ETV Bharat / state

অখিল গগৈক মানসিক চিকিৎসা কৰাব বীৰ লাচিত সেনাই !

তিনিচুকীয়া জিলাত অখিল গগৈৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে বীৰ লাচিত সেনাই ৷ ৰাইজৰ দলক বিজেপিৰ বি-টীম আখ্যা ৷

VEER LACHIT SENA ASSAM
তিনিচুকীয়া জিলাত অখিল গগৈৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 28, 2024 at 10:52 AM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া: অসমীয়াত এষাৰ প্ৰৱচন আছে, ‘‘কথাত কটা যায়, কথাত বঁটা পায় ৷’’ কথা কৈ এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে শিৱসাগৰৰ বিধায়ক তথা সদাসৰৱ নেতা অখিল গগৈ ৷ শৃংখল চলিহাৰ সৈতে চলি থকা বাকযুদ্ধৰ মাজতেই অখিল গগৈয়ে কৰা এক মন্তব্যক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বীৰ লাচিত সেনা অসমৰ সদস্যই ৷ বয়সত বহু সৰু যুৱকেও অখিল গগৈক কটাক্ষ কৰা দেখা গৈছে ৷

“অখিল গগৈ এজন মানসিক বিকাৰগ্ৰস্ত আৰু মস্তিস্কৰ একেবাৰে উৰ্বৰতা নথকা বিধায়ক । সকলোৱে দেখিছে, বিভিন্ন সময়ত শিৱসাগৰ সমষ্টিৰ জ্বলন্ত সমস্যাৰ হৈ মাত নামতা, বিধানসভাত আবোলতাবোল কথা কৈ সম্পূৰ্ণ পৰিবেশ বিনষ্ট কৰা বিধায়ক অখিল গগৈ ।” এই মন্তব্য বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিৰ নেতা অভিষেক বড়াৰ ।

তিনিচুকীয়া জিলাত অখিল গগৈৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা (ETV Bharat)

‘‘বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই প্ৰথমে ভাং খোৱা, ড্ৰাগছ খোৱা এৰক তাৰ পাছত মন্তব্য কৰিম’’ বুলি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্যৰ পাছতে এতিয়া ৰাজ্যজুৰি সৰৱ হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা-সদস্য ।

এই সন্দৰ্ভত বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিৰ নেতা অভিষেক বড়াই ডুমডুমাত কৰা এক প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “নিজৰ সাহস নথকাৰ বাবে অখিল গগৈৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই দাখিল কৰিলে আৰু সেইজন নেতাকেই অখিল গগৈয়ে ভাং খাই, ড্ৰাগছ খাই বুলি কোৱা কথাষাৰ কোনোপধ্যেই গ্ৰহণযোগ্য নহয় ।’’

বড়াই লগতে কয়, “এতিয়া প্ৰমাণ কৰিলে অখিল গগৈয়ে বিজেপিৰ বি-টীম হিচাপে কাম কৰি আহিছে ৷ ৰাইজৰ দল বিজেপিৰ বি-টীম হিচাপে প্ৰতিফলিত হ’ল । এইজন ভণ্ড অখিল গগৈ আচলতে জাতীয়তাবাদৰ কথাৰে বিভিন্ন সময়ত ৰাজ্যৰ খাটি খোৱা দুখীয়া জনতাক, সাধাৰণ জনতাক বিভিন্ন প্ৰৰোচনাত পেলাই নেতা হোৱা অখিল গগৈ । গতিকে আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত যদি শৃংখল চলিহাই ভাং, ড্ৰাগছ খোৱাটো অখিল গগৈয়ে প্ৰমাণ কৰিব নোৱাৰে তেন্তে বীৰ লাচিত সেনা তিনিচুকীয়া জিলা সমিতিৰ ৰোষত পৰিব সেয়া নিশ্চিত ।’’

‘‘কোনোপধ্যেই তিনিচুকীয়া জিলাত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব অখিল গগৈক । তেওঁৰ পইচা নাই জানো, বিজেপিৰ পৰা দুই-এটকা লৈ চলি আছে লাখানী চেন্দেল পিন্ধি । তেওঁ এবাৰ কওক আমি অখিল গগৈক মানসিক চিকিৎসালয়ত চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব ল’ম বীৰ লাচিত সেনা তিনিচুকীয়া জিলা সমিতিয়ে ৷” নেতাজনে শেষত কয় ৷

লগতে পঢ়ক: উপ-নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ ব্য়াখ্য়া কৰিলে অখিল গগৈয়ে

অখিল গগৈয়ে জাতীয় পৰিষদক গ্ৰাস কৰিব ! ৰাইজৰ দল-অজাপ একত্ৰিত হোৱাত বাধা ক'ত ?