ইয়াণ্ডাবু সন্ধিৰ ১৯৯ বছৰ: অসম খিলঞ্জীয়া দিৱসৰ সূচনা বীৰ লাচিত সেনাৰ
৫০০০ অসমীয়া যুৱকে হেংদাং পূজা কৰি খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ অৰ্থে টীয়কৰ মেলেংস্থিত বীৰ লাচিত বৰফুকন ক্ষেত্ৰত অসম খিলঞ্জীয়া দিৱস উদযাপন ।

Published : February 24, 2025 at 5:04 PM IST
টীয়ক: ২৪ ফ্ৰেব্ৰুৱাৰী । অসমৰ সামাজিক-ৰাজনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন । কিয়নো আজিৰে পৰা ১৯৯ বছৰ পূৰ্বে অৰ্থাৎ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীতে স্বাক্ষৰিত হৈছিল স্বাধীন অসমৰ বেলি মাৰ যোৱা ইয়াণ্ডাবু সন্ধি । এই দিনটোক স্মৰণ তথা খিলঞ্জীয়াৰ অস্তিত্ব তথা স্বীকৃতি সন্দৰ্ভত ইয়াৰ গুৰুত্ব উপলব্ধিৰ বাবে বীৰ লাচিত সেনাই এইবাৰ গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ ।
অসমত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত আপোচবিহীন সংগ্ৰাম চলাই অহা অন্যতম জাতীয় সংগঠন বীৰ লাচিত সেনা, অসমে এই বছৰৰ পৰা ২৪ ফেব্ৰুৱাৰী দিনটো অসম খিলঞ্জীয়া দিৱস হিচাপে ঘোষণা কৰিছে । লগতে প্ৰথমবাৰৰ বাবে সোমবাৰে পুৱাৰে পৰা টীয়কৰ মেলেংস্থিত বীৰ লাচিত বৰফুকন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে খিলঞ্জীয়া দিৱস ।
পুৱা পতাকা উত্তোলন, লাচিতৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচীৰ পাছত হেংদাং পূজন কাৰ্যসূচী সমাপন কৰা হয় । ইয়াৰ পিছত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫,০০০ লাচিত সেনাৰ সহযোগত এক শোভাযাত্ৰা উলিওৱা হয় ।
জয় আই অসম, খিলঞ্জীয়াৰ স্বাৰ্থ সদায় আগত, বীৰ লাচিত সেনাৰ জয় আদি ধ্বনিৰে লাচিত সেনাৰ সদস্যসকলে আকাশ-বতাহ উত্তাল কৰি তোলে ।
উল্লেখ্য যে অসমত প্ৰতিটো ক্ষেত্ৰতে সদায় খিলঞ্জীয়াই প্ৰথম অগ্ৰাধিকাৰ পাবি লাগিব বুলি এই অনুষ্ঠানত সকলোৱে সংকল্প গ্ৰহণ কৰে । লগতে ২০২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত অসম খিলঞ্জীয়া দিৱসত ইয়াণ্ডাবু সন্ধিৰ ২০০ বছৰীয়া জয়ন্তী উদযাপন কৰিব বুলি মত প্ৰকাশ কৰে ।
আনহাতে, যিসমূহ অশুভ শক্তিয়ে বৰ্তমান ৰাজ্যখনত জাতিভেদ তথা জনগোষ্ঠীসমূহৰ মাজত থকা একতাক বিনষ্ট কৰিবলৈ উঠি-পৰি লাগিছে, উক্ত স্থানৰ পৰাই সেই শক্তিসমূহক সকীয়নি প্ৰদান কৰি অনাগত দিনত এনেবোৰ শক্তিৰ বিৰুদ্ধে অধিক সৰৱ হোৱাৰ সংকল্প লয় বীৰ লাচিত সেনাৰ সৈনিকসকলে ।
এই সন্দৰ্ভত বীৰ লাচিত সেনাৰ সচিব ৰণ্টু পানীফুকনে কয়, "আজিৰ দিনটো অসম খিলঞ্জীয়া দিৱস হিচাপে বীৰ লাচিত সেনাই এই বছৰৰ পৰা পালন কৰি যাব । ২০২৬ৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা ইয়াণ্ডাবু সন্ধিৰ ২০০ বছৰ সম্পূৰ্ণ হ'ব । ৰাষ্ট্ৰসংঘই খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিছে যে ঔপনিৱেশিক শাসন ব্যৱস্থা হোৱাৰ আগমুহূৰ্তৰ পৰা থকা জাতি-জনগোষ্ঠী, আদিবাসীসকল খিলঞ্জীয়া । গতিকে বৰ্তমান চৰকাৰখনে খিলঞ্জীয়া কোন অখিলঞ্জীয়া কোন এটা বাদানুবাদ সৃষ্টি কৰিছে ।"
আনহাতে, বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাই কয়, "খিলঞ্জীয়া মানুহৰ আধিপত্য থকা এখন অসম হ'ব । বীৰ লাচিত সেনাৰ ৫,০০০ সৈনিকে আজি অংগীকাৰবদ্ধ হৈছে । অনাগত দিনত চৰকাৰীলৈ সকীয়নি, যাতে অনা অসমীয়া মানুহৰ পক্ষত থাকি যদি খিলঞ্জীয়া মানুহক বাৰে বাৰে প্ৰতাৰিত কৰে । তাৰ বিৰুদ্ধে কিন্তু বীৰ লাচিত সেনাই তীব্ৰ সংগ্ৰামৰ সৃষ্টি কৰিব ।"

