ETV Bharat / state

সাপ্তাহিক কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ; সংবাদমেলযোগে বিৱৰি ক’লে মুখ্যমন্ত্ৰীয়ে - ASSAM CABINET MEETING DECISION

গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত ৪০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'ব শ্বহীদ কনকলতা বিশ্ববিদ্যালয় ৷

assam CABINET MEETING DECISION
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 4, 2025 at 10:11 PM IST

3 Min Read

গুৱাহাটী: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী ড৹ শৰ্মাই ।

কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

  1. গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত ৪০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ ‍বাবে আজিৰ কেবিনেটে মঞ্জুৰি দিয়ে ৷ বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰিব যাওঁতে যিসকলৰ মাটি-বাৰী ল'বলগীয়া হ'ব, তেওঁলোকক বিশ্ববিদ্যালয় চৌহদতে স্থায়ী মাটি-বাৰী আৱণ্টন দিয়া হ'ব । বিশ্ববিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব । তদুপৰি তেওঁলোকক ভি আৰ এছৰ বাবে প্ৰাপ্য মজুৰি দিয়া হ'ব । এই বিশ্ববিদ্যালয়ত প্ৰযুক্তিৰ ধাৰণাটোক আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা হ'ব ৷
  2. ডিমা হাছাও জিলাৰ ৩৪৮ কিলোমিটাৰ দৈৰ্ঘৰ পাঁচটা ৰাস্তাৰ বাবে আজি কেবিনেটে ৩,৮৭৫ কোটি টকাৰ অনুমোদন জনায় । পাহাৰীয়া জিলাখনত ইয়াৰ পূৰ্বে অসম চৰকাৰে ইমান ডাঙৰ বিনিয়োগ কৰা নাছিল । বানৰ পিছতে এই ৰাস্তাৰ কাম আৰম্ভ হ'ব । এই প্ৰকল্পত ভাৰত চৰকাৰে বিশ্ববেংকৰ জৰিয়তে ৮০ শত‍াংশ ধন অনুদান হিচাপে আগবঢ়াব আৰু ২০ শতাংশ ধন অসম চৰকাৰে ব্যয় কৰিব ।
  3. অসমৰ কৃষি খণ্ডত 'ফাৰ্মাৰ প্ৰডিচাৰ অ'ৰ্গেনাইজেচন' আৰু 'ফাৰ্ম প্ৰডিউচ কোম্পানী' সমূহে ভাল কৰি আহিছে । আজিৰ কেবিনেটত ৩০০ 'ফাৰ্মাৰ প্ৰডিচাৰ অ'ৰ্গেনাইজেচন' আৰু 'ফাৰ্ম প্ৰডিউচ কোম্পানী'ক ১৫ লাখ টকাকৈ এককালীন অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই আঁচনিটো মুখ্যমন্ত্রীৰ উৎকৰ্ষ যোজনা নামে জনাজাত হ'ব ।
  4. এতিয়াৰে পৰা সকলো জিলাৰ আৰক্ষী অধীক্ষকসকল জ্যেষ্ঠ আৰক্ষী অধীক্ষক হ'ব । তেওঁলোকে বেজত দুটা তৰা আৰু এটা অশোক স্তম্ভ পৰিধান কৰিব । আৰক্ষী অধীক্ষকসকল এতিয়াৰে পৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে পৰিচিত হ'ব ।
  5. আজিৰ কেবিনেটে বি টি আৰৰ বাবে ৮৪৩ কোটি টকাৰ পুঁজিৰ অনুমোদন জনায় । এইবাৰ এটা কিস্তিতে পুঁজি আগবঢ়োৱা হ'ব ।
  6. কেবিনেটে আজি এখন আঁচনিত অনুমোদন জনায় । আঁচনিখনৰ নাম হৈছে মুখ্যমন্ত্রীৰ জীৱন অনুপ্ৰেৰণা আঁচনি । ইয়াৰ দ্বাৰা চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা গৱেষকসকলক ২৫ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ'ব । দিব্যাংগ গৱেষকসকলে লাভ কৰিব ৪০ হাজাৰ টকা । ইয়াৰ বাবে প'ৰ্টেল মুকলি কৰা হ'ব । চৰকাৰী চাকৰি কৰি থকা গৱেষকসকলে এই পুঁজি লাভ নকৰে ।
  7. মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত মহিলা আত্মসহায়ক গোটসমূহৰ সদস্যাসকলক ১০ হাজাৰ টকাকৈ দিয়াৰ চৰকাৰে প্ৰতিশ্ৰুতি দিছিল । লাখপতি বাইদেউৰ সেই আঁচনিৰ 'লাখপতি বাইদেউ' কোন সমষ্টিত কেতিয়া পাব, তাৰ চিডিউল ৯ জুনত প্ৰকাশ কৰা হ'ব । প্ৰত্যেক মাহত ৩০ টা সমষ্টিত দি যোৱা হ'ব । সেইদৰে মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও জ'নেল ভিত্তিত চাৰিখন সভা কৰি প্ৰদান কৰা হ'ব । এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজিৰ কেবিনেটে ১,৪৫০ কোটি টকাৰ অনুমোদন জনায় । তিনি হাজাৰ কোটি টকা যোৱা বছৰ অনুমোদন দিয়া হৈছিল । আজি ১,৪৫০ কোটি টকাৰ অনুমোদন জনোৱা হয় । মুঠ ৪,৪৫০ কোটি টকাৰে দুয়োখন আঁচনি ৰূপায়ণ কৰা হ'ব ৷

লগতে পঢ়ক: শ্বিলং ফুৰি আহি ঘৰ নাপালেহি, আদবাটতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অধিবক্তাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.