজত এনে ব্যক্তিও আছে, যিসকলৰ বাবে ভোগৰ ভোগালী সদায় কাতিৰ কঙালীৰ দৰে । মাছ-মাংসতো দূৰৈৰে কথা অতি সাধাৰণ খাদ্য সম্ভাৰখিনি যোগাৰ কৰাটোও তেওঁলোকৰ বাবে দুৰূহ ।
কিন্তু তেওঁলোকৰো মন যায় ভোগালীৰ ভোগ উপভোগ কৰিবলৈ । পিচে মনে আটিলেও ধনে নাটে । তেনে লোকসকলৰ মাজত এইবাৰ ভোগালীৰ উৰুকাত থিয় দিছে বীৰ লাচিত সেনা । ৰঙিয়াত বীৰ লাচিত সেনাই হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ । যাৰ বাবে আজিৰ ভোগালীৰ উৰুকাৰ নিশাটোত এইসকল নিঃস্ব লোকৰ কেৰাহীত মাছে মলঙিব ।
হয়, ভোগালী বিহুৰ উৰুকাৰ দিনা ৰঙিয়াত বীৰ লাচিত সেনাই গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ । সংগঠনটোৰ ৰঙিয়া আঞ্চলিক সমিতিৰ সদস্যসকলে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালক মাছ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে । ৰঙিয়া নগৰৰ তিনিটা ৱাৰ্ডৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰে বীৰ লাচিত সেনাৰ ৰঙিয়া আঞ্চলিক সমিতিয়ে ।
বীৰ লাচিত সেনাৰ সদস্যসকলে দৰিদ্ৰ পৰিয়ালকেইটাক উৰুকাত খাবলৈ একোটাকৈ ডাঙৰ মাছ, চাউল, দাইল আৰু বিভিন্ন পাচলি যোগান ধৰে । আনহাতে, খাদ্য সামগ্ৰীৰ টোপোলা হাত পাতি লৈ যথেষ্ট আৱেগিক হৈ পৰে প্ৰতিগৰাকী লোক ।
এই কামৰ নেতৃত্ব দিয়ে বীৰ লাচিত সেনাৰ ৰঙিয়া আঞ্চলিক সমিতিৰ মুখ্য সচিব উৎপল ভট্টই । অসমবাসীলৈ সংগঠনটোৰ তৰফৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি বীৰ লাচিত সেনাৰ ৰঙিয়া আঞ্চলিকৰ মুখ্য সচিব উৎপল ভট্টই কয়, "আজি আমি বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে ৰঙিয়া আঞ্চলিক সমিতিৰ সদস্যসকলে নিজৰ সামৰ্থ অনুযায়ী ৰঙিয়াৰ কেইটামান অতিকৈ দৰিদ্ৰ পৰিয়ালক উৰুকাৰ দিনা এসাঁজ খাবলৈ অকণমান খাদ্য সামগ্ৰীৰ যোগান ধৰিছোঁ । আজি যাতে তেওঁলোকে বেলেগৰ ওচৰত হাত পাতিব নালাগে, সেই ইচ্ছাৰেই আমি আজি তেওঁলোকক এমুঠি অন্নৰ যোগান ধৰিছো ।"
উল্লেখ্য যে আজিৰ এই কাৰ্যসূচীত সংগঠনটোৰ ৰঙিয়া আঞ্চলিকৰ মুখ্য সচিব উৎপল ভট্টৰ উপৰি প্ৰচাৰ সচিব ৰাহুল দাস প্ৰমুখ্যে কেইবাগৰাকীও সদস্য উপস্থিত থাকে ।