ETV Bharat / state

অৰুণাচলত নিৰ্মাণ হৈছে দলং, অসমৰ নদীত মৰিছে মাছ

গাওঁবাসী আক্রান্ত বিভিন্ন ৰোগত ৷ পোহনীয়া জীৱ-জন্তুকো ঘৰতে আবদ্ধ কৰি ৰাখিবলগীয়া হৈছে ৷

Various chemicals are polluting the water of the Sile river in Jonai
ঘোলা হৈছে চিলে নৈৰ পানী, বিভিন্ন প্ৰজাতিৰ থলুৱা মাছৰ মৃত্যু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 8:07 PM IST

2 Min Read
Choose ETV Bharat

জোনাই: জোনাইৰ সংৰক্ষিত বনাঞ্চলৰ সমীপত থকা চিলে নদীলৈ আহিছে ভয়ংকৰ ভাবুকি । নদীখনৰ জলজ প্রাণীসমূহকে ধৰি সমীপৱৰ্তী অঞ্চলৰ জীৱ-জন্তুসমূহলৈও নামি আহিছে এক ভয়াবহ সংকট ।

বিগত প্রায় দুমাহ ধৰি জোনাই সমষ্টিৰ কেমি জেলম গাঁও পঞ্চায়তৰ অন্তৰ্গত চিলে নৈৰ পানী ঘোলা হোৱাৰ ফলত মৃত্যু হৈছে নৈখনত থকা বিভিন্ন প্ৰজাতিৰ থলুৱা মাছৰ । চিলে নৈৰ পানী সেৱন কৰাৰ ফলত জীৱ-জন্তুসমূহৰ লগতে মানুহৰ দেহতো দেখা দিছে অচিন ৰোগে ।

ঘোলা হৈছে চিলে নৈৰ পানী, বিভিন্ন প্ৰজাতিৰ থলুৱা মাছৰ মৃত্যু (ETV Bharat Assam)

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, নৈখনত থকা বিভিন্ন জলজ প্ৰাণীসমূহৰ জীৱনলৈ ভয়াবহ সংকট নামি আহিছে । অৰুণাচল প্ৰদেশত চলি থকা ৰে'লৱে দলং নিৰ্মাণ, চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণ, ক্ৰেচাৰ মিলত চলি থকা কামৰ লগতে লেকু নদীত দলং নিৰ্মাণত ব্যৱহাৰ হোৱা চিমেণ্ট অথবা ৰাসায়নিক দ্ৰব্য নৈত পেলোৱাৰ ফলত নদীৰ পানী প্ৰদূষিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

আনহাতে চিলে নৈৰ কাষৰীয়া অঞ্চলত বসবাস কৰা প্ৰায় দহখনতকৈ অধিক গাঁৱৰ পৰিয়ালে এই নদীৰ পানী খোৱা, গা ধোৱা, কাপোৰ-কানি ধোৱা আদি বিভিন্ন কামত দৈনিক ব্যৱহাৰ কৰি আহিছে । যাৰ ফলত এতিয়া গাওঁবাসী বিভিন্ন ৰোগত আক্রান্ত হোৱাৰ লগতে হাঁহ-কুকুৰা, ছাগলী-গৰু আদি নদীৰ পানী খাই মৃত্যু মুখত পৰিছে । সেয়ে পোহনীয়া জীৱ-জন্তুক ঘৰতে আবদ্ধ কৰি ৰাখি নাতিদূৰৈৰ পৰা বিশুদ্ধ খোৱা পানী আনি ব্যৱহাৰ কৰিব লগাত পৰিছে বুলি গাওঁবাসীয়ে মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত । অতি শীঘ্ৰে পবাৰ জীৱকুলৰ লগতে নদীৰ প্ৰাণীসমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থত বিভাগীয় কর্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক: ৰৈ যা বাটৰুৱা চাই যা মোক... ! দেওপাহাৰত হাজাৰ হাজাৰ উৰণীয়া মৌৱে যেন এনেকৈয়ে গুঞ্জৰে ! - GOLAGHAT UNIQUE BEE STORY

৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - BHARAT RATNA BHUPEN HAZARIKA