ননীৰ হেৰোৱা বাইকখন ওলাল: উত্তৰাখণ্ডৰ বাইক, নিছিল গুৱাহাটীৰ পৰা, ওলাল...
অৱশেষত উদ্ধাৰ হ’ল উত্তৰাখণ্ডৰ বাইক ৰাইডাৰ ননীৰ চুৰি হোৱা বাইকখন ৷

Published : March 10, 2025 at 3:41 PM IST
গুৱাহাটী: এখন বাইক আৰু এটা স্বস্তিৰ নিশ্বাস ! অৱশেষত উদ্ধাৰ হ’ল উত্তৰাখণ্ডৰ বাইক ৰাইডাৰ ননীৰ দলৰ সদস্য মোহিত কুমাৰৰ চুৰি হোৱা বাইকখন । দেওবাৰে নিশা ফকিৰগঞ্জৰ প্ৰেম বজাৰৰ পৰা আৰক্ষীয়ে বাইকখন উদ্ধাৰ কৰে ।
দেওবাৰে নিশা গুৱাহাটী মহানগৰীৰ পূব মণ্ডলৰ অতিৰিক্ত সহকাৰী আৰক্ষী আয়ুক্ত অনুৰাগ শৰ্মা আৰু বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ফকিৰগঞ্জ আৰক্ষীৰ সহযোগত অভিযান চলাই বাইকখন উদ্ধাৰ কৰাৰ লগতে বাইক চুৰি সন্দৰ্ভত দুজন যুৱকক আটক কৰে । ধৃত দুই যুৱক ফকিৰগঞ্জ বালাটাৰী গাঁৱৰ আফছাৰ কাজীৰ পুত্ৰ ফিৰোজ কাজী আৰু বাসানীপাৰা গাঁৱৰ আব্দুল জোব্বাৰৰ পুত্ৰ আশ্ৰাফুল দেৱান বুলি জানিব পৰা গৈছে ।
ধৃত দুই যুৱকক ফকিৰগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰি চুৰি বাইকখনৰ সৈতে সোমবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত বশিষ্ঠ আৰক্ষী থানালৈ অনা হয় । লগতে বশিষ্ঠ থানাত অভিযানকাৰী দুই আৰক্ষী বিষয়াক উপ-আৰক্ষী আয়ুক্ত (DCP) মৃণাল ডেকাই সফল অভিযানৰ বাবে গামোচা পিন্ধাই সম্বৰ্ধনা জনায় ।
উল্লেখ্য যে উত্তৰাখণ্ডৰ বাইক ৰাইডাৰ ননীৰ দলৰ সদস্য মোহিত কুমাৰ । যোৱা বুধবাৰে গুৱাহাটীৰ সৰুসজাইৰ এটা গেষ্ট হাউছৰ পৰা চুৰি হৈছিল তেওঁৰ বাইকখন । গেষ্ট হাইছৰ চিচি টিভিত বন্দী হৈছিল বাইক চুৰিৰ দৃশ্য ।

এই সন্দৰ্ভত গুৱাহাটী মহানগৰীৰ পূব মণ্ডলৰ অতিৰিক্ত সহকাৰী আৰক্ষী আয়ুক্ত অনুৰাগ শৰ্মাই কয়, ‘‘৫ মাৰ্চত ৰাতি ননীৰ সহযোগী ৰাইডাৰজনৰ বাইকখন চুৰি হৈছিল । আৰক্ষীক অভিযোগ দিয়াৰ পূৰ্বেই ননীয়ে চুৰিৰ ঘটনাটো সামাজিক মাধ্যমত ভাইৰেল কৰি দিছিল । ননীৰ অভিযোগৰ পাছতে CP আৰু DCP ৰ নেতৃত্বত আমি বাইকখন উদ্ধাৰৰ বাবে অহৰহ চেষ্টা চলাইছিলো । যোৱা নিশা ফকিৰগঞ্জৰ প্ৰেম বজাৰৰ পৰা আমি বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হ’লো । ঘটনাত জড়িত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছো ।’’
‘‘অনুসন্ধান চলি থকাৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত এতিয়াই সকলো কথা ক’ব পৰা নাযাব । ধৃত চোৰ দুটা বাইক চোৰ গেঙৰেই সদস্য । বাইকখন বাহিৰলৈ প্ৰেৰণৰ যো-জা চলাইছিল চোৰ দুটাই । ধৃত চোৰ দুটা ফকিৰগঞ্জৰ ।’’ অনুৰাগ শৰ্মাই কয় ৷
তেওঁ আৰু কয়, ‘‘অভিযানটোত বশিষ্ঠ আৰক্ষীক সহায় কৰিছিল ফকিৰগঞ্জ আৰক্ষীয়ে । CP আৰু DCP ছাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছিল বাইক চুৰিৰ বিষয়টো । এজাহাৰ দিয়াৰ চাৰি দিন পাছতে আমি বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হ'লো । এইটো আমাৰ বাবে কম সময়ৰ ভিতৰত উদ্ধাৰৰ এক ডাঙৰ সফলতা । বাইকখনৰ বিশেষ ক্ষতি হোৱা নাই ।’’
| লগতে পঢ়ক : সন্ধান ওলোৱা নাই চুৰি বাইকৰ; বিপদত ৰাইডাৰ ননী |

