ETV Bharat / state

অৱশেষত মুকলি আকাশৰ তললৈ ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হক

১৩ মাৰ্চৰ পৰা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ইউ এছ টি এমৰ আচাৰ্যগৰাকী ৷

USTM CHANCELLOR MAHBUBUL HOQUE
ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 24, 2025 at 10:14 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: অৱশেষত কাৰাগাৰৰ বাহিৰলৈ অহাৰ পথ প্ৰশস্ত হ’ল ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা সোমবাৰে সন্ধিয়া ৬.১০ বজাত মুকলি আকাশৰ তললৈ আহে ইউ এছ টি এমৰ আচাৰ্যগৰাকী ৷

মহবুবুল হক বিগত ১১ দিন ধৰি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ৷ সোমবাৰে সন্ধিয়া মুকলি আকাশৰ তললৈ অহাৰ পিছত হকে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কোনোধৰণৰ মন্তব্য দিয়াৰ পৰিৱৰ্তে “থেংক ইউ তেজপুৰ প্ৰেছ” বুলি কৈ ধন্যবাদ জ্ঞাপন কৰে ৷

উল্লেখ্য যে শোণিতপুৰৰ ঢেকিয়াজুলি আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত যোৱা ১২ মাৰ্চৰ বিয়লি শ্ৰীভূমিৰ পৰা শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহবুবুল হকক ৷ তাৰ পিছত কটকটীয়া নিৰাপত্তাৰ মাজেৰে আনি পিছদিনা অৰ্থাৎ ১৩ মাৰ্চত তেজপুৰ ন্যায়িক আদালতত আৰক্ষীয়ে হাজিৰ কৰাইছিল হকক ৷ তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত যোৱা ১৩ মাৰ্চৰ পৰা বন্দী হৈ আছিল ইউ এছ টি এমৰ আচাৰ্যগৰাকী ৷

লক্ষণীয় যে ইউ এছ টি এমত অধ্যয়নৰত ছাত্ৰ শ্বেখ ফৰিদৰ পিতৃ তথা ঢেকিয়াজুলি নিবাসী মুকছেদ আলীয়ে পুত্ৰক পৰীক্ষাত অনৈতিক কাম কৰাৰ সুযোগ দিয়াৰ বিনিময়ত দুই লক্ষাধিক উৎকোচ লোৱাৰ এক অভিযোগেৰে ঢেকিয়াজুলি থানাত মহবুবুল হকৰ বিৰুদ্ধে ৰুজু কৰিছিল এটা গোচৰ ৷ ৫৫/২০২৫ নম্বৰৰ এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে বি এন এছৰ ৩১৮(৪), ৩১৬(৫) ৩৩৬(৩) নং ধাৰাৰ লগতে ‘‘আনল’ফুল প্ৰিভেন্সন এক্ট’’ ৰ ১১(১) নং ধাৰাৰ অধীনত উচ্চ শিক্ষানুষ্ঠানখনৰ আচাৰ্য হকক গ্ৰেপ্তাৰ কৰি যোৱা ১৩ মাৰ্চত তেজপুৰস্থ ন্যায়িক দণ্ডাধীশ হৃদয়জ্যোতি কাশ্যপৰ আদালতত হাজিৰ কৰাইছিল ৷

উক্ত দিনা আদালতে আচাৰ্যগৰাকীক ন্যায়িক জিম্মাত লোৱাৰ পিছত তেওঁৰ জামিন আবেদনকলৈ ১৮ মাৰ্চত শুনানিৰ দিন ধাৰ্য কৰিছিল ৷ সেইমৰ্মে যোৱা ১৮ মাৰ্চত দুয়োপক্ষৰ অধিবক্তাৰ যুক্তি আৰু আপত্তি প্ৰদৰ্শনৰ অন্তত আদালতে আচাৰ্য হকৰ জামিন আবেদন খাৰিজ কৰি পুনৰ তেওঁক ন্যায়িক জিম্মাত লৈ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৷

যোৱা ২১ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত আচাৰ্য হকৰ জামিন আবেদনক লৈ অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষই যুক্তি-আপত্তি দৰ্শায় ৷ উভয়পক্ষৰ যুক্তি-আপত্তিৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে আচাৰ্যগৰাকীৰ জামিনৰ ৰায় সংৰক্ষিত কৰি ৰাখে ৷

শোণিতপুৰৰ ঢেকিয়াজুলিত ৰুজু হোৱা গোচৰত তেজপুৰত যোৱা ১৩ মাৰ্চৰ পৰা ন্যায়িক জিম্মাত থকা আচাৰ্য মহবুুবুল হকৰ জামিন আবেদনখন সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰাৰ ৰায়দান দিয়ে ৷ ইয়াৰ পিছতে গুৱাহাটীৰ পৰা আচাৰ্য হকৰ পক্ষৰ যথেষ্টসংখ্যক লোক আৰু ইউ এছ টি এমৰ একাংশ বিষয়ববীয়া আদালতে প্ৰদান কৰা ৰায়ৰ নিৰ্দেশপত্ৰসহ সন্ধিয়া তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ কৰ্তৃপক্ষক উক্ত পত্ৰ অৰ্পণ কৰে ৷ সেইমৰ্মে কাৰাগাৰ কৰ্তৃপক্ষই নিয়মমাফিক আচাৰ্য মহবুবুল হকক মুকলি কৰি দিয়ে ৷

সন্ধিয়া ৬.১০ বজাত কাৰাগাৰৰ পৰা ওলোৱাৰ লগে লগেই আচাৰ্যগৰাকীক তেওঁৰ শিক্ষা প্ৰতিষ্ঠানখনৰ কৰ্মকৰ্তাসকলে ব্যক্তিগত কটকটীয়া নিৰাপত্তাৰ মাজেৰে এখন ফৰ্চুনাৰ বাহনত উঠাই ততাতৈয়াকৈ কাৰাগাৰ চৌহদ ত্যাগ কৰে ৷

উল্লেখ্য যে বাহনত উঠাৰ পূৰ্বে সাংবাদিকৰ প্ৰশ্নোত্তৰত আচাৰ্য মহবুবুল হকে কোনোধৰণৰ মন্তব্য দিয়াৰ পৰিৱৰ্তে “থেংক ইউ তেজপুৰ প্ৰেছ” বুলি কৈ সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক: কি অভিযোগত গ্ৰেপ্তাৰ হ'ল USTM ৰ স্বত্বাধিকাৰী মহবুবুল হক ? - USTM CHANCELLOR MAHBUBUL HAQUE