ETV Bharat / state

প্ৰথম ৰাজধানীত কৃত্ৰিম বান, দ্বিতীয় ৰাজধানী ডুবিছে বুঢ়ীদিহিঙৰ পানীত - ASSAM FLOOD 2025

জলসম্পদ বিভাগৰ অকৰ্মন্যতা আৰু জনপ্ৰতিনিধিৰ গুৰুত্বহীনতাৰ বাবেই বানৰ কৱলত শ শ পৰিয়াল । গৰু-ছাগলীৰ সৈতে সহাৱস্থান আশ্ৰয় শিবিৰত ।

Various parts of Dibrugarh affected by the flood
বানত বুৰিছে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 4, 2025 at 2:01 PM IST

5 Min Read

ডিব্ৰুগড়: নেৰানেপেৰা বৰষুণৰ পাছতে ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিং । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ভয়ংকৰ ৰূপ লৈছে । ৰাজধানী চহৰ গুৱাহাটীক কৃত্ৰিম বানে উপঙাই ৰখাৰ পিছত ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ৰো বেছিসংখ্যক ঠাই এতিয়া বানৰ কৱলত । বছৰৰ প্ৰথমটো বানত জিলাখনৰ বহু ৰাজহ গাঁও ভয়ংকৰ ৰূপত ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে । ইয়াৰ মূলতে হ'ল জলসম্পদ বিভাগৰ অকৰ্মন্যতা আৰু জনপ্ৰতিনিধিৰ গুৰুত্বহীনতা । ফলত বানৰ কৱলত পৰিব লগা হৈছে শ শ পৰিয়াল ।

কিয়নো যোৱাটো বৰ্ষত ডিব্ৰুগড় জিলা ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল । কেইবাঠাইত বুঢ়ীদিহিঙৰ পানীয়ে মথাউৰি আৰু ৰিংবান্ধ চিঙি পেলোৱাত এটা মাহতকৈ অধিক দিন জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাইজে আশ্ৰয় শিবিৰত থাকিব লগা হৈছিল । আনকি ডিব্ৰুগড়ত বান পৰিস্থিতি বুজ ল'বলৈ মুখ্যমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সকলো আহিব লগা পৰিস্থিতি সৃষ্টি হৈছিল । প্ৰতিশ্ৰুতি দিয়া হৈছিল পানী শুকাই যোৱাৰ পাছতে ভাগি যোৱা মথাউৰিটো, ৰিং বান্ধ নিৰ্মাণ কৰা হ'ব । কিন্তু বহু ঠাইত ৰিংবান্ধ বনাবলৈ থাকিল, ক'ৰবাত বনাইছে যদিও নিৰ্মাণ উন্নত নোহোৱাত পুনৰ ভাঙি লৈ গৈছে প্ৰথমটো বানে । ইয়াৰ পাছতেই হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত ।

বানত বুৰিছে ডিব্ৰুগড়ৰ বিস্তীৰ্ণ অঞ্চল (ETV Bharat Assam)

খোৱাং মইনা গাঁৱত বুৰাই পেলালে বিস্তৃৰ্ণ অঞ্চল:

ফেনে-ফোটোকাৰে বাঢ়ি অহা বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে খোৱাং মইনা গাঁৱৰ এটা বিস্তীৰ্ণ অঞ্চল । খোৱাং মইনা গাঁৱৰ প্ৰায় ৫২ টাতকৈ অধিক পৰিয়ালৰ বাসগৃহ বৰ্তমান পানীৰ তলত । বহু পৰিয়ালে ৰিং বান্ধত লৈছে আশ্ৰয় । মইনা গাঁৱলৈ যোৱা মূল পথটো বাঢ়নী পানীয়ে বুৰাই পেলোৱাত যাতায়তৰ ক্ষেত্ৰত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গাঁওখনত । টুলুঙা নাওৱেই যাতায়তৰ একমাত্ৰ ভৰসা হৈ পৰিছে ।

Various parts of Dibrugarh affected by the flood
এনেকৈয়ে পাৰ কৰিবলগীয়া হৈছে দিন-ৰাতি (ETV Bharat Assam)

বহুলোকৰ শাক-পাচলি বাৰী পানীৰ তলত । গো-ধনকে ধৰি পোহনীয়া জীৱ-জন্তু বিলাকক ৰিং বান্ধতে আশ্ৰয় দিয়া হৈছে । ঘৰৰ ভিতৰতো হৈছে এককাল পানী । চৰকাৰী কোনো সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

বানৰ মাজত এগৰাকী মহিলা (ETV Bharat Assam)

বান পৰিস্থিতি সন্দৰ্ভত এগৰাকী বন্যাৰ্তই কয়, "তিনিদিন ধৰি বানত বুৰি আছোঁ । চৰকাৰৰ কোনো সঁহাৰি নাই । আমি জন্ম হোৱাৰে পৰা বান দেখি আহিছোঁ । কিন্তু নিৰাময় কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । বিধায়কৰো কোনো কাণসাৰ নাই ।"

ঘৰৰ ভিতৰত একঁকাল পানী (ETV Bharat Assam)

উল্লেখযোগ্য যে খোৱাং মইনা গাঁ‌ৱত বুঢ়ীদিহিং নদীৰ কাষতে থকা ৰিং বান্ধটো বাঢ়নী পানীয়ে প্ৰায় চাৰি ঠাইত ভাঙি পেলাইছিল । পৰৱৰ্তী সময়ত চৰকাৰে ৰিং বান্ধটো মেৰামতি নকৰাৰ ফলত প্ৰতি বছৰে নদীৰ বাঢ়নী পানী ভগ্ন ৰিং বান্ধেৰে সোমাই প্লাৱিত কৰে গাঁওখন । বানৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে ৰাইজে । অঞ্চলটোৰ বানাক্ৰান্তৰ ৰাইজে জানিবলৈ দিয়া অনুসৰি ৰিং বান্ধ ভাঙি যোৱা পাছত কোনো চৰকাৰী মানুহে ৰিং বান্ধ পৰিদৰ্শন কৰিবলৈ নাহিল । আনকি বিধায়ক চক্ৰধৰ গগৈ ৰাইজৰ দুখ-দুৰ্দশা বুজিবলৈ আজি পৰ্যন্ত অঞ্চলটোৰ অহা নাই বুলি ক্ষোভ প্ৰকাশ ৰাইজৰ ।

ৰবি শস্যও পানীৰ তলত (ETV Bharat Assam)

নিৰ্মাণৰ মান উন্নত নোহোৱাৰ বাবেই ভাঙিল ৰিং বান্ধ:

খোৱাং সমষ্টিৰ অন্তৰ্গত কোটোহা ভগামুৰ ব্লক গাঁৱৰ বুঢ়ীদিহিঙৰ ৰিং বান্ধ সোমবাৰে ভাঙি যোৱা পাছতে ৰাইজৰ মাজত হাহাঁকাৰ পৰিৱেশ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে । উল্লেখযোগ্য যে যোৱাটো বানত কোটোহা ভগামুৰ ব্লক গাঁৱৰ চাৰি ঠাইত ৰিং বান্ধ ভাগিছিল ।

কৰ'বাত যদি একাঁঠু, কৰ'বাত একঁকাল (ETV Bharat Assam)

ৰিং বান্ধ নিৰ্মাণ কৰিবলৈ কেইবা কোটি টকা মোকলাই দিছিল চৰকাৰে । কিন্তু ৰাইজৰ অভিযোগ- বালিৰ পলস মাটি দি ৰিং বান্ধ নিৰ্মাণ কৰি ঠিকাদাৰে কাম শেষ কৰিবলৈ চেষ্টা কৰাত প্ৰথমটো বানতেই ভাগিল ৰিং বান্ধটো । ফলত কৃষিপ্ৰধান অঞ্চলটোত থকা দুই শতাধিক ৰাইজৰ শ শ বিঘা কৃষি শস্য পানীয়ে বুৰাই পেলোৱাৰ লগতে বহু পৰিয়ালে এতিয়া মথাউৰিত আশ্ৰয় ল'ব লগা হৈছে ।

টুলুঙা নাৱৰে বানৰ সৈতে মোকাবিলা (ETV Bharat Assam)

চাচনীৰ আশ্ৰয় শিবিৰত শ শ লোকৰ সহাৱস্থান গৰু-ছাগলীৰ সৈতে :

বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে নাহৰকটীয়াৰ ইখনৰ পিছত সিখন গাঁও । নাহৰকটীয়াৰ চাচনীৰ ১নং টিংৰাই কৈৱৰ্ত গাঁও, ২ নং টিংৰাই কৈৱৰ্ত গাঁও, বালি গাঁও এতিয়া পানীৰ তলত । অঞ্চলটোৰ প্ৰায় ৫ শতাধিক পৰিয়ালৰ কৃষি পথাৰৰ লগতে বহু পৰিয়ালৰ বাসগৃহ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত এতিয়া হাহাকাৰ কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজে ।

বানত পশুধনৰ বিস্তৰ ক্ষতি (ETV Bharat Assam)

কৃষিপ্ৰধান অঞ্চলটোৰ ৰাইজে বছৰটোৰ বাবে মজুত কৰি ৰখা সোণগুটিৰ লগতে অন্যান্য খাদ্য সামগ্ৰী উটুৱাই নিয়ে বুঢ়ীদিহিঙৰ বানে । ইতিমধ্যে কৃষি পথাৰৰ লগতে ঘৰ-দুৱাৰ প্লাৱিত হৈ পৰাত অঞ্চলটোৰ লোকসকলে মথাউৰিত আশ্ৰয় গ্ৰহণ কৰাৰ লগতে প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে । ইফালে কৃষিপ্ৰধান অঞ্চলটোৰ ৰাইজে বানত নিজৰ কৃষি শস্য হেৰুৱাই মূৰে-কপালে হাত দি এতিয়া হাহাকাৰ কৰিবলগা হৈছে ।

লগতে পঢ়ক: ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি; মঙলবাৰে পুনৰ বানত ৬ গৰাকী লোকৰ মৃত্যু - ASSAM FLOOD 2025

পহিলা বানতে কোঙা দেৰগাঁও, বানাক্ৰান্তৰ আৰ্তনাদ - ASSAM FLOOD 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.